সুধীন দাশগুপ্ত
সুধীন দাশগুপ্ত (ইংৰাজী: Sudhin Dasgupta, ৯ অক্টোবৰ ১৯২৯ – ১০ জানুৱাৰী ১৯৮২) বিশিষ্ট বঙালী সংগীত পৰিচালক, গীতিকাৰ আৰু কণ্ঠশিল্পী আছিল। তেওঁ হিন্দী, অসমীয়া, উৰিয়া আদি বিভিন্ন ভাৰতীয় ভাষাত অৱদান আগবঢ়াইছে। তেওঁ বাঙালী সংগীতৰ ক্ষেত্ৰখনত নতুন দিগন্তৰ সূচনা কৰিছিল। ব্যক্তিগত জীৱন![]() সুধীন্দ্ৰনাথ দাশগুপ্ত ১৯২৯ৰ ৯ অক্টোবৰত জন্ম হৈছিল, সুধীন দাশগুপ্ত নামেৰে অধিক জনাজাত আছিল। তেওঁ দাৰ্জিলিঙত ডাঙৰ-দীঘল হৈছিল।[1] তেওঁৰ পৈতৃক ঘৰ বৰ্তমানৰ বাংলাদেশৰ যশোৰ জিলাৰ কালিয়া গাঁৱত আছিল। দেউতাক মহেন্দ্ৰনাথ দাশগুপ্ত দাৰ্জিলিঙৰ চৰকাৰী স্কুলৰ শিক্ষক আছিল। মাক এগৰাকী সমাজকৰ্মী আছিল। সুধীন দাশগুপ্ত সৰুৰে পৰা সংগীতত পাৰদৰ্শিতা অৰ্জন কৰিছিল। তেওঁ সমান দক্ষতাৰে চেতাৰ, সৰোদ, হাৰমনিয়াম, পিয়ানো, মেণ্ডলিন, গীটাৰ, ভায়োলিন, এচৰাজ, পাৰকিউচন, তবলা, ড্ৰাম আদি বিভিন্ন বাদ্যযন্ত্ৰ বজাব জানিছিল। তেওঁ লণ্ডনৰ ৰয়েল স্কুল অৱ মিউজিকৰ পৰা সংগীতত স্নাতক উপাধি লৈছিল। তেওঁ বহুবিধ খেলো খেলিব জানিছিল। কলকাতাত থকাৰ সময়ত তেওঁ ভৱানীপুৰ ক্লাৱৰ হকী দলৰ সদস্য আছিল। ১৯৪৯-৫০ত দাশগুপ্তহঁতৰ পৰিয়ালটো কলকাতালৈ স্থায়ীভাবে গুছি আহিছিল। এইখিনি সময়তে তেওঁ ক্ৰমাৎ বাঙালী আধুনিক সংগীতৰ সৈতে জড়িত হৈ পৰিছিল। কিংবদন্তি সংগীত পৰিচালক কমল দাশগুপ্তৰ সহকাৰী হিচাপে দায়িত্ব লোৱাৰ উপৰিও গণনাট্য সংঘৰ কলকাতা উত্তৰ বাহিনীৰ বাবে গীত সৃষ্টি কৰাৰ দায়িত্ব লৈছিল। এইচ এম ভিৰ ক্ষীতিশ বসুক লগ পোৱাৰ পিছত আধুনিক বঙালী গীত সৃষ্টি কৰিবলৈ এটা সুযোগ দিয়ে। ১৯৫৩ চনত প্ৰথমবাৰৰ বাবে বেচু দত্তৰ কতো আশা, কতো ভালোবাসা আৰু কেনো আকাশ হতে শীৰ্ষক দুটি আধুনিক বঙালী গীতৰ সুৰাৰোপ কৰে। দাশগুপ্তৰ বৈচিত্ৰ্যময় সাঙ্গীতিক যাত্ৰা মৃত্যুৰ সময়লৈকে অব্যাহত আছিল।[2] দাশগুপ্তই মঞ্জুশ্ৰী সেনগুপ্তক বিয়া কৰাইছিল। তেওঁৰ পুত্ৰ সৌম্য এজন আৰ্কিটেক্ট আৰু জীয়ৰী সবেৰী এজনী ফেচন ডিজাইনাৰ। চলচ্চিত্ৰপঞ্জীবঙালী ছবি
অসমীয়া ছবি
বঁটাদাশগুপ্তই ১৯৭২ চনত বঙালী ছবি পিকনিকৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বেঙ্গল ফিল্ম জাৰ্ণেলিষ্ট এচোচিয়েচন বঁটা লাভ কৰিছিল। তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia