কাংগড়ী
কাংগড়ী (টাকৰী লিপিত: 𑚊𑚭𑚫𑚌𑚪𑚯) এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ ভাৰতত কথিত। এই ভাষা মুখ্যতঃ হিমাচল প্ৰদেশৰ কাংগড়া, উনা আৰু হমীৰপুৰ তথা পাঞ্জাবৰ গুৰদাসপুৰ, ৰূপনগৰ আৰু হোশ্বিয়াৰপুৰত ব্যৱহাৰ কৰা হয়। এই ভাষাৰ সৈতে কাংগড়া উপত্যকাৰ লোক জড়িত। ২০১১ চনত ১১ লাখ কাংগড়ী ভাষী লোক আছিল। অন্যান্য ভাৰতীয়-আৰ্য ভাষাৰ দৰেই কাংগড়ী ভাষায়ো চুবুৰীয়া ভাষাসমূহৰ সৈতে এটি উপভাষাৰ নিৰন্তৰতা বৰ্তাই ৰাখে। এনেদৰে ই অন্য পাহাড়ী প্ৰকাৰ যেনে পূবত মণ্ডিয়ালী আৰু কুলূঈ, উত্তৰত চম্বয়ালী, গদী আৰু ভটিয়ালী আৰু দক্ষিণ-পূবত কহলূৰীৰ সৈতে সম্বন্ধিত। উত্তৰ-পশ্চিম দিশে ই জম্মু ডোগ্ৰী আৰু দক্ষিণ দিশে পাঞ্জাবীৰ সৈতে সম্বন্ধিত।[1] বৰ্তমানে এই ভাষাক পশ্চিম পাহাড়ী ভাষা গোটত ৰখা হৈছে। লিপিএই ভাষা টাকৰী লিপিত ঐতিহাসিকভাৱে লিখা হৈ আহিছে। কিন্তু বৰ্তমানে কোনো কোনোৱে দেৱনাগৰী লিপিও ব্যৱহাৰ কৰে। সুৰচুবুৰীয়া পাঞ্জাবী আৰু ডোগ্ৰীৰ দৰেই কাংগড়ীও এটি সুৰীয়া ভাষা। কিন্তু কাংগড়ীত সুৰৰ ব্যৱহাৰ। ।[2] ব্যাকৰণউপনামসমূহপ্ৰথম পুৰুষ একবচন : मैं /mæ̃/ প্ৰথম পুৰুষ বহুবচনl : असाँ, अहाँ /əsãː, əhãː/ দ্বিতীয় পুৰুষ একবচন : तू /tu/ দ্বিতীয় পুৰুষ বহুবচন : तुसाँ, त्वहाँ /t̪usãː, t̪vəhãː/ তৃতীয় পুৰুষ (একবচন আৰু বহুবচন) : सै /sæ/ স্থিতিএই ভাষাক অনেকে পাহাড়ী বা হিমাচলীও আখ্যা দিয়ে। কোনো কোনো পাঞ্জাবী আৰু ডোগ্ৰী ভাষাবিদে কাংগড়ীক নিজ নিজ ভাষাৰ উপভাষা বুলিও দাবী কৰে।[3][4] কিন্তু সেই ভাষাসমূহৰ সৈতে সামঞ্জস্য কেৱল সীমাৱৰ্তী উপভাষাসমূহতহে দেখা যায়, ভাৰতীয়-আৰ্য ভাষাসমূহে প্ৰদৰ্শন কৰা উপভাষাৰ নিৰন্তৰতাৰ বাবে। কাংগড়ী ভাষাৰ কবি আৰু লেখকসকলে পাহাড়ী ভাষাসমূহৰ সংৰক্ষণ আৰু উত্থানৰ বাবে অহৰহ চেষ্টা কৰি আহিছে, বিশেষকৈ হিমাচল প্ৰদেশ একাডেমী অৱ আৰ্টছ, কাল্সাৰ এণ্ড লেংগুৱেজেছৰ অধীনত।[5] এই ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই। ইউনেস্ক'ৰ মতে এই ভাষা নিশ্চিতভাৱে বিলুপ্তপ্ৰায়, যাৰ অৰ্থ হ'ল কাংগড়ী শিশুসকলে মাতৃভাষা হিচাপে নিশিকা হৈছে। ২০১০ চনত হিমাচল প্ৰদেশৰ বিধান সভাত এই দাবী তুলি ধৰা হৈছিল যে ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত 'পশ্চিমীয়া পাহাড়ী' অন্তৰ্ভুক্ত কৰা হওক, যিয়ে হিমাচল প্ৰদেশৰ বিভিন্ন ভাষাক প্ৰতিনিধিত্ব কৰিব।[6] তাৰ পাছত এই দিশত কোনো অগ্ৰগতি দেখা হোৱা নাই।[7] ৰাজনৈতিক কাৰণত এই ভাষাক হিন্দীৰ উপভাষা হিচাপেহে নথিভুক্ত কৰা হয়, যদিও হিন্দীৰ সৈতে পৰস্পৰ বোধগম্যতা এই ভাষাৰ কম। তথ্য সংগ্ৰহ
অধিক পঢ়ক
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia