মহিষাসুৰ ( সংস্কৃত: महिषासुर, IAST: Mahiṣāsura ) হিন্দু ধৰ্মৰ এটা ম'হ অসুৰ। হিন্দু সাহিত্যত তেওঁক আকৃতি সলনি কৰি নিজৰ অশুভ পথ অনুসৰণ কৰা প্ৰতাৰক অসুৰ হিচাপে চিত্ৰিত কৰা হৈছে। [1] [2] [3] মহিষাসুৰ আছিল অসুৰ ৰম্ভ আৰু মহিষী নামৰ এগৰাকী মাইকী ম'হৰ পুত্ৰ। অৱশেষত তেওঁক দেৱী দুৰ্গাই তেওঁৰ ত্ৰিশূলৰ সহায়ত হত্যা কৰে আৰু তাৰ পিছত তেওঁ মহিষাসুৰমৰ্দিনী ("মহিষাসুৰৰ হত্যাকাৰী") উপনাম লাভ কৰে। মহিষাসুৰৰ গজাসুৰ নামৰ এজন পুত্ৰ আছিল।
নৱৰাত্ৰি উৎসৱে মহিষাসুৰ আৰু দুৰ্গাৰ মাজত হোৱা এই যুদ্ধক উপস্থাপন কৰে, যাৰ শিখৰত উপনীত হৈ বিজয়া দশমী পালন হয়। এয়া মহিষাসুৰৰ চূড়ান্ত পৰাজয়ৰ উদযাপন। "অশুভৰ ওপৰত শুভৰ জয়"ৰ এই কাহিনীটোৱে হিন্দু ধৰ্মত গভীৰ প্ৰতীকবাদ বহন কৰে, বিশেষকৈ শক্তিবাদত, আৰু দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ বহু হিন্দু মন্দিৰৰ দেৱী মহাত্ম্যত বৰ্ণিত হৈছে। [4]
আদি শংকৰৰ মহিষাসুৰমৰ্দিনী স্তোত্ৰ তেওঁৰ কিংবদন্তিৰ স্মৃতিত ৰচনা কৰা হৈছিল। [7]
কিংবদন্তী
ভাৰত,নেপাল আৰু দক্ষিণ-পূৱ এচিয়াৰ বিভিন্নস্থানত উদ্ধাৰহোৱা শিল্পকৰ্মত মহিষাসুৰক দুৰ্গাৰ দ্বাৰা বধ চিত্ৰত কৰা হৈছে |
৯ শতিকা, কাশ্মীৰ | ৯ শতিকা, কাশ্মীৰ
|
১৩ শতিকা, কৰ্ণাটক | ১৩ শতিকা, কৰ্ণাটক
|
৯ শতিকা, ইণ্ডোনেচিয়া | ৯ শতিকা, ইণ্ডোনেচিয়া
|
|
মহিষাসুৰ হৈছে মহিষ অৰ্থাৎ "ম'হ" আৰু অসুৰ অৰ্থাৎ "দানৱ"ৰ সন্ধিৰে গঠিত সংস্কৃত শব্দ, যাৰ অনুবাদ হ'ব "ম'হ দানৱ।" অসুৰ হিচাপে মহিষাসুৰে দেৱতাৰ বিৰুদ্ধে যুদ্ধ চলাইছিল, কিয়নো দেৱ আৰু অসুৰৰ মাজত চিৰকাল সংঘাত হৈছিল। মহিষাসুৰে সেই বৰ লাভ কৰিছিল যে কোনো মানুহে তেওঁক হত্যা কৰিব নোৱাৰে। দেৱতা আৰু অসুৰৰ (অসুৰ) যুদ্ধত ইন্দ্ৰৰ নেতৃত্বত দেৱসকল মহিষাসুৰৰ হাতত পৰাস্ত হৈছিল। পৰাজয়ৰ বলি হৈ দেৱতাসকলে পাহাৰত একত্ৰিত হৈছিল য'ত তেওঁলোকৰ সংযুক্ত ঐশ্বৰিক শক্তিসমূহ একত্ৰিত হৈ দেৱী দুৰ্গাত পৰিণত হৈছিল। নৱজাত দুৰ্গাই মহিষাসুৰৰ বিৰুদ্ধে সিংহত উঠি যুদ্ধৰ নেতৃত্ব দি মহিষাসুৰক হত্যা কৰে। ইয়াৰ পিছত দেৱীৰ নাম মহিষাসুৰমৰ্দিনী অৰ্থাৎ মহিষাসুৰৰ হত্যাকাৰী ৰখা হয়। [8] [9] লক্ষ্মী তন্ত্ৰ অনুসৰি দেৱী লক্ষ্মীয়েই মহিষাসুৰক নিমিষতে বধ কৰে, আৰু তেওঁৰ এই কৃতিত্বৰ প্ৰশংসা কৰি চিৰন্তন আধিপত্য আগবঢ়োৱাৰ কথা বৰ্ণনা কৰা হৈছে। [10]
মহিষাসুৰৰ কিংবদন্তি মাৰ্কণ্ডেয় পুৰাণৰ অংশ দেৱী মহাত্ম্য নামেৰে জনাজাত শক্তিবাদৰ পৰম্পৰাৰ প্ৰধান গ্ৰন্থসমূহত বৰ্ণনা কৰা হৈছে। মহিষাসুৰৰ কাহিনী মাৰ্কণ্ডেয়ই সাৱৰ্ণিকা মনুৰ জন্মৰ কাহিনী বৰ্ণনা অংশত সন্নিবিষ্ট কৰিছে। মাৰ্কণ্ডেয় পুৰাণ অনুসৰি মহীষাসুৰৰ কাহিনী দ্বিতীয় মন্বন্তৰ (বিষ্ণু পুৰাণৰ মতে প্ৰায় ১.৩ বিলিয়ন বছৰ আগতে) মহৰ্ষি মেধাই সুৰথ নামৰ এজন ৰজাক বৰ্ণনা কৰিছিল। [11] মহিষাসুৰক এনে এক দুষ্ট সত্তা বুলি বৰ্ণনা কৰা হৈছে যিয়ে নিজৰ বাহ্যিক ৰূপ সলনি কৰিব পাৰে, কিন্তু কেতিয়াও নিজৰ আসুৰিক লক্ষ্য সলনি কৰিব নোৱাৰে। [9] ক্ৰিষ্টোফাৰ ফুলাৰৰ মতে মহিষাসুৰে বাহ্যিক ৰূপে লুকাই থকা অজ্ঞানতা আৰু বিশৃংখলতাৰ শক্তিক প্ৰতিনিধিত্ব কৰে। [12] [13] দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত পোৱা হিন্দু শিল্পত (যেনে, জাভানী শিল্প) এই প্ৰতীকবাদ বহন কৰা হৈছে, য’ত দুৰ্গাক নিস্তব্ধ, শান্ত, সংগবদ্ধ আৰু সুন্দৰৰ প্ৰতীক হিচাপে দেখুওৱা হৈছে যিয়ে ভয়ংকৰ, আতংকময়, মহিষাসুৰক বধ কৰিলে। [14] [13]
কলা
দুৰ্গাৰ দ্বাৰা মহিষাসুৰৰ বধ এটা বিশিষ্ট বিষয়বস্তু যিটো সমগ্ৰ ভাৰতৰ বিভিন্ন গুহা আৰু মন্দিৰত ভাস্কৰ্য্য শিল্প হিচাপে প্ৰতিফলিত কৰা হৈছিল। কিছুমান বিশিষ্ট উপস্থাপন মহাবলীপুৰমৰ মহিষাসুৰমৰ্দিনী গুহা, ৰাণী কি বাৱৰ প্ৰৱেশদ্বাৰ, ইলোৰা গুহা, [15] হালেবিডুৰ হয়সলেশ্বৰ মন্দিৰ আৰু সমগ্ৰ ভাৰতৰ বহুতো মন্দিৰত দেখা যায়। বিহাৰ, পশ্চিম বংগ, ঝাৰখণ্ড, ওড়িশা আৰু অন্যান্য পূব ভাৰতীয় ৰাজ্যত দুৰ্গা পূজাৰ সময়ত দুৰ্গা পূজা মণ্ডপত প্ৰতিনিধিত্ব কৰা হয় য'ত দুৰ্গাই মহিষাসুৰক হত্যা কৰা চিত্ৰিত কৰা হয়। [16] মহিষাসুৰৰ কিংবদন্তি চলচ্চিত্ৰ, নাট আৰু নৃত্য-নাতিকাৰো মুখ্য বিষয় হিচাপে গুৰুত্ব লাভ কৰি আহিছে। [17]
চিত্ৰ সম্ভাৰ
-
দুৰ্গাই মহিষাসুৰক হত্যা কৰাৰ ভাস্কৰ্য, নৱম শতিকা, চিৰপুৰ মন্দিৰ, ছত্তীশগড়।
-
হিন্দু দেৱীৰ উপাসনাগৃহত দুৰ্গাক সিংহ আৰু দশভূজৰ সৈতে এগৰাকী দেৱী হিচাপে চিত্ৰিত কৰা হৈছে, প্ৰতিখন হাততেই মহিষাসুৰ বা ম 'হৰ ৰাক্ষসক পৰাজিত কৰিবলৈ অস্ত্ৰ লৈ আছে।
-
মহাবলীপুৰমৰ গুহা মন্দিৰত ম 'হৰ মূৰৰ মহিষাসুৰ
-
দুৰ্গাৰ ভৰিৰ তলত মহিষাসুৰ আইহোলমন্দিৰ
-
দুৰ্গাক
মহিষাসুৰমৰ্দিনি স্বৰূপে,
দুৰ্গা পূজাৰ সময়ত পূজা কৰা হয়।
লক্ষ্মী আৰু
গণেশকদুৰ্গাৰ বাওঁফালে আৰু
সৰস্বতীআৰু
কাৰ্তিকক সোঁফালে দেখুওৱা হয়।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Bane, Theresa (2012). Encyclopedia of Demons in World Religions and Cultures. McFarland. পৃষ্ঠা. 214. ISBN 978-0-7864-8894-0. https://books.google.com/books?id=njDRfG6YVb8C&pg=PA214.
- ↑ Amazzone, Laura (2012). Goddess Durga and Sacred Female Power. University Press of America. পৃষ্ঠা. 96–97. ISBN 978-0-7618-5314-5. https://books.google.com/books?id=PM_TNDu8NHUC.
- ↑ Kinsley, David (1988). Hindu Goddesses: Visions of the Divine Feminine in the Hindu Religious Tradition. University of California Press. পৃষ্ঠা. 96–103. ISBN 978-0-520-90883-3. https://archive.org/details/hindugoddessesvi0000kins.
- ↑ Jones, Constance; Ryan, James (2014). Encyclopedia of Hinduism. Infobase Publishing. পৃষ্ঠা. 399. ISBN 978-0816054589. https://books.google.com/books?id=hZET2sSUVsgC.
- ↑ Marlow, Chris (2019-10-29) (en ভাষাত). Navaratri: Prayers, Praises and Hymns. Lulu.com. পৃষ্ঠা. 168. ISBN 978-0-244-22986-3. https://books.google.com/books?id=ZFvTDwAAQBAJ&dq=mahishasura+mardini+stotra+adi+shankara&pg=PA168.
- ↑ Kinsley, David (1988). Hindu Goddesses: Visions of the Divine Feminine in the Hindu Religious Tradition. University of California Press. পৃষ্ঠা. 96–103. ISBN 978-0-520-90883-3. https://archive.org/details/hindugoddessesvi0000kins.
- ↑ 9.0 9.1 Lochtefeld, James G. (2002). The Illustrated Encyclopedia of Hinduism: A-M. The Rosen Publishing Group. পৃষ্ঠা. 410. ISBN 978-0-8239-3179-8. https://archive.org/details/illustratedencyc0000loch.
- ↑ Lakshmi Tantra A Pancharatra Text Sanjukta Gupta. পৃষ্ঠা. 50. http://archive.org/details/LakshmiTantraAPancharatraTextSanjuktaGupta.
- ↑ (en ভাষাত) The Markandeya Purana. Penguin Random House India Private Limited. 2019-10-24. পৃষ্ঠা. 421. ISBN 978-93-5305-671-1. https://books.google.com/books?id=kkC1DwAAQBAJ&dq=Suratha+Markandeya+Purana&pg=PT421.
- ↑ Fuller, Christopher John (2004). The Camphor Flame: Popular Hinduism and Society in India. Princeton University Press. পৃষ্ঠা. 108–109. ISBN 0-691-12048-X. https://books.google.com/books?id=To6XSeBUW3oC&pg=PA108.
- ↑ 13.0 13.1 Amazzone, Laura (2012). Goddess Durga and Sacred Female Power. University Press of America. পৃষ্ঠা. 96–97. ISBN 978-0-7618-5314-5. https://books.google.com/books?id=PM_TNDu8NHUC.
- ↑ Zimmer, Heinrich (1990). Myths and Symbols in Indian Art and Civilization. Motilal Banarsidass. পৃষ্ঠা. 195–198. ISBN 978-81-208-0751-8. https://books.google.com/books?id=jJmFDPkwj50C&pg=PA195.
- ↑ mahishasuramardini. "Rani ki vav". Frontline. http://www.frontline.in/arts-and-culture/heritage/a-queens-tribute/article6675794.ece। আহৰণ কৰা হৈছে: 26 January 2016.
- ↑ Durga Puja, Encyclopaedia Britannica
- ↑ Ahalya, Performing Arts. "Mahishasura Mardhanam - Dance drama". Ahalya Performing Arts. Archived from the original on 2021-08-14. https://web.archive.org/web/20210814155017/https://www.youtube.com/watch?v=VnqoYc1QAyw। আহৰণ কৰা হৈছে: 26 Jun 2020.
অতিৰিক্ত পঠন
বাহ্যিক সংযোগসমূহ