শ্যামল মিত্ৰ
শ্যামল মিত্ৰ (ইংৰাজী: Shyamal Mitra, ১৪ জানুৱাৰী ১৯২৯-১৫ নৱেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় বহুমুখী প্ৰতিভাৰ নেপথ্য কণ্ঠশিল্পী, সঙ্গীত পৰিচালক তথা চলচ্চিত্ৰ প্ৰযোজক আছিল। বঙালী সঙ্গীত উদ্যোগৰ সোণালী সময়চোৱাৰ তেওঁ প্ৰসিদ্ধ ব্যক্তিত্ব আছিল। তেওঁৰ বেৰিটোন কণ্ঠত বহুমাত্ৰিক আবেগৰ প্ৰতিফলন ঘটিছিল। তেওঁ নেপথ্য কণ্ঠশিল্পী হিচাপে এশ আৰু সঙ্গীত পৰিচালক হিচাপে পঞ্চাশৰ অধিক বঙালী চলচ্চিত্ৰত কাম কৰিছে। তেওঁ আধুনিক বঙালী গীতৰ উপৰিও অসমীয়া, হিন্দী, ওড়িয়া আদি অন্যান্য ভাষাতো গীত গাইছে।[1] প্ৰাৰম্ভিক জীৱনকলকাতাৰ ওচৰৰ নৈহাটীত শ্যামল মিত্ৰৰ জন্ম হৈছিল। শেয়াখালাৰ ওচৰৰ পতুল আছিল তেওঁলোকৰ পৈতৃক গাঁও। তাত দেউতাক সাধন কুমাৰ দত্ত এজন বিশিষ্ট্য চিকিৎসক আছিল। দেউতাৰ ইচ্ছা আছিল, পুতেকো তেওঁৰ দৰে চিকিৎসক হওক। কিন্তু মিত্ৰৰ সঙ্গীতৰ প্ৰতিহে অধিক অনুৰাগ আছিল আৰু মাক তথা স্থানীয় গায়ক মৃণাল কান্তি ঘোষৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত বহু মানুহ সাধনবাবুৰ ঘৰলৈ আহিছিল আৰু তেনেকৈয়ে এদিন সলিল চৌধুৰীৰ সংস্পৰ্শলৈ আহিবলৈ সক্ষম হৈছিল। গণনাট্য সংঘৰ ৰোডশ্ব’ত তেওঁ আৰু সৰু ভনীয়েক ৰেবাই "অ’ আলোৰ পথযাত্ৰী" গীতটো গাইছিল।[2] মিত্ৰই হুগলী মহচিন কলেজৰ পৰা স্নাতক হয়। কলেজত পঢ়ি থাকোঁতে তেওঁ আধুনিক সঙ্গীতৰ এজন যশস্বী ব্যক্তিত্ব সতীনাথ মুখোপধ্যায়ক লগ পায়। মুখোপধ্যায়ে তেওঁক অনুপ্ৰেৰণা যোগায়। তাৰপিছত তেওঁ কলকাতালৈ যায় আৰু তাত সুধীৰলাল চক্ৰৱৰ্তীক লগ ধৰে। সেই লগধৰাই তেওঁৰ জীৱনৰ গতি সলাই দিলে। ১৯৪৯ত সুপ্ৰীতি ঘোষৰ "সুনন্দাৰ বিয়ে" ছবিত গীত গাবলৈ আৰু সুধীৰলাল চক্ৰৱৰ্তীৰ তত্ত্বাৱধানত এইচ.এম.ভিত আধুনিক বঙালী গীতৰ বাণীবদ্ধ কৰিবলৈ সুযোগ পোৱালৈকে তেওঁ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। ১৯৫২ চনত সুধীৰলাল চক্ৰৱৰ্তীৰ শোকাবহ মৃত্যুৰ পিছত "স্মৃতি তুমি বেদনাৰ" বাণীবদ্ধ কৰে। তাৰপিছত তেওঁ আৰু পিছলৈ উভতি চাবলগা হোৱা নাই।[2] কৰ্ম জীৱনপঞ্চাশ আৰু ষাঠিৰ দশকৰ প্ৰাৰম্ভত মিত্ৰই "জয় মা কালী বোৰ্ডিং", "যমালয়ে জীৱন্ত মানুষ", "ভ্ৰান্তি বিলাস" আদি জনপ্ৰিয় ছবিত সঙ্গীত পৰিচালনা কৰিছিল। এই সময়চোৱাৰ ভিতৰত তেওঁ বহু কেইখন বঙালী ছবিৰ গীত গাইছিল। ১৯৬৩ চনত দেয়া-নেয়া নামৰ ছবি এখন প্ৰযোজনা কৰিছিল। তাৰপিছত "ৰাজকন্যা", "খেয়া" আৰু "আমি সে শাখা" প্ৰযোজনা কৰিছিল। "গড় নাচিমপুৰ" ছবিখন তেওঁ প্ৰযোজনা কৰাৰ উপৰিও পৰিবেশনো কৰিছিল। পঞ্চাশৰ দশকত তেওঁ মুম্বাইলৈ যায়। তাত তেওঁ সলিল চৌধুৰীৰ সঙ্গীত পৰিচালনাত তিনিখন হিন্দী ছবি- "মুচাফিৰ" (১৯৫৭),"বিৰাজ" (১৯৫৪) আৰু "নৌকৰী"ত (১৯৫৪) গীত গায়। তেওঁ শক্তি সামন্তৰ "অমানুষ", "আনন্দ আশ্ৰম", এফ. চি. মেহৰাৰ "বন্দী", বাসু চেতাৰ্জীৰ "চফেদ ঝুঠ", "মমতা" আদি ছবিতো কাম কৰে। তেওঁ পুনৰ কলকাতালৈ উভতি আহে আৰু বহুতো আধুনিক আৰু চলচ্চিত্ৰীয় বঙালী গীতৰ সৃষ্টি কৰে। আকাশবাণীৰ সৈতে মিত্ৰৰ এক দীঘলীয়া সম্পৰ্ক আছিল। তেওঁ আৰতি মুখাৰ্জী আৰু অসীমা মুখাৰ্জীৰ সৈতে আকাশবাণীৰ বিখ্যাত মহিষাসুৰ মৰ্দ্দিনী শীৰ্ষক সঙ্গীতালেখ্যখনৰ "শুভ্ৰ আকাশী ৰবে" শীৰ্ষক গীতটো গাইছিল। চলচ্চিত্ৰীয় আৰু আধুনিক গীত গোৱাৰ উপৰিও তেওঁ ৰবীন্দ্ৰ গীতি, নজৰুল গীতি, শিশুৰ গীত আৰু অতুল প্ৰসাদীতো কণ্ঠ নিগৰাইছে। "বিবি আনন্দময়ী" নামৰ এখন যাত্ৰা পালা এখনতো তেওঁ সঙ্গীত দিছিল। এগৰাকী সঙ্গীত পৰিচালক হিচাপে মিত্ৰই হেমন্ত মুখাৰ্জী, তৰুণ বন্দোপধ্যায়, ধনঞ্জয় ভট্টাচাৰ্য, প্ৰতিমা বন্দোপধ্যায়, সন্ধ্যা মুখোপাধ্যায়, সতীনাথ মুখোপধ্যায়, ইলা বসু, সুপ্ৰীতি ঘোষ, গায়ত্ৰী বসু, তালাত মেহমুদ, কিশোৰ কুমাৰ আদিৰ দৰে প্ৰতিষ্ঠিত শিল্পীক গীত গোৱাইছে। এগৰাকী অভিনেতা হিচাপে তেওঁ "সাৰে ৭৪", "শাপমোচন" আদি বঙালী ছবিত অভিনয় কৰিছে। অসমীয়া চলচ্চিত্ৰমিত্ৰই বহুকেইখন অসমীয়া ছবিত গীত গাইছে। ওপৰ মহলা ছবিখনত গীত গোৱাৰ উপৰিও ইয়াৰ সঙ্গীতো পৰিচালনা কৰিছে।
মৃত্যু১৯৮৭ চনৰ ১৫ নৱেম্বৰত শ্যামল মিত্ৰৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী প্ৰতিমা মিত্ৰ, পুত্ৰ শৈৱাল মিত্ৰ আৰু সৈকত মিত্ৰ, কন্যা মনোবিনাক এৰি থৈ যায়। পুতেক সৈকতে দেউতাকৰ কৰ্মৰ উত্তৰাধিকাৰ স্বৰূপে শ্যামল মিত্ৰৰ গীতসমূহ গাই বঙালী সঙ্গীতৰ জগতত প্ৰতিষ্ঠা লাভ কৰিছে।[2] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia