পংগৱাড়ী
পংগৱাড়ী (টাকৰী লিপিত: 𑚞𑚫𑚌𑚦𑚭𑚪𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা মুখ্যতঃ উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যৰ চম্বা জিলাৰ পংগী অঞ্চলত ব্যৱহাৰ কৰা হয়। পংগৱাড়ীৰ নিজা লিপি টাকৰী, কিন্তু বৰ্তমানে অনেকে দেৱনাগৰী লিপিতো ভাষাটো লিখে। এই ভাষাৰ চুবুৰীয়া জম্মু আৰু কাশ্মীৰৰ পাদৰী ভাষাৰ সৈতে সামঞ্জস্য আছে। শ্ৰেণীবিভাজনভাষাবিদ জৰ্জ আব্ৰাহম গ্ৰিয়েৰ্ছনে নিজৰ "লিংগুইষ্টিক চাৰ্ভে' অৱ ইণ্ডিয়া"ত পংগৱাড়ীক চম্বয়ালীৰ উপভাষা হিচাপে অন্তৰ্ভুক্ত কৰিছিল। বৰ্তমানে ভাষাবিদসকলে পংগৱাড়ীক এটি সুকীয়া ভাষা জ্ঞান কৰে যি পশ্চিম পাহাড়ী গোটৰ চমিয়ালী উপোগোটৰ অন্তৰ্গত, চম্বয়ালী, বিলাসপুৰী, ভদৰৱাহী আদি ভাষাৰ সৈতে। পংগৱাড়ীৰ পৰস্পৰ বোধগম্যতা পাদৰীৰ সৈতে ৯০%, মণ্ডিয়ালীৰ সৈতে ৬৪%, কাংগড়ীৰ সৈতে ৫২%, চম্বয়ালীৰ সৈতে ৪৪% আৰু ভদৰৱাহীৰ সৈতে ৫০%। ইয়াৰ শব্দতাত্ত্বিক সামঞ্জস্য হিন্দীৰ সৈতে ৫৫%, কুল্লূ পাহাড়ীৰ সৈতে ৭৭% আৰু ভদৰৱাহীৰ সৈতে ৪৫%। ধ্বনিতত্ত্বপংগৱাড়ী ভাষাই স্বৰ সমন্বয়ৰ এটি অৱশেষীকৃত প্ৰণালী ব্যৱহাৰ কৰে, সেই অঞ্চলৰ অন্যান্য কিছু ভাষাৰ দৰে (যেনে কাশ্মীৰী ভাষা)। প্ৰথমে যি স্বৰধ্বনিৰ চৰ্তত সেই সমন্বয় সৃষ্টি কৰা হৈছিল, সেই ধ্বনিসমূহ বৰ্তমানে উপস্থিত নহয়, সেয়ে এই প্ৰণালী বৰ্তমান ফলপ্ৰসু নহয়।[2] ব্যাকৰণগ্ৰিয়েৰ্ছনৰ পংগৱাড়ী ভাষাৰ ব্যাখ্যাৰ পাছত প্ৰথমবাৰৰ বাবে শেহতীয়াকৈহে বিনয় সুন্দৰ নায়কে পংগৱাড়ীৰ এখন ব্যাকৰণ হিন্দী ভাষাত লিখি উলিয়াইছে।[3] লিংগপংগৱাড়ী সংজ্ঞাসমূহৰ বৈয়াকৰণিক লিংগ থাকে: পুং আৰু স্ত্ৰী। সংখ্যা
ভৌগোলিক বিতৰণস্থিতিএই ভাষাক অনেকে পাহাড়ী বা হিমাচলীও আখ্যা দিয়ে। কোনো কোনোৱে এই ভাষাক পাঞ্জাবী বা ডোগ্ৰী ভাষাৰ উপভাষাও জ্ঞান কৰে। এই ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই। ইউনেস্ক'ৰ মতে এই ভাষা বিষমভাৱে লুপ্তপ্ৰায়, যাৰ অৰ্থ এইয়া যে পংগৱাড়ী কোৱা আতাইতকৈ কম বয়সীয়া লোক বৰ্তমানে ককাক বা আইতাকহে, আৰু তেওঁলোকেও এই ভাষা কেতিয়াবা কেতিয়াবাহে বা আংশিকভাৱেহে কয়।[4] ২০১০ চনত হিমাচল প্ৰদেশৰ বিধান সভাত এই দাবী তুলা হৈছিল যে ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত 'পাহাড়ী (হিমাচলী)' নামেৰে এটি ভাষা অন্তৰ্ভুক্ত কৰা হওক, যি বিভিন্ন হিমাচলী ভাষাক প্ৰতিনিধিত্ব কৰিব।।[5] পিচে তাৰ পাছত এই দিশত কোনো অগ্ৰগতি দেখা হোৱা নাই, যদিও বিভিন্ন সৰু সৰু সংগঠনে এই ভাষাক সংৰক্ষিত কৰিবলৈ বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে।[6] ৰাজনৈতিক কাৰণত পংগৱাড়ী হিন্দী ভাষাৰ উপভাষা হিচাপে নথিভুক্ত কৰা হয়[7] যদিও এজন পংগৱাড়ী ভাষী আৰু এজন হিন্দী ভাষী লোকে ইজনে সিজনক সহজে বুজিব নোৱাৰে। এই ভাষাৰ ডোগ্ৰী আৰু অন্যান্য পশ্চিমীয়া পাহাড়ী ভাষাৰ সৈতেহে অধিক মিল আছে। লিংগুইষ্টিক চাৰ্ভে' অৱ ইণ্ডিয়াৰ সময়ত পংগৱাড়ী কওঁতা লোকৰ সংখ্যা আছিল ৩৭০১। উপভাষাপংগৱাড়ীৰ উপভাষাকেইটা হ'ল:
কিল্লৰ তেহচীলৰ মুখ্য স্থান, সেয়ে সেই উপভাষাক বহলভাৱে বুজা যায়। সচ উপভাষাৰ সামঞ্জস্য সংস্কৃতৰ সৈতে আতাইতকৈ অধিক।[8] সাহিত্যশেহতীয়াকৈ তুবাৰী নামৰ এখন আলোচনীৰ সহায়ত ভাষাটো সংৰক্ষিত কৰাৰ প্ৰচেষ্টা কৰা হৈছে, য'ত দেৱনাগৰী লিপিত পংগৱাড়ী লিপি লিখা হয়।[9] আন আন কিছুমান প্ৰকাশনো আছে যিয়ে সাধাৰণতে ভাষাটোৰ বৰ্ণনা আগবঢ়ায়। ফকৰা যোজনা
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia