গদী ভাষা
গদী, গদকী, গদিয়ালী বা ভৰমৌড়ী (টাকৰী লিপিত: 𑚌𑚛𑚯, 𑚌𑚛𑚊𑚯, 𑚌𑚛𑚮𑚣𑚭𑚥𑚯, 𑚡𑚤𑚢𑚵𑚪𑚯) এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা মুখ্যতঃ উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশৰ চম্বা জিলাৰ ভাৰমৌড় অঞ্চলৰ গদী লোকে ব্যৱহাৰ কৰে। তদুপৰি, চুবুৰীয়া জম্মুৰ উধমপুৰ, কথুৱা আৰু দোদা জিলাতো এই ভাষা কোৱা হয়।[1] এই ভাষাটো পৰম্পৰাগতভাৱে টাকৰী লিপি ব্যৱহাৰ কৰি লিখা হৈ আহিছে।[2] উপভাষাগদী ভাষাৰ ৪ট উপভাষা আছে:[3]
স্থিতিএই ভাষাক অনেকে পাহাড়ী বা হিমাচলীও আখ্যা দিয়ে। কোনো কোনোৱে এই ভাষা ডোগ্ৰীৰ উপভাষাও জ্ঞান কৰে। ইউনেস্ক'ই এই ভাষাক নিশ্চিতভাৱে লুপ্তপ্ৰায় ভাষাৰ তালিকাত ৰাখিছে, যাৰ অৰ্থ হ'ল যে গদী শিশুৱে এই ভাষা মাতৃভাষা হিচাপে নিশিকা হৈছে।[4] হিমাচল প্ৰদেশৰ বিধান সভাত ২০১০ চনত 'পাহাড়ী (হিমাচলী)' নামেৰে এটি ভাষা ভাৰতৰ সংবিধানত অষ্ট অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী তুলি ধৰা হৈছিল।[5] পিচে এই ক্ষেত্ৰত তাৰ পাছত কোনো উন্নতি দেখা যোৱা নাই, যদিও অনেক সৰু সৰু সংগঠনে এই ভাষা সংৰক্ষণৰ চেষ্টা কৰি আহিছে।[6] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia