ভাৰতীয় গণনাট্য সংঘ
ভাৰতীয় গণনাট্য সংঘ (ইংৰাজী: Indian People's Theatre Association, IPTA) ভাৰতৰ থিয়েটাৰ শিল্পীসকলৰ আটাইতকৈ পুৰণি সংস্থা। ব্ৰিটিছৰ শাসন কালত ১৯৪৩ চনত গণনাট্য সংঘ প্ৰতিষ্ঠা কৰা হৈছিল আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে সম্পৰ্কিত বিষয়-বস্তুৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব দিছিল। সংস্থাটোৰ উদ্দেশ্য আছিল ভাৰতীয় জণগণৰ মাজত সাংস্কৃতিক সচেতনতা বঢ়োৱা।[1] সূত্ৰপাতগণনাট্য সংঘৰ বাঙ্গালোৰ গোট স্থাপন হৈছিল ১৯৪১ চনত।[2] শিল্পীসকলো যাতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অংশীদাৰ হ’ব পাৰে, সেই উদ্দেশ্য আগত ৰাখি সৰ্ব ভাৰতীয় পৰ্যায়ত ১৯৪৩ চনৰ ২৫ মে’ত বোম্বেৰ মাৰোৱাৰী স্কুলত অনুষ্ঠিত হোৱা থিয়েটাৰ শিল্পীসকলৰ ৰাষ্ট্ৰীয় অভিবৰ্তনত ভাৰতীয় গণনাট্য সংঘ প্ৰতিষ্ঠা হৈছিল। প্ৰকৃতাৰ্থত ১৯৩৬ চনত অনুষ্ঠিত হোৱা প্ৰগতিশীল লেখকসকলৰ অভিবৰ্তনত ইয়াৰ অঙ্কুৰণ হৈছিল। ১৯৪০ চনত কলকাতাত যুব সাংস্কৃতিক প্ৰতিষ্ঠান স্থাপিত হৈছিল আৰু ১৯৪১ চনত বাঙ্গালোৰত অনিল দে চিলভাৰ দ্বাৰা গণনাট্যসংঘ প্ৰতিষ্ঠা হৈছিল। ইয়াৰ প্ৰাৰম্ভিক সদস্যসকলৰ মাজত বিভিন্ন প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠী আৰু থিয়েটাৰ গোটৰ সদস্য তথা অন্যান্য প্ৰগতিশীল সাংস্কৃতিক কৰ্মী আছিল। গণনাট্য বা পিপ'লছ থিয়েটাৰ নামটো প্ৰসিদ্ধ বিজ্ঞানী হোমি জাহাঙ্গীৰ ভাবাৰ পৰামৰ্শ মতে দিয়া হৈছিল আৰু এই ক্ষেত্ৰত ভাবাই ৰোমেইন ৰোলেণ্ডৰ কিতাপখনৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।[3] ইয়াৰ প্ৰাৰম্ভিক কাৰ্য-কলাপৰ ভিতৰত অন্যতম আছিল বঙ্গ সাংকৃতিক গোষ্ঠীৰ বিনয় ৰায়ৰ বাটৰ নাট। ৰায়ে বাটৰ নাটৰ যোগে ১৯৪২ চনৰ বঙ্গৰ মানৱ-সৃষ্ট দুৰ্ভিক্ষৰ বিষয়ে অৱগত কৰিব বিচাৰিছিল। তেওঁলোকে পৰিবেশন কৰা এটা কোৰাচ ‘ভুখা হ্যায় বেঙ্গল’ ৰচনা কৰিছিল বাল্মিক জৌনপুৰীয়ে। সাংস্কৃতিক গোষ্ঠীটোত আছিল- যাদুকৰ প্ৰেম ধাৱান, ঢোলবাদক দশৰথ লাল, কণ্ঠশিল্পী ৰেবা ৰায় আৰু অভিনেত্ৰী উষা দত্ত। এওঁলোকৰ দ্বাৰা অনুপ্ৰাণিত হৈ আগ্ৰা সাংস্কৃতিক গোষ্ঠী তথা অন্যান্য বহুকেইটা গোষ্ঠী সৃষ্টি হৈছিল। পৰৱৰ্তী সময়ত এই স্থানীয় গোটবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সংগঠিত কৰিবলৈ গণনাট্য গঠন কৰা হৈছিল।[3] আদৰ্শগত ভাবে এই গোটবোৰ বাম আন্দোলন আৰু সেই সময়ৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক পি.চি. যোশী প্ৰগতিশীল লেখক সংস্থাৰ সাধাৰণ সম্পাদক চাজ্জাদ জাহিৰৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।[3] প্ৰাৰম্ভিক সদস্যগণনাট্য সংঘৰ আৰম্ভণি পৰ্যায়ৰ কিছু সদস্য হ’ল- পৃথ্বিৰাজ কাপুৰ, খাজা আহমেদ আব্বাছ, বিনয় ভট্টাচাৰ্য, বলৰাজ সাহনী, ঋত্বিক ঘটক, উৎপল দত্ত, এচ. তেৰা সিং চান, জগদীশ ফৰিয়াদী, খলিল ফৰিয়াদী, ৰাজেন্দ্ৰ ৰঘুবংশী, চফদৰ মীৰ, হাচান প্ৰেমানী, অমিয় বসু, সুধীন দাশগুপ্ত আদি। দ্বিতীয় বিশ্বযুদ্ধ, বঙ্গৰ দুৰ্ভিক্ষ আৰু ইয়াৰ ফলত হোৱা মৃত্যু, ব্ৰিটিছৰ বিৰুদ্ধে সমগ্ৰ ভাৰত জুৰি গঢ়ি উঠা ভাৰত ত্যাগ আন্দোলন আদিৰ পৃষ্ঠভূমিত এইসকল ১৯৪২ চনত গোট খাইছিল। ১৯৪৩ চনত বোম্বেত হোৱা অভিবৰ্তনত এনেহেন সংকটপূৰ্ণ সময়ক থিয়েটাৰৰ মাধ্যমেৰে তুলি ধৰা আৰু ৰাইজক নিজৰ অধিকাৰ আৰু দায়িত্বৰ বিষয়ে সচেতন কৰাৰ বিষয়ে এই গোটটোৱে তেওঁলোকৰ ধাৰণা আৰু উদ্দেশ্য উপস্থাপন কৰিছিল। এই অভিবৰ্তনৰ পিছতে ভাৰত জুৰি গণনাট্য সংঘৰ কমিটি গঠন হৈছিল। গণনাট্য[4] তথ্য উৎস
|