তাম্ৰেশ্বৰী মন্দিৰ![]() তাম্ৰেশ্বৰী মন্দিৰ বা কেঁচাই খাইতি শাল[1] অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত এক ঐতিহাসিক মন্দিৰ। অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াৰ পৰা প্ৰায় ১৮ কিঃমিঃ নিলগত বৰ্তমান এই মন্দিৰৰ ধ্বংসাৱশেষ অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত।[2] এই মন্দিৰ তাম্ৰেশ্বৰী বা কেঁচাই খাইতি দেৱীলৈ উছৰ্গিত। তাম্ৰেশ্বৰী দেৱী হিন্দু ধৰ্মৰ কালী, তাৰা, চামুণ্ডা আদিৰ দৰে উগ্ৰ দেৱী। কিছুমানৰ মতে এই মন্দিৰ জনজাতীয় লোকদেৱী কেঁচাই খাইতিৰ মূল মন্দিৰ। কেঁচাই খাইতি দেউৰী জনগোষ্ঠীৰ দেৱী আছিল।[3] কালিকা পুৰাণত উল্লিখিত মতে দিক্কৰ বাসিনী নামৰ এখন শক্তিপীঠ আছিল। দিক্কৰ বাসিনীৰ দুটা ৰূপ বিদ্যমান, তীক্ষ্ণ কণ্ঠ আৰু ললিত কণ্ঠ। তীক্ষ্ণ কণ্ঠৰ দেহৰ বৰণ ক'লা আৰু পেট ঘটিৰ দৰে। এইৰূপক উগ্ৰতাৰা বা এক জঁটা বোলে। ললিত কণ্ঠ, ধুনীয়া আৰু আকৰ্ষণীয় আৰু তেওঁক তাম্ৰেশ্বৰী বোলা হয়। তাম্ৰেশ্বৰী মন্দিৰত অতীতত নৰবলি প্ৰথা প্ৰচলিত আছিল।[2] পিছলৈ মন্দিৰত প্ৰচলিত নৰবলি প্ৰক্ৰিয়া আহোম শাসকসকলে বন্ধ কৰি দিছিল। নামৰ উৎপত্তিতাম্ৰেশ্বৰী মন্দিৰ তাম ধাতুৰে নিৰ্মাণ কৰা হৈছিল। বিশেষকৈ ইয়াৰ ছাদ তামেৰে তৈয়াৰ কৰা হৈছিল। ইয়াৰ পৰায়ে তাম্ৰেশ্বৰী নামটো প্ৰচলিত হ'ল।[4] আনহাতে কেঁচাই খাইতি নাম ইয়াৰ উগ্ৰ স্বভাৱ আৰু নৰবলি প্ৰথাৰ পৰা আহিছে বুলি গণ্য কৰা হয়। শিলালিপিতাম্ৰেশ্বৰী মন্দিৰত উদ্ধাৰ কৰা পাথৰ শিলালিপিত লিখা আছে,[5]
শিলালিপিত বৰ্ণনা কৰা মতে ১৩৬৪ শকত (১৪৪২ খ্ৰীষ্টাব্দ) চুতীয়া ৰজা মুক্ত ধৰ্মনাৰায়ণে ইটা ('ইষ্টকা') ব্যৱহাৰ কৰি মন্দিৰৰ দেৱাল নিৰ্মাণ কৰাইছিল। মন্দিৰটো দেৱী দিক্কৰ বাসিনীৰ প্ৰতি উৎসৰ্গিত। দিক্কৰবাসিনী নৱম-দশম শতিকাৰ কালিকা পুৰাণত 'কামৰূপ পীঠ' হিচাপে উল্লেখ আছে। স্থাপত্যমন্দিৰখনৰ দেৱাল আৰু দুৱাৰবোৰ সুন্দৰ কাৰু-কাৰ্য খচিত আছিল। মূলদ্বাৰৰ সন্মুখত ৰূপালী দাঁতৰ সৈতে দুটা প্ৰকাৰৰ হাতীৰ ভাস্কৰ্য আছিল। ১৭১১ খ্ৰীষ্টাব্দৰ চামৰুং ফুকনৰ বুৰঞ্জী মতে তাম্ৰেশ্বৰী মন্দিৰৰ ছাদ তামেৰে নিৰ্মিত আছিল। ১৮৪৮ চনত ব্ৰিটিছ পুৰাতত্ত্ববিদ ডেল্টনে সেই স্থানত শিলৰ মন্দিৰৰ গাঁথনি লক্ষ্য কৰিছিল। কিন্তু তামৰ ছাদ ইতিমধ্যে আঁতৰোৱা হৈছিল। ১৯০৫ চনত এই স্থান ভ্ৰমণ কৰা টি. ব্লকৰ অনুসৰি, এই বৰ্গাকাৰ গাঁথনিটো ভিতৰত মুল মন্দিৰটো হ'ব নোৱাৰে আৰু ইটাৰ বেৰটোৱে স্পষ্টভাৱে কেন্দ্ৰত কোনো এক প্ৰকাৰৰ বৃহৎ মন্দিৰ আছিল যি সময়ৰ সৈতে নাইকিয়া হৈছে। গোটেই মন্দিৰটো ইটাৰ দেৱালেৰে পৰিবেষ্টিত আছিল আৰু পশ্চিম ফালে নৰবলি স্থান আছিল।[6] লগতে চাওকতথ্য উৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia