অপৰাজেয় (চলচ্চিত্ৰ)
অপৰাজেয় (ইংৰাজী: Aparajeyo) ১৯৭০ চন ৬ মে'ত মুক্তিপ্ৰাপ্ত সমান্তৰাল ধাৰা বা কলাত্মক ধাৰাৰ প্ৰভাৱপুষ্ট প্ৰথম অসমীয়া চলচ্চিত্ৰ। ছবিখন ক'লা-বগাকৈ নিৰ্মাণ কৰা হৈছিল। ফণী তালুকদাৰৰ 'মোৰে মলুৱা' শীৰ্ষক অঁনাতাৰ নাটক এখনৰ আধাৰত অতুল বৰদলৈয়ে চিত্ৰনাট্য ৰচনা কৰা ছবিখন 'চতুৰঙ্গ' নামত চাৰিজন পৰিচালকে পৰিচালনা কৰিছিল। পৰিচালক কেইগৰাকী আছিল- ফণী তালুকদাৰ, অতুল বৰদলৈ, গৌৰী বৰ্মন আৰু মুনীন বায়ন। সঙ্গীত পৰিচালনা কৰিছিল সলিল চৌধুৰীয়ে। নায়িকা আছিল বঙালী আৰু হিন্দী কথাছবিৰ প্ৰখ্যাত অভিনেত্ৰী ৰাখী। তেওঁ এজনী পূৰ্ববঙ্গীয় বঙালী ভগনীয়া ছোৱালীৰ ভাও লৈছিল। নায়কৰ ভাওত আছিল নৱাগত প্ৰশান্ত হাজৰিকা। অন্য এটা মুখ্য ভাওত আছিল পৰাগধৰ চলিহা। সত্ৰনগৰী বৰপেটাৰ পটভূমিত ৰচিত কাহিনীভাগৰ কেন্দ্ৰীয় বিষয় হ'ল, এজনী পূৰ্ববঙ্গীয় ভগনীয়া ছোৱালী আৰু এজন বৰপেটীয়া ডেকাৰ প্ৰেম আৰু বিভিন্ন সংস্কাৰে ভৰা সমাজখনৰ বাধা-বিপত্তি দূৰ কৰি লক্ষ্যস্থানত উপনীত হোৱাৰ প্ৰয়াস। কাহিনীৰ বিকাশত নাওখেলে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।[1] নিৰ্মাণঅপৰাজেয়ৰ বৰ্হিদৃশ্য গ্ৰহণ বৰপেটা সত্ৰ, মানাহ, উজনি অসমৰ চাহ বাগিছা, উত্তৰ গুৱাহাটীৰ ওচৰৰ গাঁও আদিত কৰা হৈছিল। ছবিখনত আছিল বৰপেটাৰ বিখ্যাত নাওখেলৰ দৃশ্য আৰু বলিউডৰ নৃত্যপটিয়সী লক্ষীছায়াৰ এটি নৃত্য। এই নৃত্যটোৰ দৃশ্যগ্ৰহণ তথা ৰাখীৰ ওঁঠত দিয়া আৰু লতা মঙ্গেশকাৰে গোৱা গীতৰো বাণীবদ্ধন মুম্বাইৰ ষ্টুডিঅ'ত কৰা হৈছিল।[1] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia