বিলাসপুৰী (টাকৰী লিপিত: 𑚠𑚮𑚥𑚭𑚨𑚞𑚱𑚤𑚯) বা কহলূৰী (টাকৰী লিপিত: 𑚊𑚩𑚥𑚱𑚤𑚯) উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত ঘাইকৈ কথিত এটি পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা পাঞ্জাব পাহাড়ত স্থিত পূৰ্বৰ বিলাসপুৰ ৰাজপুত্ৰ শাসিত ৰাজ্যৰ সৈতে জড়িত।
বিলাসপুৰী ভাষাবৈজ্ঞানিকভাৱে পশ্চিমীয়া পাহাড়ী গোটৰহে ভাষা যদিও ভাৰতৰ জনগণনাত ইয়াক পাঞ্জাবী ভাষাৰ উপ-ভাষা গণ্য কৰা হয়।[1] ২০১১ চনৰ জনগণনাৰ মতে এই ভাষা কোৱা লোকৰ সংখ্যা আছিল ২৯৫৮০৫।[2]
হোশ্বিয়াৰপুৰ জিলাৰ পাহাড়ীয়া অঞ্চলতো এই ভাষাৰ এটি উপ-ভাষা কোৱা হয়, যাক অনেকে পাহাড়ীও আখ্যা দিয়ে (টাকৰী লিপিত: 𑚞𑚩𑚭𑚪𑚯)।[3]
উপভাষা
বিলাসপুৰীৰ ৫টা মুখ্য উপভাষা আছে:
- উত্তৰ-পূব বিলাসপুৰী: ই কুমাৰ হাটীৰ উত্তৰ-পূব দিশে কোৱা হয়, মণ্ডিয়ালীৰ সৈতে সাদৃশ্য আছে
- উত্তৰ বিলাসপুৰী (কুমাৰ হাটীৰ উত্তৰ দিশে কোৱা হয়); মণ্ডেলিৰ সৈতে সাদৃশ্য
- পশ্চিম বিলাসপুৰী: কহলূৰী ভাষাৰ আতাইকেইটা উপভাষাৰ ভিতৰত আতাইতকৈ অধিক পাঞ্জাবী শব্দৰ ব্যৱহাৰ এই উপভাষাতেই হয়
- কেন্দ্ৰীয় বিলাসপুৰী: ঐতিহাসিক বিলাসপুৰ চহৰ আৰু চুবুৰীয়া অঞ্চলত কথিত এই উপভাষাৰ পাঞ্জাবীৰ সৈতে সাদৃশ্য আছে
- দাভিন বা দৌৰ: ঐতিহাসিক বিলাসপুৰ চহৰৰ পূব আৰু দক্ষিণ-পুব অঞ্চলত কথিত
কহলূৰী বা বিলাসপুৰী ভাষাৰ উপভাষাসমূহ ইমানেই মিলা যে আতাইকেইটাকে এটাই মাথো উপভাষা বুলিও ক'ব পৰা যায়।[4]
লিপি
এই ভাষা টাকৰী লিপি ব্যৱহাৰ কৰি লিখা হয়।
ফকৰা যোজনা
𑚊𑚩𑚥𑚱𑚤𑚯 (𑚠𑚮𑚥𑚭𑚨𑚞𑚱𑚤𑚯)
|
कहलूरी (बिलासपूरी)
|
অসমীয়া লিপিত (সংস্কৃতৰ সমতুল্য বৰ্ণ ব্যৱহাৰ কৰি)
|
অসমীয়া ভাষাত অৰ্থ
|
𑚏𑚥𑚯 𑚝𑚯𑚫 𑚈𑚆 𑚀𑚞𑚱𑚫 𑚙𑚲 𑚟𑚮𑚔𑚲𑚢𑚱𑚫𑚩 𑚌𑚴𑚖𑚲𑚣𑚭𑚫𑚤𑚲
|
चली नीं ओए अप्पूं ते फिट्टेमूंह गोड्डेयांरे
|
চলী নীঁ ওএ অপ্পুং তে ফিট্টেমূঁহ গোড্ডিয়াঁৰে
|
বেয়া কাড়িগৰে নিজৰেই সজুঁলীৰ সৈতে যুঁজে
|
𑚑𑚠𑚤𑚲 𑚤𑚭 𑚞𑚙𑚶𑚚𑚤 𑚊𑚶𑚦𑚭𑚥𑚮𑚣𑚭
|
जबरे रा पत्थर क्वालिया
|
জবৰে ৰা পত্থৰ ক্বালিয়া
|
শক্তিমানৰেই কথা চলে
|
𑚀𑚞𑚘𑚯𑚣𑚲𑚫 𑚟𑚱𑚔𑚯𑚣𑚲𑚫 𑚝𑚲𑚩𑚤𑚭
|
अपणीयें फूटीयें नेहरा
|
অপণীয়েঁ ফূটীয়েঁ নেহৰা
|
পিন্ধোতাইহে জানে জূতাযোৰে ক'ত বিন্ধে
|
𑚀𑚞𑚘𑚭 𑚨𑚳 𑚀𑚞𑚘𑚭, 𑚞𑚤𑚭𑚣𑚭 𑚨𑚳 𑚞𑚤𑚭𑚣𑚭
|
अपणा से अपणा, पराया से पराया
|
অপণা সে অপণা, পৰায়া সে পৰায়া
|
নিজৰ নিজৰেই, পৰ পৰেই
|
𑚜𑚲𑚥𑚭 𑚁𑚃 𑚑𑚭𑚫𑚛𑚭 𑚞𑚤 𑚠𑚲𑚥𑚭 𑚝𑚃𑚫 𑚉𑚫𑚛𑚭
|
धेला आई जांदा पर बेला नईं औंदा
|
ধেলা আঈ জান্দা পৰ বেলা নঈঁ ঔঁদা
|
সময় পাৰ হৈ গ'লে ওভতি নাহে
|
𑚜𑚭𑚝𑚭𑚤𑚲 𑚸𑚲𑚙 𑚞𑚤𑚭𑚥𑚭 𑚙𑚲 𑚝𑚑𑚤𑚯 𑚁𑚃 𑚑𑚭𑚫𑚛𑚲/
𑚑𑚮𑚝𑚲𑚫 𑚤𑚵𑚫𑚛𑚲𑚣𑚭𑚫 𑚑𑚭𑚘𑚭 𑚙𑚮𑚝𑚲 𑚢𑚤𑚱𑚤𑚲𑚣𑚭𑚫 𑚤𑚯 𑚃 𑚸𑚠𑚤 𑚥𑚶𑚣𑚭𑚅𑚘𑚯
|
धानारे खेत पराला ते नजरी आई जांदे/
जिनें रौंदेयां जाणा तिने मरूरेयां री ई खबर ल्याऊणी
|
ধানাৰে খেত পৰালা তে নজৰী আঈ জান্দে
জিনেঁ ৰৌন্দিয়াঁ জাণা তিনে মৰূৰেয়াঁ ৰী ঈ খবৰ ল্যাঊণী
|
ধানৰ খেতি কেনে হ'ন পৰালিৰ পৰাই জনা যায়
|
𑚩𑚲𑚥 𑚠𑚲𑚠𑚲 𑚩𑚲𑚥 𑚢𑚲𑚤𑚭 𑚀𑚫𑚌𑚘 𑚙𑚲𑚤𑚯 𑚛𑚲𑚩𑚥𑚷
|
हेल बेबे हेल मेरा अंगण तेरी देहळ
|
হেল বেবে হেল মেৰা অংগণ তেৰী দেহল
|
সময় নষ্ট কৰা
|
𑚠𑚩𑚰𑚆 𑚏𑚑𑚶𑚑𑚲-𑚏𑚭𑚤𑚲𑚫 𑚝𑚯𑚫 𑚈𑚫𑚌𑚯 𑚙𑚭𑚫 𑚌𑚥𑚶𑚥𑚲𑚫 𑚛𑚲𑚸𑚲𑚣𑚭𑚫 𑚁𑚤𑚛𑚯
|
बहुए चज्जे-चारें नीं ओंगी तां गल्लें देखेयां आरदी
|
বহুএ চজ্জে-চাৰেঁ নীঁ ওংগী তাঁ গল্লে দেখিয়াঁ আৰদী
|
কামে কাজে ভাল নহ'লে, কথাতেই জহ নামাৰা কিয়?
|
𑚜𑚯𑚆 𑚜𑚢𑚭𑚊𑚪𑚭 𑚊𑚝𑚶𑚝 𑚊𑚤 𑚠𑚩𑚰𑚆
|
धीए धमाकड़ा कन्न कर बहुए
|
ধীএ ধমাকড়া কন্ন কৰ বহুএ
|
কাৰোবাক কথা কোৱা কিন্তু কোনো অন্যক উদ্দেশ্যিহে
|
𑚑𑚮𑚨𑚤𑚲 𑚀𑚙𑚶𑚚𑚲 𑚥𑚴𑚃 𑚙𑚮𑚨𑚤𑚭 𑚨𑚠 𑚊𑚴𑚃
|
जिसरे अत्थे लोई तिसरा सब कोई
|
জিসৰে অত্থে লোঈ তিসৰা সব কোঈ
|
যোনে বঁটা দিব পাৰে তেৱেঁই আদৰ পায়
|
𑚸𑚶𑚦𑚭𑚑𑚲𑚤𑚭 𑚌𑚶𑚦𑚭' 𑚢𑚮𑚖𑚊
|
ख्वाजेरा ग्वाऽ मिडक
|
খ্বাজেৰা গ্বা মিডক
|
একেধৰণৰ লোক একেলগে চলে
|
𑚠𑚲𑚛𑚲 𑚁𑚃 𑚑𑚫𑚌 𑚙𑚭𑚫 𑚠𑚮𑚝 𑚊𑚰𑚪𑚮𑚣𑚲 𑚤𑚲 𑚊𑚝𑚶𑚝
|
बेदे आई जंग तां बिन कुड़िये रे कन्न
|
বেদে আঈ জংগ তাঁ বিন কুড়িয়ে ৰে কন্ন
|
|
স্থিতি
এই ভাষাক অনেকে পাহাড়ী বা হিমাচলীও আখ্যা দিয়ে। ভাৰতৰ স্বাধীনতাৰ পূৰ্বে এই ভাষাত লিখনি ছপা কৰিবলৈ ৰাজ্যৰ পৰা বৰঙণি আদি পোৱা গৈছিল। কিন্তু স্বাধীনতাৰ পাছৰে পৰা হিন্দী ভাষাকহে অধিক গুৰুত্ব দিয়া হৈছে আৰু এনে বৰঙণি প্ৰায় বন্ধ হৈ পৰিছে। বিলাসপুৰী শিকোৱা কোনো প্ৰতিষ্ঠান নাই আৰু সেয়ে মানক পাঞ্জাবী আৰু মানক হিন্দীৰ দৰে ভাষাৰ হেঁচাত এই ভাষা বিপন্ন হৈ পৰিছে।
২০১০ চনত হিমাচল প্ৰদেশৰ বিধান সভাত ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত 'পাহাড়ী (হিমাচলী)' অন্তৰ্ভুক্ত কৰাৰ দাবী তুলি ধৰা হৈছিল, যি হিমাচল প্ৰদেশৰ অনেক ভাষাক প্ৰতিনিধিত্ব কৰিলেহেতেন।[5] কিন্তু তাৰ পাছত এই দিশত কোনো অগ্ৰগতি দেখা যোৱা নাই, যদিও অনেক সৰু সৰু সংগঠনে এই ভাষাৰ সংৰক্ষণৰ বাবে কাম কৰি আহিছে।[6] ৰাজনৈতিক কাৰণত এই ভাষাক পাঞ্জাবী ভাষাৰ উপভাষা হিচাপে নথিভুক্ত কৰা হৈছে এনে কৰা হৈছিল জি এ গ্ৰিয়েৰ্ছনৰ যুক্তিৰ ভিত্তিত, যিয়ে কহলূৰীক পাঞ্জাবীৰ এক "অভং" ৰূপ আখ্যা দিছিল।[7] পাছলৈ ভাষাবিদসকলে সেই যুক্তিক নস্যাৎ কৰিছে আৰু এই মতত উপনীত হৈছে যে ই পাঞ্জাবী নহয়, বৰং অন্যান্য পশ্চিমীয়া পাহাড়ী ভাষাসমূহৰ সৈতেহে ভালেমান সম্বন্ধিত।[8]
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ