ভটিয়ালী বা ভট্টিয়ালী এটি পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা মুখ্যতঃ হিমাচল প্ৰদেশৰ চম্বা জিলাৰ ভট্টিয়ত বিভাগ, কাংগ্ৰা জিলাৰ নূৰপুৰ বিভাগ আৰু পাঠানকোটৰ পাহাড়ীয়া অঞ্চলত কঠিত। ২০১১ চনৰ ভাৰতৰ জনগণনা অনুযায়ী এই ভাষা কোৱা লোকৰ সংখ্যা ২৩৯৭০ আছিল।[1] তাৰেই ১৫১০৭জন চম্বা জিলাৰ বাসিন্দা আছিল।[2]
ভটিয়ালীক কেতিয়াবা কেতিয়াবা ডোগ্ৰী[3] বা পাঞ্জাবী[4] ভাষাৰ উপ-ভাষা আখ্যা দিয়া হয়। ২০১১ চনৰ ভাৰতৰ জনগণনাত ভটিয়ালীক পাঞ্জাবীৰ উপ-ভাষা হিচাপে নথিভুক্ত কৰা হৈছিল।[5]
ঐতিহাসিকভাৱে এই ভাষা টাকৰী লিপিৰে লিখা হৈছিল।
শব্দৰ উদাহৰণ
- মই: म्या/मै
- তুমি: त्या/तै
- আমি: अंहां/असा
- তোমালোক: तुंहां/तुसा
- তেওঁ: से
- মোৰ: मिरा/मिरी/मिरे
- তোমাৰ: तिरा/तिरी/तिरे
- আমাৰ: स्याढ़ा/स्याढ़ी/स्याढ़ै বা हांदा/हांदी/हांदे
- তোমালোকৰ: दुआढ़ा/दुआढ़ी/दुआढ़ै
- নিজ: अप्पु
- সি: तिनी/उनी
- তাই: तिसा/उसा
- তাৰ: तिद्दा/तिस्दा/उद्दा
- তাইৰ: तिसादा/उसादा
- তাহাঁতৰ: तिन्दा/तिनादा
- সেয়া (পুং): तिस/तैस
- সেয়া (স্ত্ৰী): तिसा/तैसा
- মোলৈ: मिकी/मिकेआ
- তোমালৈ: तिकी/तिकेआ
- তালৈ: तिसेया/तिसी
- তাইলৈ: तिसाया/तिसाई
- তাহাঁতলৈ: तिनेयां/तिनाई
- আমালৈ: सेयां/साह्की
- সকলোলৈ: सभनीयां/सभनी
- ময়ো: मिम्हीं
- তুমিও: तुम्हीं
- মোৰ/ তোমাৰ পৰা: मेर्श/तेर्श
তথ্য সংগ্ৰহ