কোচ ৰাজবংশ
অসম আৰু বংগৰ কোচ ৰাজবংশ (কোচ জনগোষ্ঠীৰ নামেৰে হোৱা)[2] কমতা ৰাজ্যত শাসন কৰা এক শাসক গোষ্ঠী। ১৪৯৮ চনত খেন ৰাজবংশৰ পতনৰ পিছত ১৫১৫ চনত কোচ ৰাজবংশই কমতা ৰাজ্যত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে। কোচ ৰাজবংশৰ প্ৰথম ৰজা বিশ্ব সিংহ আৰু তেওঁৰ পুত্ৰদ্বয় পৰৱৰ্তী ৰজা নৰ নাৰায়ণ আৰু সেনাপতি চিলাৰায়ে সোনকালেই কামৰূপ ৰাজ্যৰ পশ্চিম অংশ আৰু দক্ষিণ অসমৰ কিছু অংশ অধিকাৰ কৰে। পিছলৈ বংশটো দুভাগ হৈ বেলেগ বেলেগকৈ কোচ বিহাৰৰ আৰু কোচ হাজো শাসন কৰিবলৈ লয়। কোচ বিহাৰ মোগলসকলৰ তলতীয়া হৈ পৰে আৰু কোচ হাজো আহোমৰ নিয়ন্ত্ৰণলৈ আহে। ব্ৰিটিছৰ শাসনত কোচ বিহাৰ তলতীয়া হৈ থাকি ভাৰতৰ স্বাধীনতা লাভৰ পিছত নিঃচিহ্ন হৈ পৰে। খাছপুৰত প্ৰতিষ্ঠা লাভ কৰা ৰাজবংশটোৰ এটা তৃতীয় শাখা কছাৰী ৰাজ্যৰ অন্তৰ্গত হৈ পৰে। ইতিহাসঐতিহাসিক পটভূমিপাল ৰাজবংশৰ পতনৰ পিছত কামৰূপ ৰাজ্য বেলেগ বেলেগ ঠাইত ভাগ হৈ পৰে। একেবাৰে পূবত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে চুতীয়া ৰাজ্য গঢ় লৈ উঠে। ব্ৰহ্মপুত্ৰ দক্ষিণে আহোম ৰাজ্য আৰু ইয়াৰ পশ্চিমফালে কছাৰী ৰাজ্যই প্ৰতিষ্ঠা লাভ কৰে। তাৰো পশ্চিমফালে আছিল বাৰভূঞা সামন্তসকলৰ ৰাজ্য আৰু তাৰ পশ্চিমত আছিল কমতা ৰাজ্য। কোচসকলৰ শাসনৰ আগতে কমতাত থকা শেষজন ৰজা আছিল নীলাম্বৰ। ১৪৯৮ চনত গৌৰৰ আলাউদ্দিন হুছেইন ছাহে তেওঁক পৰাস্ত কৰি ৰাজ্য অধিকাৰ কৰে আৰু পুত্ৰ দানিয়েলক ইয়াৰ শাসনকৰ্তা পাতে। কিছুদিন পিছতে হাৰুপ নাৰায়ণৰ নেতৃত্বত বাৰভূঞাসকলে দানিয়েলক যুদ্ধত পৰাস্ত কৰি বধ কৰে।[3] এনে সময়তে কোচ (মেচ) জনগোষ্ঠীৰ নেতা হাড়িয়া মণ্ডল আৰু তেওঁৰ কোচ পত্নী হীৰাৰ বিশু নামৰ এজন পুত্ৰ জন্ম হয়। বিশুৱে ডাঙৰ হৈ ভিন ভিন জনগোষ্ঠীবোৰক একত্ৰিত কৰি বাৰভূঞাসকলক পৰাস্ত কৰে আৰু সমগ্ৰ কমতা অঞ্চলৰ শাসনভাৰ লয়। তেঁৱেই বিশ্ব সিংহ নাম গ্ৰহণ কৰে। কোচ ৰাজবংশৰ আৰম্ভণিকোচ ৰাজবংশৰ প্ৰথম শাসক আছিল বিশ্ব সিংহ। তেওঁ ১৫১৫ চনত কমতা ৰাজ্যৰ ৰাজপাটত উঠে। জে এন চৰকাৰৰ মতে বিশ্ব সিংহ এটা ক্ষমতাৱান কোচ জনগোষ্ঠীৰ লোক অছিল[4] যি মেছ, গাৰো, থাৰু আৰু দ্ৰাবিড়িয়ানৰ লগত মিল থকা কিছুমান মঙ্গোলীয় গোষ্ঠীৰ সমষ্টি আছিল।[5][6] বিশুৱে ক্ষমতা লাভ কৰাৰ লগে লগে ব্ৰাহ্মণ পণ্ডিতসকলে কোচ ৰাজবংশক দৈৱিক শক্তিৰ অধিকাৰী বুলি প্ৰচাৰ কৰি তেওঁলোকক ক্ষত্ৰিয়ৰ মৰ্যাদা দিয়ে। ইয়াৰ পিছত লাহে লাহে কোচসকল হিন্দুলৈ ৰূপান্তৰিত হ'ল।[7] বিশ্ব সিংহৰ পিতৃ হাৰিয়া মণ্ডলকে কোচসকলৰ আদি পুৰুষ বুলি কোৱা হয়।[8] তেওঁ পুৰণি গোৱালপাৰা জিলাৰ চিকণাবাৰী গাঁৱৰ বাৰটা সকলোতকৈ ক্ষমতাশালী মেছ পৰিয়ালৰ মুখিয়াল আছিল। তেওঁ "হাজো" নামৰ এজন কোচ নেতাৰ (তেওঁৰ পৰাই কোচ হাজো নাম হয়) জীয়েক জীৰা আৰু হীৰাক বিয়া কৰায়। হীৰাৰ গৰ্ভতে বিশ্ব সিংহৰ জন্ম হয়।[9] বিশ সিংহই শক্তিশালী বাৰভূঞাসকলৰ বিৰুদ্ধে জনগোষ্ঠীয় নেতাসকলক সহায় খোজে[10] আৰু ১৫০৯ চনমানত তেওঁৰ অভিযান আৰম্ভ কৰে।[11] তেওঁ ঔগুৰি, বনগাঁও, ফুলগুৰি, বিজনী, পাণ্ডু আদি ঠাইত ভূঞাসকলক পৰাস্ত কৰে। কৰ্ণপুৰৰ ভূঞাক হৰুৱাবলৈ তেওঁ কষ্ট কৰিবলগীয়া হয়। ইয়াৰ পিছত তেওঁ ১৫১৫ চনত পূবত বৰনদী নৈ আৰু পশ্চিমে কৰতোৱা নৈক সীমা হিচাপে ধৰি নিজকে কমতাৰ ৰজা ঘোষণা কৰে।[10][12] তেওঁ ৰাজধানী চিকণাৰ পৰা এতিয়াৰ কোচবিহাৰ নগৰ পৰা কেইমাইলমান দক্ষিণপূবে থকা কমতাপুৰলৈ (কান্তাপুৰ বুলিও কোৱা হয়) তুলি আনে।[13] বিশ্ব সিংহৰ নৰনাৰায়ণে ৰজা হৈ আৰু শুক্লধ্বজে (চিলাৰায়) সেনাপতিৰূপে কোচ ৰাজ্যক উন্নতিৰ শিখৰলৈ লৈ যায়। নৰনাৰায়ণে চিলাৰাইৰ পুত্ৰ ৰঘূদেৱক ৰাজ্যৰ পূব অংশ কোচ হাজোৰ শাসক পাতে। নৰনাৰায়ণৰ মৃত্যুৰ পিছত ৰঘূদেৱে নিজকে স্বাধীন ৰজা ঘোষণা কৰে। ইয়াৰ পিছতে কমতা ৰাজ্যখন স্থায়ীভাৱে কোচ বিহাৰআৰু কোচ হাজোত ভাগ হয়। নৰনাৰায়ণ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সংস্পৰ্শলৈ আহিছিল আৰু জীৱনৰ শেষৰ তিনিবছৰ তেওঁৰ সভাত গুৰুজনাক স্থান দিছিল। শঙ্কৰদেৱে কোচ ৰাজ্যত এখন সত্ৰও স্থাপন কৰিছিল। কোচ বিহাৰৰ ইতিহাসব্ৰিটিছ শাসনত কোচ বিহাৰ বুলি জনা যোৱা ৰাজ্যখন ৪ৰ্থ শতিকাৰ পৰা ১২শ শতিকালৈ কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল আৰু ইয়াত বৰ্মন, ম্লেছ আৰু পাল ৰাজবংশই শাসন কৰিছিল। ১২শ শতিকাৰ পৰা অঞ্চলটো কমতা ৰাজ্যৰ অন্তৰ্গত হয় য'ত প্ৰথমে খেন ৰাজবংশই ৰাজধানী কমতাপুৰৰ পৰা ৰাজত্ব কৰে। সকলোতকৈ প্ৰখ্যাত খেন শাসকসকল আছিল নীলধ্বজ (১৪৪০-১৪৬০), চক্ৰধ্বজ (১৪৬০-১৪৮০) আৰু নীলাম্বৰ (১৪৮০-১৪৯৮)। থলুৱা জনগোষ্ঠী খেনসকলে প্ৰায় ১৪৯৮ চনলৈকে ৰাজত্ব কৰে আৰু তাৰপিছত গৌড়ৰ স্বাধীন পাঠান চুলতান আলাউদ্দিন হুছেইন ছাহৰ চক্ৰান্তত ৰাজ্য হেৰুৱায়। নতুন শাসকজন অহাৰ পিছত স্থানীয় বাৰভূঞা আৰু আহোম ৰজা চুহুংমুঙৰ লগত সংঘৰ্ষ হয় আৰু অঞ্চলটোৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। মুছলমানসকল গুছি যোৱাৰ পিছত ৰাজ্যখনত অশান্তিয়ে বিৰাজ কৰে। এই সময়তে স্বাধীন ভূঞাসকলে সৰু সৰু ঠাই শাসন কৰিবলৈ লয়। এওঁলোকৰ মাজত হাজো নামৰ এজন এজন কোচ ভূঞাৰ জীৰা আৰু জীৰা নামৰ দুজনী জীয়েক আছিল। অঞ্চলটোৰ সিপাৰে সংকোশ নদী আৰু চম্পাৱতী নদীৰ মাজত চিকণা পাহাৰ অঞ্চলটো (বৰ্তমানৰ গোৱালপাৰা জিলাৰ ধুবুৰীৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ উত্তৰে) হাৰিয়া মণ্ডল নামৰ এজন মেছ নেতাই শাসন কৰিছিল। চিকণাৰ লগত সম্পৰ্ক গঢ়ি তুলিবলৈ হাজোৱে তেওঁৰ জীয়েক দুজনীক হাৰিয়া মণ্ডললৈ বিয়া দিলে। জীৰাৰ গৰ্ভৰ পৰা মদন আৰু চন্দন নামৰ দুটি সন্তান আৰু হীৰাৰ গৰ্ভৰ পৰা শিশু (শিষ্য সিংহ) আৰু বিশু (বিশ্ব সিংহ)ৰ জন্ম হয়। চাৰিজন ককাই-ভাইৰ মাজত বিশু সকলোতকৈ বুধিয়ক আৰু শক্তিশালী আছিল। প্ৰবাদমতে এদিন চাৰি ককাই-ভায়ে দেৱী ভগৱতীক প্ৰাৰ্থনা কৰি আছিল আৰু ধেমালিতে তেওঁলোকৰ এজন বন্ধুক বলি হিচাপে আগবঢ়ায়। তাৰ পিছত আচৰিতভাৱে সেই বন্ধুজনৰ মূৰটো গাৰপৰা কাট খাই যায়। তুৰ্ক কটোৱালে তেওঁলোকক কৰায়ত্ত কৰিবলৈ আদেশ দিলে। তেতিয়া তেওঁলোকে অৰণ্যলৈ পলাই যায়। পিছত তেওঁলোকে সৈন্য, হাতী আদি গোটাই তুৰ্ক কটোৱালক আক্ৰমণ কৰে। মদন যুদ্ধত নিহত হয় আৰু তাৰ প্ৰতিশোধ ল'বলৈ বিশ্ব সিংহই তুৰ্ক কটোৱালক হত্যা কৰে। মাহীআই জীৰাৰ দুখ পাতলাবলৈ বিশ্ব সিংহই চন্দনক ৰজা পাতে। এনেদৰে ১৫১০ চনত কোচ ৰাজ্যৰ আৰম্ভণি হয়। ৰজাসকলঅবিভক্ত কোচ ৰাজ্যৰ শাসক
কোচ বিহাৰৰ শাসক
কোচ হাজোৰ শাসক
দৰঙৰ শাসককোচ বিহাৰৰ লক্ষ্মী নাৰায়ণৰ সহযোগত ১৬১২ চনত মোগলসকলে পৰীক্ষিত নাৰায়ণক আক্ৰমণ কৰে। পশ্চিমে সংকোশ নৈ আৰু পূবে বৰনদী নৈৰে আৱৰা তেওঁৰ ৰাজ্য সেই বছৰৰ শেষৰফালে অধিকাৰ কৰা হয়। পৰীক্ষিত নাৰায়ণক দিল্লীলৈ মোগল ৰজাৰ ওচৰলৈ পঠিওৱা হয় যদিও তেওঁৰ ভায়েক বলিনাৰায়ণে আহোম ৰাজ্যত আশ্ৰয় লয়। ভৰলী নদীলৈকে বৰনদীৰ পূব অংশটোত কোনোবা বাৰভূঞা নেতাই শাসন কৰি আছিল কিন্তু তেওঁলোকক সোনকালেই মোগলে আঁতৰাই পঠিয়ায়। ১৬১৫ চনত চৈয়দ হাকিম আৰু চৈয়দ আবা বকৰৰ নেতৃত্বত মোগলসকলে আহোম ৰাজ্য আক্ৰমণ কৰে। আহোমৰ হাতত তেওঁলোক পৰাস্ত হৈ বৰনদীলৈ পিছুৱাই যায়। আহোম ৰজা প্ৰতাপ সিংহই তাৰপিছত বলিনাৰায়ণক বৰনদী আৰু ভৰলী নৈৰ মাজত নতুনকৈ লাভ কৰা অঞ্চলটোত তলতীয়া ৰজা পাতে আৰু অঞ্চলটোক "দৰং" নাম দিয়ে। ১৮২৬ চনত ব্ৰিটিছ শাসন আৰম্ভ হোৱাৰ আগলৈকে ইয়াত বলিনাৰায়ণৰ বংশই ৰাজত্ব কৰি আছিল।[15]
বেলতলাৰ শাসকপ্ৰধান প্ৰবন্ধ: বেলতলাৰ ইতিহাস
বিজনীৰ শাসকবিজনীৰ শাসকসকলে কোচ বিহাৰৰ পূবে সংকোশ আৰু মানস নদীৰ মাজৰ অঞ্চলটোত ৰাজত্ব কৰিছিল।
খাছপুৰৰ শাসক
চিত্ৰ সংগ্ৰহ
টোকা
তথ্যসূত্ৰ
|