শ্ৰী শ্ৰী বটদ্ৰৱা থান
বটদ্ৰৱা থান বা বৰদোৱা থান , চমুকৈ বৰদোৱা অসমৰ এখন পৱিত্ৰ তীৰ্থস্থান। নগাঁও চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ নিলগৰ বৰদোৱা নামে ঠাইত এই তীৰ্থস্থান অৱস্থিত[2]। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনৰ স্থলী হিচাপে অসমৰ জনমানসত বৰদোৱা বিশেষ মৰ্য্যদা আছে। ১৯ বছৰ বয়সতে ১৪৬৮ খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাতে শ্ৰী শ্ৰী বটদ্ৰৱা থানখনৰ স্থাপন কৰিছিল[1]। বটদ্ৰৱা থানৰ আন এক বিশেষত্ব হৈছে যে এইখন মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম থান আৰু ইয়াত তেওঁ আৰম্ভ কৰা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰা হৈছিল[3][1]। ই থানখনে ২৮৬ বিঘা মাটিকালি আগুৰি আছে[1]। ইতিহাসঅতীজতে ব্ৰহ্মপুত্ৰৰ (ব্ৰহ্মপুত্ৰ নদী)পাৰৰ এই অঞ্চল বৰ দ - বৰডোবা বা ডোভাৰে পৰিপূৰ্ণ জলময় ঠাই আছিল বুলি জনা যায়। শ্ৰীমন্ত শংকৰদেৱৰ উপৰিপুৰুষ ভূঞাসকলে তাত আলি বান্ধি পুখুৰী খান্দি গাঁও পাতি বাস কৰিছিল। বৰ দ বা বৰডোবাৰে পৰিপূৰ্ণ কাৰণে মানুহৰ মুখত পৰি এই অঞ্চলটোৰ নাম বৰদোৱা হ'ল বুলি জনশ্ৰুতি আছে। আন এক কিংবদন্তি অনুসৰি কুণ্ডিল কুঁৱৰী ৰুক্মিণীয়ে তেওঁক হৰণ কৰি নিবলৈ অনুৰোধ জনাই বেদনিধি নামৰ এজন ব্ৰাহ্মণক শ্ৰীকৃষ্ণৰ ওচৰলৈ পঠিয়াইছিল। বেদনিধিক লগত লৈ শ্ৰীকৃষ্ণ দ্বাৰকাৰ পৰা কুণ্ডিল নগৰলৈ আহোঁতে তেওঁৰ ৰথ ইমান বেগেৰে চলিছিল যে ৰথৰ বেগত বেদনিধি মূৰ্চা গ'ল। শ্ৰীকৃষ্ণই তেতিয়া সেই ঠাইতে ৰথ ৰাখি বেদনিধিৰ গালে-মুখে পানী ছটিয়াই দিয়াত তেওঁৰ চেতনা ঘূৰি আহে। ইয়াৰ পাছত এজোপা বটবৃক্ষৰ ছাঁত খন্তেক জিৰণি লৈ শ্ৰীকৃষ্ণ ৰথত উঠোঁতে দিয়া তেওঁৰ ভৰৰ ফলত ঠাইডোখৰ 'বৰ দ' হৈ পৰে। তেতিয়াৰ পৰা এই অঞ্চল বৰদোৱা নামেৰে পৰিচিত হয় বুলি জনা যায়[4]। আন এক কাহিনী অনুসৰি এসময়ত হেনো প্ৰচণ্ড খৰাং হৈছিল। খৰাঙত মানুহৰ বিলাই-বিপত্তিৰ সীমা নোহোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এজোপা বটবৃক্ষৰ তলত ৰাতি নাম-কীৰ্তনৰ আয়োজন কৰিছিল। উল্লিখিত বটবৃক্ষজোপা আকৌ বিষ্ণুৰ গাৰ এডাল নোমৰ পৰা সৃষ্টি হোৱা বুলি কোৱা হয়। সময়ত নাম-কীৰ্তন শেষ হ'ল আৰু সকলো ঘৰাঘৰি গ'ল। ইয়াৰ পাছত মাজৰাতি শংকৰদেৱে তেওঁৰ দুজন শিষ্য সৰ্বজয় আৰু বলোৰামক লগত লৈ বটবৃক্ষজোপাৰ তললৈ আহি যোগবলেৰে গংগাক আহ্বন কৰিবলৈ ধৰিলে। শংকৰৰ যোগবলত গংগা ধৰালৈ নামি আহে আৰু সেই জলধাৰাত বটবৃক্ষ দ্ৰৱিত হৈ সেই ঠাইতে এক মনোৰম সৰোবৰৰ সৃষ্টি হয়। আকাশৰ পৰা গংগা নমাই অনা বাবে এই সৰোবৰ আকাশীগংগা নামেৰে জনাজাত। 'বট দ্ৰৱ' হোৱা বাবে এই ঠাই বটদ্ৰৱা নামেৰেও সমধিক প্ৰসিদ্ধ। বৰ্তমান বৰদোৱা আৰু বটদ্ৰৱা দুয়োটা নাম সম অৰ্থত প্ৰয়োগ কৰা হয়[উদ্ধৃতিৰ প্ৰয়োজন]। সত্ৰ হিচাপে বৰদোৱাবৰদোৱাতে শংকৰদেৱে প্ৰথম কীৰ্তন ঘৰ (নামঘৰ) সজাইছিল বুলি জনা যায়[3]। ইয়াতেই শংকৰদেৱে প্ৰথম চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱাই। ১৪৭০ চনত ২১ বছৰ বয়সত শংকৰদেৱে বৰদোৱাত ফাকুৱা আৰু দৌল উৎসৱৰ সূচনা কৰে[3]। ১৫১৬-১৭ চন মানত শংকৰদেৱে নিৰাপত্তাজনিত কাৰণত বৰদোৱা ত্যাগ কৰে[3]। শংকৰদেৱৰ পিছত ১৬৫৬ চনত শংকৰদেৱৰ পুত্ৰ হৰিচৰণ ঠাকুৰ, নাতিবোৱাৰী কনকলতা আৰু ভাগিন দামোদৰ আতাৰ উদ্যোগত বৰদোৱাক পুনৰুদ্ধাৰ কৰা হয়। সত্ৰ পুনৰ উজ্জীৱিত হৈ উঠে। এনেদৰে শতাধিক বছৰ চলাৰ পিছত শংকৰদেৱৰ উত্তৰাধিকাৰীসকলৰ মাজত হোৱা বিবাদৰ পৰিণতিত বৰদোৱা সত্ৰ বৰহিছা (নৰোৱা সত্ৰ) আৰু সৰুহিছা (ফুলগুৰি সত্ৰ) নামে দুখন সত্ৰত বিভক্ত হয়। অৱশ্যে ১৯৫৮ চনত বৰহিছা আৰু সৰুহিছাৰ মধ্যস্থলত উমৈহতীয়া কীৰ্ত্তন ঘৰ সাজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। বৈষ্ণৱ কীৰ্তি চিহ্নৰ উপৰি আহোম ড্ৰেগন ঙি ঙাও খাম বৰদোৱা থানত দেখা যায়।[5] পৰিচালনা১৯৬৪ চনত "বটদ্ৰৱা থান পৰিচালনা সমিতি" গঠন কৰা হয় আৰু ইয়াৰ পাছৰে পৰাই নৰোৱা সত্ৰ আৰু ফুলগুৰি সত্ৰৰ ৰ সমন্বয়ত বিভিন্ন কাম-কাজ পৰিচালনা কৰি আহিছে। বিশেষত্ববৰদোৱা সত্ৰৰ ভিতৰত থকা পৱিত্ৰ আকাশীগংগা, দৌল মন্দিৰ, পাদশিলা গৃহ (ইয়াতে শিলত গুৰুজনাৰ ভৰিৰ পতাৰ চিহ্ন আছে বুলি জনবিশ্বাস আছে), মণিকূটসহ কীৰ্তন ঘৰ (নামঘৰ), সাঁচি গছ, টেম্বুৱানী জান, শংকৰদেৱ গৱেষণা কেন্দ্ৰ, শিলিখা গছ আদিয়ে সত্ৰখনৰ ঐতিহ্য বহন কৰিছে। ১৯৮৫ চনতে অসম চৰকাৰে ইয়াত এটি ক্ষুদ্ৰ সংগ্ৰহালয় স্থাপন কৰিছিল। শংকৰদেৱৰ সময়ৰ বহুতো সামগ্ৰী ইয়াত সংৰক্ষিত হৈ আছে। তাৰ ভিতৰত প্ৰাচীন বটদ্ৰৱা থানৰ মুখ্য দ্বাৰ, গুৰু আসনৰ ভগ্নাংশ, ৰাধা-কৃষ্ণৰ কাঠৰ যুগল মূৰ্তি, সেই সময়ৰ কাঠৰ শৰাই, কাঠৰ বাটি, চৰিয়া ইত্যাদি অন্যতম[1]। প্ৰধান উৎসৱ / অনুষ্ঠানবটদ্ৰৱা থানত দৈনন্দিন নাম-কীৰ্তনৰ উপৰিও কেইবাটাও উৎসৱ উলহ-মালহেৰে পালন কৰা হয়। শংকৰদেৱ - মাধৱদেৱ আৰু আন আন বৈষ্ণৱ গুৰুসকলৰ জন্ম-মৃত্যু তিথি, ফাকুৱা বা দৌল উৎসৱ, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, নন্দোৎসৱ, ভাদ মাহৰ গুৰু কীৰ্তন, ভাওনা, অংকীয়া নাট আদি উদ্যাপন কৰা হয়[1]। ফাকুৱা উপলক্ষে বৰদোৱাত এখন মেলাও অনুষ্ঠিত কৰা হয়। ![]() তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia