লাইলাতুল কদৰ
শ্ববে কদৰ (আৰবী: لیلة القدر) আৰবীত লাইলাতুল কদৰ। ইয়াৰ অৰ্থ অতিশয় সম্মানিত আৰু মহিমান্বিত ৰাতি বা পৱিত্ৰ ৰজনী। আৰৱী ভাষাত 'লাইলাতুন'ৰ অৰ্থ হ'ল ৰাত্ৰি বা ৰজনী আৰু 'কদৰ' শব্দৰ অৰ্থ সম্মান, মৰ্যাদা, মহাসম্মান।[1][2][3] ইয়াৰ উপৰিও ইয়াৰ অন্য অৰ্থ হ'ল—ভাগ্য, পৰিমাণ আৰু তাকদিৰ নিৰ্ধাৰণ কৰা।[4][5] ইছলাম ধৰ্ম অনুসৰি, এই ৰাতি ইছলামৰ মহানবী, মুহাম্মদৰ অনুসাৰীসকলৰ সম্মান বৃদ্ধি কৰা হয় আৰু মানৱজাতিৰ ভাগ্য পুননিৰ্ধাৰিত কৰা হয়। সেয়েই মুছলিম সকলৰ ওচৰত এই ৰাতি অত্যন্ত পুণ্যময় আৰু মহাসম্মানিত হিচাপে পৰিগণিত। কোৰআনৰ বৰ্ণনা অনুসৰি, আল্লাহে এই ৰাত্ৰীক অনন্য মৰ্যাদা দিছে আৰু এইটো এটা মাত্ৰ ৰজনীৰ উপাসনা হাজাৰ মাহৰ ইবাদততকৈও অধিক ছওয়াব (পুণ্য) অৰ্জিত হোৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। প্ৰতিবছৰ মাহে ৰমজানত এই মহিমান্বিত ৰজনী লাইলাতুল কদৰ মুছলিমসকলৰ বাবে সৌভাগ্য বৈ আনে বুলি সিহঁতে বিশ্বাস কৰে।[6][7][8] শবেকদৰৰ নামাজৰ নিয়ম আৰু নিয়তৰমজান মাহৰ শেষ দহ দিনৰ যিকোন অযুগ্ম (বিযোৰ) ৰাতি শবে-কদৰ। অৱশ্যে সাধাৰণভাবে ২৭ ৰমজানৰ নিশাকেই শবে-কদৰ বুলি ধৰা হয়। এই নিশাতে কোনোবা এটা সময়ত পৃথিবীৰ সমূদায় অচেতন পদাৰ্থ, বৃক্ষ-লতা ইত্যাদি আল্লাহ্ৰ উদ্দেশ্যে ছিজদাহ্ কৰি থাকে। এই ৰাতিতেই ফিৰেস্তাতসকল পৃথিবীত আহি মানুহৰ ইবাদত পৰ্যবেক্ষণ কৰে আৰু সিহঁতৰ শান্তি কামনা কৰে। সেয়ে এই ৰাতিত জাগ্ৰত থাকি কোৰআন তিলাওয়াত, নফল নামাজ, দোৱা-দুৰূদ, জিকিৰ ইত্যাদি ইবাদত বেছিকৈ কৰা প্ৰত্যেক মুছলমানৰ একান্ত কৰ্তব্য। শবে-কদৰৰ নামাজৰ নিয়ত'নাওয়াইতু আন্ উছাল্লিয়া লিল্লাহি তা’য়ালা ৰাকআতাই সালাতিল লাইলাতিল কাদ্ৰি নফ্লে মুতাওয়াজ্জিহান ইলা জিহাতিল কা’বাতিশ শাৰীফাতি- আল্লাহু আকবৰ। ' অৰ্থ: মই কাবামুখী হৈ আল্লাহৰ (সন্তুষ্টিৰ) বাবে শবে কদৰৰ দুই ৰাকআত নফল নামাজ পঢ়াৰ নিয়ত কৰিলো- আল্লাহু আকবৰ। শবে-কদৰৰ নামাজ পঢ়াৰ নিয়মশবে-কদৰৰ নামাজ দুই ৰাকআত কৰি চাৰি ৰাকআত পঢ়িব লাগে। ইয়াৰ পিছত যিমান ইচ্ছা সিমান নফল নামাজ পঢ়িব পাৰি। এই নামাজৰ় প্ৰত্যেক ৰাকআতে ছুৰা ফাতিহা পঢ়াৰ পিছত এবাৰ ছুৰা কদৰ আৰু তিনিবাৰ ছুৰা ইখ্লাছ পঢ়িব লাগে। (শবে-কদৰৰ ৰাতিৰ বাবে কোনো বিশেষ নামাজৰ কথা হাদীছ ছৰীফত নাই। ) নামাজৰ শেষত তলত উল্লেখ কৰা দোৱাটো কমপক্ষে এশ বাৰ পঢ়া উত্তম: “সুব্হানাল্লাহি ওয়াল হাম্দু লিল্লাহি ওয়া লা-ইলাহা ইল্লাল্লাহু ওয়াল্লাহু আকবৰ, লা হা’ওলা ওয়ালা কুয়্যাতা ইল্লাবিল্লাহিল্ আলীয়্যিল আযীম”। শবে কদৰৰ ইতিহাস৬১০ চনত শবে কদৰৰ ৰাতি মক্কাৰ নূৰ পৰ্বতৰ হীৰা গুহাত ধ্যানৰত ইছলামৰ ধৰ্মৰ মহানবী, হযৰত মুহাম্মদৰ (সঃ) ওচৰত সৰ্বপ্ৰথম কোৰআন নাজিল হয়। কোন কোন মুছলমানৰ ধাৰণা তেওঁৰ ওচৰত প্ৰথম ছুৰা আলাক্বৰ প্ৰথম পাঁচটা আয়াত নাজিল হয়। কিছুমানৰ মতে এই ৰাতিয়ে ফিৰিস্তা জিব্ৰাঈলৰ ওচৰত সম্পূৰ্ণ কোৰআন অবতীৰ্ণ হয় যি পৰৱৰ্তী কালত ২৩ বছৰ লৈকে ইছলামৰ নবী মুহাম্মদৰ ওচৰত তেওঁৰ বিভিন্ন প্ৰয়োজনীয়তা আৰু ঘটনাৰ পৰিপ্ৰেক্ষিতত নিৰ্দিষ্ট আয়াত আকাৰত নাজিল কৰা হয়। মুছলমানসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ন এই নিশা সৰ্ম্পকে হাদীছ ছৰীফত অসংখ্য বৰ্ণনা আছে। আনকি মুছলমানসকলৰ প্ৰধান ধৰ্মীয় গ্ৰন্থ আল কোৰআনত ছুৰা ক্বদৰ নামেৰে স্বতন্ত্ৰ এটি পূৰ্ণ ছুৰা নাজিল হৈছে। এই ছুৰাত শবে কদৰৰ ৰাতিক হাজাৰ মাহতকৈ উত্তম বুলি উল্লেখ কৰা হৈছে। ইছলাম ধৰ্ম মতে, মুহাম্মদৰ পূৰ্ববৰ্তী নবী আৰু তেওঁলোকৰ উম্মতবৃন্দ দীৰ্ঘায়ু লাভ কৰাৰ বাবে বহু বছৰ আল্লাহৰ ইবাদাত কৰিবলৈ সুযোগ পাইছিল। কোৰআন আৰু হাদীছৰ বৰ্ণনাত জনা যায়, ইছলামৰ চাৰিজন নবী যেনে আইয়ুব, জাকাৰিয়া , হিযকীল আৰু ইউশা ইবনে নূন প্ৰত্যেকেই আশী বছৰ স্ৰষ্টাৰ উপাসনা কৰিছিল আৰু তেওঁলোকে তেওঁলোকৰ জীবনত কোন প্ৰকাৰ পাপ কাম কৰা নাছিল। কিন্তু মুহাম্মদৰ পৰা আৰম্ভ কৰি তেওঁৰ পৰৱৰ্তী অনুসৰণকাৰীহঁতৰ আয়ু বহু কম হোৱাৰ বাবে তেওঁলোৰক পক্ষে স্ৰষ্টাৰ আৰাধনা কৰি পূৰ্ববৰ্তীহঁতৰ সমকক্ষ হোৱা সম্ভব নহয় বুলি সিহঁতৰ মাজত আক্ষেপৰ সৃষ্টি হয়। তেওঁলোকৰ এই আক্ষেপৰ প্ৰেক্ষিতত সিহঁতৰ চিন্তা দুৰ কৰাৰ বাবে ছুৰা ক্বদৰ নাজিল কৰা হয় বুলি হাদীছৰ বৰ্ণনাত জনা যায়। ধৰ্মীয় গুৰুত্বমুছলমান সকলৰ ওচৰত শবে কদৰ এনেকুৱা এটা মহামূল্যবান বৰকতময় আৰু বৈশিষ্ট্যমণ্ডিত এই কাৰণেই যে, এই নিশাতে মুছলমান সকলৰ পবিত্ৰ গ্ৰন্থ ‘আল-কোৰআন’ অবতীৰ্ণ হৈছে। আল্লাহ কোৰআনত ঘোষণা কৰিছে, নিশ্চয়ই মই সেয়া (কোৰআন) অবতীৰ্ণ কৰিছোঁ কদৰৰ ৰাতি। আৰু কদৰৰ ৰাতি সম্বন্ধে তুমি কি জানা? কদৰৰ ৰাতি হাজাৰ মাহতকৈ শ্ৰেষ্ঠ।[9] সেই ৰাতি ফিৰিস্তাহঁত আৰু ৰূহ অৱতীৰ্ণ হয় প্ৰত্যেক কামত তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে। শান্তিই শান্তি, বিৰাজ কৰে উষাৰ আবিৰ্ভাব লৈকে। (ছুৰা আল-কদৰ, আয়াত ১-৫)
ইসলাম ধৰ্ম মতে শবে কদৰৰ ৰাতিত ফিৰিস্তাহঁত আৰু তেওঁলোকৰ নেতা জিব্ৰাঈল পৃথিবীত অবতৰণ কৰি উপাসনাৰত সকলো মানুহৰ বাবে বিশেষভাবে দোৱা কৰি থাকে। হাদীছ ছৰীফত বৰ্ণিত আছে, শবে কদৰত হজৰত জিব্ৰাঈল (আ.) ফিৰিস্তাসকলৰ এচি বিৰাট দল লৈ পৃথিবীত অবতৰণ কৰে আৰু যিমান নাৰী-পুৰুষ নামাজৰত অথবা জিকিৰত মচগুল আছে তেওঁলোকৰ বাবে ৰহমতৰ দোৱা কৰে। (মাযহাৰি) লাইলাতুল কদৰত পৰৱৰ্তী এক বছৰৰ অবধাৰিত বিধিলিপি ব্যৱস্থাপক আৰু প্ৰয়োগকাৰী ফিৰিস্তাসকলৰ ওচৰত হস্তান্তৰ কৰা হয়। ইয়াত প্ৰত্যেক মানুহৰ বয়স, মৃত্যু, ৰিযিক, সকলোবোৰৰ পৰিমাণ নিৰ্দিষ্ট ফিৰিস্তাহঁতক লিখি দিয়া হয়, আনকি কোনে হজ্ব কৰিব সেয়াও লিখি দিয়া হয়।[10] সময়হাদীছ অনুযায়ী, ২০ ৰমজানৰ পিছত যিকোনো অযুগ্ম (বিযোৰ) ৰাতি কদৰ হ'ব পাৰে। কিন্তু ২৬ ৰমজান দিবাগত ৰাতিয়ে লাইলাতুল কদৰ আহে বুলি আলেমহঁতৰ অভিমত। আয়েশাৰ পৰা বৰ্ণিত হাদীছত উল্লেখ আছে, মুহাম্মদ ৰমজান মাহৰ শেষ ১০ দিন ইতিকাফ কৰিছিল আৰু কৈছিল, তোমালোক ৰমজানৰ শেষ ১০ ৰাতি শবে কদৰৰ সন্ধান কৰা। (বুখাৰি ও মুসলিম) আৰু এটা হাদীছত মুহাম্মদ(দঃ) কৈছে, পবিত্ৰ ৰমজানৰ শেষ দশকৰ বেযোৰ ৰাতিবোৰত তোমালোক শবে কদৰৰ সন্ধান কৰা। (সহীহ বুখাৰী)[11][12][13][14][15][16] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia