গায়ত্ৰী দেৱী
মহাৰাণী গায়ত্ৰী দেৱী (ইংৰাজী: Maharani Gayatri Devi; জন্ম কোঁচবিহাৰৰ ৰাজকুমাৰী গায়ত্ৰী দেৱী; ২৩ মে ১৯১৯-২৯ জুলাই ২০০৯) মহাৰজা সাৱাই মান সিং দ্বিতীয়ৰ সৈতে বিবাহসূত্ৰে ১৯৪০ৰ পৰা ১৯৪৯লৈ জয়পুৰৰ তৃতীয় মহাৰাণী আছিল।[1] প্ৰাৰম্ভিক জীৱনগায়ত্ৰী জন্মৰ বৰ্তমান পশ্চিমবঙ্গৰ অন্তৰ্গত কোচবিহাৰৰ ৰাজপৰিয়ালত হৈছিল। তেওঁৰ দেউতাক জীতেন্দ্ৰ নাৰায়ণ কোঁচবিহাৰৰ যুৱৰাজৰ কনিষ্ঠ ভাতৃ আছিল। মাক ৰাজকুমাৰী ইন্দিৰা ৰাজে আছিল বৰোদাৰ মহাৰজা সয়াজীৰাও গাইকোঁৱাৰৰ একমাত্ৰ জীয়ৰী। ইন্দিৰা ৰাজে আছিল অতীৱ সুন্দৰী আৰু কিংবদন্তী নাৰী। গায়ত্ৰী দেৱীয়ে লণ্ডনৰ গ্লেণ্ডাৱাৰ প্ৰিপাৰেটৰী স্কুলত,[2] শান্তিনিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ত[3] আৰু ছুইজাৰলেণ্ডত পঢ়া-শুনা কৰিছিল। পিছত লণ্ডন স্কুল অফ চেক্ৰেটাৰীজ, ব্ৰিলিয়ামণ্ট এণ্ড মাংকি ক্লাৱ লণ্ডনৰ পৰা চেক্ৰেটেৰীয়েল স্কীল সম্পৰ্কে অধ্যয়ন কৰে। তেওঁ ১২ বছৰ বয়সত সাৱাই মান সিং দ্বিতীয়ক লগ পায় আৰু কলকাতালৈ পলো খেলিবলৈ গৈ তেওঁলোকৰ পৰিয়ালৰ লগতে থাকে।[4] ১৯৪০ৰ ৯ মে'ত দুয়োৰো বিয়া হয়।[1] ৰাজমাতা গায়ত্ৰী দেৱীৰ নাম এবাৰ লণ্ডনৰ ভয়েজ আলোচনীত বিশ্বৰ দহগৰাকী সুন্দৰীৰ তালিকাত অন্তৰ্ভুক্ত হয়।[5] তেওঁ ১৯৪৩ চনত জয়পুৰৰ প্ৰসিদ্ধ ‘মহাৰাণী গায়ত্ৰী দেৱী গাৰ্লচ্ পাব্লিক স্কুল’ৰ আৰম্ভণি কৰে। তেওঁ জয়পুৰৰ মৃতপ্ৰায় ‘নীলা মৃৎশিল্প’ৰ পুনৰুদ্ধাৰৰ বাবেও কাম কৰিছিল।[6] ৰাজনৈতিক জীৱন১৯৬২ত গায়ত্ৰী দেৱীয়ে লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু বৃহৎ ভোটৰ ব্যৱধানত জয়ী হয়। তেওঁ ২৪৬,৫১৬টা ভোটৰ ভিতৰত লাভ কৰে ১৯২,৯০৯টা।[7] তেওঁ চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীয়ে স্থাপনা কৰা স্বতন্ত্ৰ পাৰ্টীৰ সদস্য হিচাপে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে যুঁজি ১৯৬৭ আৰু ১৯৭১ৰ লোকসভা নিৰ্বাচনতো জয়ৰ ধাৰা অব্যাহত ৰাখে।[3] ১৯৬৫ চনত লাল বাহাদুৰ শাস্ত্ৰীৰ প্ৰধানমন্ত্ৰিত্বৰ সময়ত গায়ত্ৰী দেৱীক পুনৰ কংগ্ৰেছত যোগদান কৰিবলৈ আহ্বান জনোৱা হয়। এইখিনি সময়ত তেওঁৰ স্বামীক চৰকাৰে স্পেইনৰ ৰাজদূত কৰি পঠোৱা সত্ত্বেও তেওঁ নিজৰ নীতিৰ পৰা বিচ্যুত হৈ কংগ্ৰেছত যোগদান নকৰিলে। ১৯৬৭ত স্বতন্ত্ৰ পাৰ্টীয়ে ভৈৰো সিং শেখাৱট নেতৃত্বাধীন জনসংঘৰ সৈতে হাত মিলালে। বিধানসভাৰ নিৰ্বাচনত লালপুৰা সমষ্টিত দামোদৰ লাল ব্যাসৰ হাতত গায়ত্ৰী দেৱী পৰাজিত হ’ল যদিও লোকসভাৰ নিৰ্বাচনত তেওঁ জয়লাভ কৰিলে। ১৯৭১ত চৰকাৰে দেশীয় ৰাজন্যবৰ্গক প্ৰদান কৰা ৰাজভাট্টা, ৰাজকীয় উপাধি আৰু সা-সুবিধাসমূহৰ বিলুপ্তি সাধন কৰিলে। জৰুৰীকালীন অৱস্থাৰ সময়ত গায়ত্ৰী দেৱীক কৰ আইন লঙ্ঘনৰ ভুৱা অভিযোগত গ্ৰেপ্তাৰ কৰি পাঁচমাহ তিহাৰ কাৰাগাৰত ৰখা হয়।[8] তেওঁ ৰাজনীতিৰ পৰা অৱসৰ লৈ ১৯৭৬ত শান্তা ৰামা ৰাৱে লিখা ‘এ প্ৰিঞ্চেচ্ ৰিমেম্বাৰচ্’ শীৰ্ষক তেওঁৰ জীৱনীগ্ৰন্থ প্ৰকাশ কৰে।[9] ১৯৯৯ত তেওঁ পুনৰ ৰাজনীতিত প্ৰবেশ কৰা বুলি গুজৱ ওলাইছিল। তৃণমূল কংগ্ৰেছে কোচ বিহাৰৰ পৰা তেওঁক নিৰ্বাচনত অৱতীৰ্ণ হবলৈ প্ৰস্তাৱ দিছিল যদিও তেওঁ সেই প্ৰস্তাৱ গ্ৰহণ নকৰিলে।[10] তথ্য উৎস
বাহ্যিক সংযোগ
|