হয়গ্ৰীৱ মাধৱ মন্দিৰ
হয়গ্ৰীৱ মাধৱ মন্দিৰ (ইংৰাজী: Hayagriva Madhava Temple) অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত এক দেৱালয়। হাজোৰ মণিপৰ্বত নামৰ এটা টিলাৰ ওপৰত এই দেৱালয় অৱস্থিত। বিষ্ণুৰ এক অৱতাৰ "হয়গ্ৰীৱ"ক (ঘোঁৰাৰ মূৰসহ বিষ্ণু) ইয়াত পূজা-অৰ্চনা কৰা হয়। সংস্কৃত ভাষাত 'হয়' মানে 'ঘোঁৰা' আৰু 'গ্ৰীৱ'ৰ অৰ্থ 'ডিঙি'। সেয়েহে এই মন্দিৰটোক 'হয়গ্ৰীৱ মন্দিৰ' বুলি কোৱা হয়।[1] বৌদ্ধধৰ্মীসকলৰ বাবেও ই এক পবিত্ৰ স্থান। তেওঁলোকে বিশ্বাস কৰে যে গৌতম বুদ্ধই শৰীৰ ত্যাগ কৰি এই স্থানতে 'মোক্ষ' বা 'নিৰ্বাণ' লাভ কৰিছিল।[2] কিংবদন্তিপ্ৰবাদ অনুসৰি 'মধু' আৰু 'কৈতৱ' নামৰ দুটা অসুৰে বেদৰ সৃষ্টিৰ সময়ত ব্ৰহ্মাৰ পৰা সেইসমূহ চুৰ কৰি নিয়ে। ব্ৰহ্মাই বিষ্ণুক টোপনিৰপৰা জগাই বেদ উদ্ধাৰৰ বাবে অনুৰোধ কৰে। তেতিয়া বিষ্ণুৱে 'হয়গ্ৰীৱ'ৰ ৰূপ ধাৰণ কৰি ৰসাতললৈ যায় আৰু বেদসমূহ উদ্ধাৰ কৰি আনি ব্ৰহ্মাক দিয়ে। ইয়াৰ পিছত বিষ্ণুৱে উত্তৰ-পূবলৈ আহি হয়গ্ৰীৱ ৰূপতে শুই পৰে। মধু আৰু কৈতৱ ঘূৰি আহি বিষ্ণুক যুদ্ধলৈ মাতে। সেই যুদ্ধত বিষ্ণুৱে অসুৰ দুজনক পৰাস্ত কৰি প্ৰাণনাশ কৰে।[2] কালিকা পুৰাণ মতে এই তীৰ্থস্থানৰ প্ৰতিষ্ঠাতা ঔৰ্বঋষি। ভগৱান বিষ্ণুৱে ঔৰ্বঋষিৰ তপস্যা ভঙ্গকাৰী জ্ববাসুৰ, হয়াসুৰ আদি পাঁচজন অসুৰক বধ কৰি হয়গ্ৰীৱ মাধৱ নামৰ এই পৰ্বতত অৱস্থান কৰি আছে।[3] ইতিহাসহয়গ্ৰীৱ মাধৱ এক প্ৰাচীন মন্দিৰ যদিও বৰ্তমানৰ ঘৰটো পিছৰ কালৰ। কালাপাহাৰে প্ৰাচীন মন্দিৰটো ভাঙি যোৱাৰ পিছত কোচ ৰজা ৰঘূদেৱে ১৫৪৩ খ্ৰীষ্টাব্দত মন্দিৰটোৰ পুনৰ্নিৰ্মাণ কৰে।[3][4] কিছুসংখ্যক বুৰঞ্জীবিদৰ মতে পাল ৰাজবংশৰ ৰজাই ষষ্ঠ শতিকাত এই মন্দিৰ নিৰ্মাণ কৰিছিল।[5] পূৰ্ণানন্দ বৰগোহাঁইৰ দিনত কলিয়াভোমোৰা বৰফুকনৰ প্ৰথম পত্নী শয়নীয়ে মন্দিৰটোলৈ মাটি একুটুৰা আৰু চোৱাচিতাৰ বাবে এটা পাইকৰ পৰিয়াল দান কৰিছিল।[6] মন্দিৰৰ ভিতৰত কোচ ৰজা ৰঘূদেৱ আৰু আহোম ৰজা প্ৰমত্ত সিংহ আৰু কমলেশ্বৰ সিংহৰ শিলালিপি আছে। গঠনহয়গ্ৰীৱ মাধৱ মন্দিৰটো শিলেৰে নিৰ্মিত। মন্দিৰটোৰ গাত হাতীৰ প্ৰতিমূৰ্তি এলানি আছে। এইসমূহ অসমীয়া স্থাপত্যৰ নিদৰ্শন বুলি কোৱা হয়।[5] গোটেই মন্দিৰৰ গঠনটো ইটাৰ স্তম্ভৰ ওপৰত আছে যিবোৰ মূল মন্দিৰৰ লগত পিছত যোগ কৰা বুলি অনুমান কৰা হয়।[2] মন্দিৰটো তিনিটা ভাগত বিভক্ত- গৰ্ভগৃহ (তলভাগ), মধ্যভাগ আৰু শিখৰ (ওপৰভাগ)। মন্দিৰৰ বাটচ'ৰাটো গ্ৰেনাইট শিলেৰে নিৰ্মিত। গৰ্ভগৃহলৈ সোমাই যোৱা ডাঙৰ কোঠালিটো ইটাৰে সজা আৰু ৪০ ফুট×২০ ফুট আকাৰৰ। ১৪ বৰ্গফুট আৱৰা গৰ্ভগৃহ অংশটো ইটাৰে নিৰ্মিত। শিখৰ অংশটো পিৰামিড আকৃতিৰ। সন্মুখৰ কোঠালিটো শিলেৰে সজা। কোঠালিটোৰ দুয়োফালে পদুম আকৃতিত কটা শিলৰ দুখন দেৱাল আছে।[1] মন্দিৰৰ বাহিৰফালে বিষ্ণুৰ দহটা অৱতাৰ বৰ্ণনা কৰা ভাস্কৰ্য আছে যাৰ ভিতৰত বুদ্ধ নৱম।[5] আন ভাস্কৰ্যসমূহ চিনাক্ত কৰিব পৰা নাযায় যদিও বেছিভাগেই পুৰুষাকৃতিৰ আৰু হাতত ত্ৰিশূল লৈ থকা।[1] মূল মন্দিৰটোৰ কাষতে আহোম ৰজা প্ৰমত্ত সিংহই নিৰ্মাণ কৰা এটা সৰু মন্দিৰ আছে। ইয়াত প্ৰতিবছৰে দৌলোৎসৱ ধুমধামেৰে পালন কৰা হয়। মাধৱ মন্দিৰৰ ওচৰত 'মাধৱ পুখুৰী' নামৰ এটা ডাঙৰ পুখুৰীও আছে। উপাসনামন্দিৰটোৰ উপাসনাস্থলীত থকা প্ৰতিমৃতিসমূহ হৈছে হয়গ্ৰীৱ বা বুঢ়া মাধৱ, তাৰ বাওঁফালে আছে দ্বিতীয় মাধৱ বা বিষ্ণু, আৰু বৈষ্ণৱ সংস্কৃতিৰ প্ৰতীক গৰুড়। আন প্ৰতিমৃতিসমূহ হৈছে চলন্ত মাধৱ, গোবিন্দ মাধৱ আৰু বাসুদেৱৰ। বিষ্ণুৰ প্ৰতিমূৰ্তিটোৰ উৰিষ্যাৰ পুৰীৰ জগন্নাথৰ মূৰ্তিৰ লগত মিল আছে।[4] আনহাতে বৌদ্ধ লামাসকলে হয়গ্ৰীৱ মাধৱৰ মূৰ্তিটো মহামুনি অৰ্থাৎ গৌতম বুদ্ধৰ বুলি পূজা কৰে।[3] হয়গ্ৰীৱ মাধৱ মন্দিৰত দৌলোৎসৱ, বিহু আৰু জন্মাষ্টমী উলহ-মালহেৰে পালন কৰা হয়।[7] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia