গৰখীয়া দৌল, নাজিৰা
শিৱসাগৰ জিলাৰ নাজিৰাত অৱস্থিত গৰখীয়া দৌল আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত নিৰ্মিত এটা মন্দিৰ-বিশেষ৷ আনহাতে, দৌলটো গড়গাঁও নগৰৰ পশ্চিম দিশত দিখৌ নৈৰ বিপৰীতে [দক্ষিণ পাৰে] আছে৷ এই দৌলটোক মহেশ্বৰ দৌল বা মহেশ্বৰৰ ঘৰ আৰু মাই দৌল বুলিও কোৱা হয়৷ স্বৰ্গদেউ প্ৰতাপ সিংহই ৰজা হোৱাৰ পাছত পূৰ্বতে পূজা কৰা শিৱলিংগটি নিজৰ পৰা নিলগাই গড়গাঁও নগৰৰ বিপৰীতে এই ঠাইত অষ্টকোণীয়া ভেটি-বিন্যাসেৰে দৌল নিৰ্মাণ কৰি থাপনা থাপি নিয়মিত পূজা-সেৱা কৰিছিল৷ ইটাৰে নিৰ্মিত দৌলটিৰ ইটাৰ মণ্ডপ আৰু চৌদিশৰ পকীবেৰৰ চিনচাব বৰ্তমান পাবলৈ নাই৷ ১৭ শতিকাৰ আগভাগত নিৰ্মিত এই স্থাপত্যটিত আহোম যুগৰ প্ৰথম পৰ্যায়ত বিকাশ লাভ কৰা ইটাৰ নিদৰ্শন পোৱা যায়৷ মহেশ্বৰ দৌলৰ শিৱলিংগটো এচটা শিলৰ ওপৰত থকাৰ বাবে ইয়াক পূজাশিল বুলিও কোৱা হয়৷ এই দৌলটো আহোম যুগৰ পিছৰ পৰ্যায়ত নিৰ্মিত দৌলসমূহতকৈ আকাৰত আপাততঃ সৰু যদিও প্ৰথম পৰ্যায়ত নিৰ্মিত দৌল হিচাপে ইয়াৰ গুৰুত্ব অপৰিসীম৷ এই দৌলৰ ভিতৰৰ প্ৰতিখন বেৰৰ দৈৰ্ঘ ১.২৫ মিটাৰ আৰু বাহিৰত ৩.৭০ মিটাৰ৷ পাদবিন্যাসৰ পৰা শিখৰলৈ উচ্চতা ৮ মিটাৰ৷ দৌলৰ শিখৰটো ওলোটাকৈ থোৱা চুপি আকৃতিৰ৷ গৰখীয়া দৌলৰ বাস্তুপুৰুষমণ্ডল বাহিৰে-ভিতৰে আঠকোণীয়া৷ পূৰ্বে ইয়াৰ সন্মুখত এটা সৰু আকাৰৰ আয়তক্ষেত্ৰাকাৰ মণ্ডপো আছিল৷ মণ্ডপৰ দীঘ বাহিৰে বাহিৰে ৫.৬৪ মিটাৰ আৰু প্ৰস্থ ৩.৭০ মিটাৰ আছিল৷ বৰ্তমান পুৰণি মণ্ডপৰ কোনো চিন-মোকাম পাবলৈ নাই৷ দৌলত অলংকৰণ হিচাপে বেৰৰ মাজত পথালিয়ে দুশাৰী সমান্তৰাল দেৱকোষ্ঠ কটা আছে৷ এই দেৱকোষ্ঠবোৰ দেখাত সাধাৰণ যদিও মধ্যযুগীয় মন্দিৰৰ গাত থকা দেৱকোষ্ঠতকৈ বেলেগ৷ দেৱকোষ্ঠৰ সামগ্ৰিক পৰিকল্পনা সমসাময়িক মোগল স্থাপত্যৰ অনুকৰণ বুলি ক’ব পৰা যায়৷ দেৱকোষ্ঠবোৰত কোনো ভাস্কৰ্য অনুপস্থিত আৰু নক্সা অগভীৰ৷ এইটো কাৰণতেই ইয়াত আৰম্ভণিৰ পৰাই কোনো ভাস্কৰ্য নথকাৰ কথাটো বোধগম্য হয়৷ সম্ভৱতঃ দেৱকোষ্ঠবোৰ উকাকৈ ৰখাটোৱেই এই দৌলৰ অলংকৰণ আছিল৷ এই দৌলৰ শিখৰৰ পৰিকল্পনাতো পৰম্পৰাগত হিন্দু মন্দিৰ-স্থাপত্যৰ প্ৰভাৱ একেবাৰে কমকৈ পৰা পৰিলক্ষিত হয়৷ কাৰণ দৌলৰ শিখৰৰ বাস্তুপুৰুষমণ্ডল বৃত্তাকাৰ যদিও ইয়াৰ কৌণিক অংশবোৰত প্ৰাপ্ত মুকলি ঠাইত অংগশিখৰ বহুওৱা হোৱা নাই৷ সাধাৰণতে হিন্দু মন্দিৰৰ এনে অংশত অংগশিখৰ বহুওৱা দেখা যায়৷ এই দৌলত উত্তৰ ভাৰতৰ নাগৰ স্থাপত্যবোৰৰ লক্ষণ ফুটি উঠা দেখা নাযায়৷ আনহাতে, ইছলামীয় স্থাপত্যত প্ৰচুৰভাৱে ব্যৱহাৰ হোৱা অষ্টভুজী মণ্ডলৰ ব্যৱহাৰৰ ইংগিত এই দৌলৰ পৰিকল্পনাই বহন কৰে৷ কিন্তু দৌলৰ দেৱকোষ্ঠবোৰৰ পৰিকল্পনা ইছলামীয় প্ৰভাৱযুক্ত হোৱাৰ বাবে এই স্থাপত্য-কলা ইছলামীয় স্থাপত্য-কলাৰ প্ৰভাৱযুক্ত বুলি প্ৰমাণ দাঙি ধৰিব পাৰি৷ ঐতিহাসিক দৃষ্টিকোণৰ পৰা চালেও এই কথাৰ সত্যতাৰ বিষয়ে নিশ্চিত হ’ব পৰা যায়৷ কাৰণ গদাধৰ সিংহ ৰজা হোৱাৰ আগলৈকে অৰ্থাৎ ১৬৮০ খ্ৰিষ্টাব্দৰ আগলৈকে অসমৰ স্থাপত্য-কলাৰ কোনো ধাৰাবাহিক গতি নাছিল আৰু সেয়ে স্থাপত্য-শিল্পীৰ দল এটা জীয়াই থকাৰ পৰিৱেশো নাছিল৷ ফলস্বৰূপে পশ্চিমীয়া স্থপতি আমদানি কৰাটো খুবেই স্বাভাৱিক আছিল আৰু সেই স্থপতিবিদৰ নিৰ্মাণশৈলীত ইছলামীয় প্ৰভাৱ পৰাটো এশ শতাংশই নিশ্চিত৷ শেষ মধ্যযুগৰ প্ৰথম অৱস্থাত নিৰ্মিত গুৰুত্বপূৰ্ণ স্থাপত্য-কলা হিচাপে বিবেচিত মহেশ্বৰ দৌলৰ মণ্ডপ অংশ ইতিমধ্যে ভাগি পৰিছে৷ এই দৌলৰ কাষতে এটা পুখুৰীও খন্দা হৈছিল৷ সেই পুখুৰী বৰ্তমানে পোত গৈ সামান্য অৱশেষহে বাকী ৰৈছেগৈ৷ দৌলত বৰ্তমানেও পূজা-সেৱা কৰা হয়৷ চৰকাৰী নথিত ৫১ নম্বৰ দাগত এই দৌলৰ বাবে সংৰক্ষিত মাটি-কালি ৪ কঠা ১০ লোচা৷ এই দৌলৰ প্ৰৱেশ-পথ পশ্চিমলৈ আছে৷ দৌলৰ গাত দুয়োফালে জগমোহনৰ ভগ্নাংশ দেখা পোৱা যায়৷ বৰ্তমান জগমোহনৰ ঠাইত ৰাইজে টিঙৰ চালি, লোহাৰ খুঁটা-পাৰ্লিঙেৰে মণ্ডপ সাজি লৈছে৷ দৌলৰ অন্তৰাল ইংৰাজী 'ইউ' বৰ্ণৰ ওলোটা প্ৰতিৰূপৰ৷ অন্তৰালৰ প্ৰৱেশ-পথৰ বাহিৰৰ দুয়োফালে ১ খনকৈ মুঠ ২ খন দেৱকোষ্ঠ আছে৷ দেৱকোষ্ঠৰ ভিতৰত এটা খলপাৰ ওপৰৰ ফালে ত্ৰিভুজাকৃতিৰ ভাস্কৰ্য থকা ঠাই আছে৷ দৌলৰ গৰ্ভগৃহৰ ভিতৰৰ বেৰবোৰ ভগ্ন৷ উত্তৰফালৰ পৰা ওপৰভাগলৈ দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু ষষ্ঠ বেৰত ১ টাকৈ মুঠ ৩ টা কুন্দ্ৰাক্ষ আছে৷ আনহাতে, উত্তৰফালৰ পৰা দ্বিতীয় আৰু ষষ্ঠ বেৰত ১ টাকৈ মুঠ ২ টা চাকি থোৱা খোলৰ ভগ্নাংশ ভাগি-ছিগি শেষ হৈ যোৱা অৱস্থাত আছে৷ এই দৌলৰ অধিস্থানৰ পিৰা আৰু পিৰাৰ ওপৰত লিনতেল দেখা পোৱা নাযায়৷ ইয়াৰ কাৰণ হৈছে দিখৌ নৈৰ পলস পৰি সেই অংশবিশেষ পোত খাই গৈছে৷ জংঘা অংশত প্ৰতি বেৰত দুটা শাৰীত দুশাৰী দেৱকোষ্ঠ আছে৷ ০৩-০৮-২০১৬ তাৰিখৰ জোখ-মাখ অনুসৰি মাটিৰ পৰা ১ ফুট ১১ ইঞ্চি উচ্ছতাত প্ৰথম শাৰীৰ দেৱকোষ্ঠসমূহ আছে৷ প্ৰথম শাৰীৰ পৰা চাৰে এঘাৰ ইঞ্চি উচ্চতাত দ্বিতীয় শাৰীৰ দেৱকোষ্ঠসমূহ দেখা পোৱা যায়৷ জংঘাৰ উচ্ছতা ১১ ফুট ৩ ইঞ্চি, মেৰে ৯৮ ফুট ৬ ইঞ্চি৷ দ্বিতীয় শাৰীৰ দেৱকোষ্ঠৰ পৰা ২ ফুট ২ ইঞ্চি উচ্চতাত ১ টা সৰু লিনতেলেৰে জংঘা শেষ হৈছে৷ জংঘাৰ বহিঃবেৰত, প্ৰৱেশ-পথৰ বাওঁফালৰ পৰা ক্ৰমান্বয়ে ১ নং বেৰত ২ খন দেৱকোষ্ঠ আৰু জগমোহনৰ ভগ্ন অংশ, ২ নং বেৰত দুশাৰীত ৪ খনকৈ ৮ খন দেৱকোষ্ঠ আছে৷ ৩ নং, ৪ নং, ৫ নং আৰু ৬ নং বেৰ ২ নং বেৰৰ সৈতে সমান দেৱকোষ্ঠযুক্ত আৰু ৭ নং বেৰ ১ নং বেৰৰ বৰ্ণনাৰ সৈতে একেই৷ জংঘাৰ লিনতেলৰ ওপৰত কিছু সোমাই ২ টা লিনতেল সদৃশ খণ্ডৰ ওপৰত জিকাসিৰৰ গণ্ডী স্থাপিত৷ ইয়াত ৪৬ ডাল জিকাসিৰ আছে৷ এই সিৰবোৰ জংঘাৰ ওপৰৰ ফালৰ গণ্ডীত আৰম্ভ হৈ গণ্ডীৰ প্ৰায় মাজভাগতে বিলীন হৈছে৷ গণ্ডী অংশ সাইলাখ মৌচাক গঢ়ৰ৷ এখন ৰথচক্ৰৰ পাটেৰে মস্তক আৰম্ভ হৈছে৷ তাৰ ওপৰত আন এখন ৰথচক্ৰৰ পাট আছে৷ পাটৰ ওপৰত কলচী আৰু আয়ুধ নাই৷ সম্ভৱতঃ প্ৰাকৃতিক দুৰ্যোগত ভাগিল৷[1][2] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia