ঠেঙ্গাল কছাৰী জনগোষ্ঠী
ঠেঙ্গাল কছাৰী (ইংৰাজী: Thengal Kachari) লোকসকল অসমীয়া জাতিৰ অন্যতম অংগ। এওঁলোক চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো-কছাৰী শাখাৰ এটা জনগোষ্ঠী। ঠেঙ্গাল কছাৰী সকলে বৰ্তমান অসমীয়া ভাষা ব্যৱহাৰ কৰে।[1] এই সম্প্ৰদায়টিৰ সাংস্কৃতিক জীৱন অসমীয়া জাতীয় সাংস্কৃতিক জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে সাঙোৰ খাই আছে।[2] উত্তৰ পূব ভাৰতত মংগোলীয়সকল কোন সময়ত প্ৰৱেশ কৰিছিল সঠিককৈ কোৱা টান। আনুমানিক খৃ:পূ: ১০০০ বছৰৰ পূৰ্বে তেওঁলোকে এই অঞ্চলত প্ৰৱেশ কৰিছিল। [3]
কিছুসংখ্যক পণ্ডিতে বিশ্বাস কৰে যে ৰেভাৰেণ্ড ছিডনী এণ্ডলে উল্লেখ কৰা উত্তৰ গোষ্ঠীৰ শৰণীয়াসকলেই উজনিৰ ঠেঙ্গাল আৰু সোণোৱাল কছাৰীসকল।
এই পূব গোষ্ঠীতেই ঠেঙ্গাল কছাৰীক ড॰ দাসে অন্তৰ্ভুক্ত কৰিছে।
নামৰ উৎপত্তিবুৰঞ্জীবিদ আৰু পণ্ডিত সকলৰ মতে ব্ৰহ্মপুত্ৰ উপত্যকাত পৰ্বতৰ দাঁতি-কাষৰীয়া ঠাইত প্ৰথমে বাস কৰা মংগোলীয় বা কিৰাত সকলেই এসময়ত কছাৰী নাম পায় আৰু 'কছাৰী' নামকৰণ অসমৰ হিন্দু ওচৰ-চুবুৰীয়া সকলৰ সৃষ্টি। হেমকোষ অভিধানত ' ঠেঙ্গাল ' ৰ বিষয়ে অসমৰ এজাতি আদিমবাসী কছাৰী বুলি উল্লেখ কৰিছে। কিছু লেখকৰ মতে ১৫২৬ খ্ৰীষ্টাব্দৰ কছাৰী-আহোমৰ যুদ্ধত কিছু কছাৰী সৈন্য পৰিয়ালৰ সৈতে দৈয়াং নদীৰ পাৰৰ কাছমাৰীত (গোলাঘাট) পৃথক কছাৰী ৰাজ্য স্থাপন কৰিবলৈ আহিছিল।[4] সেই সময়ত কছাৰী সৈন্যই ঠেঙ্গা পিন্ধি যুদ্ধ কৰিছিল। কিন্তু পিছলৈ তেওঁলোকে যুদ্ধৰ বাহিৰেও যিকোনো সময়ত ঠেঙ্গা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। সেয়ে এই গোষ্ঠীটোক আন মানুহে "ঠেঙ্গাল" বুলি অভিহিত কৰিছিল আৰু পিছলৈ তেওঁলোকক পৃথক ঠেঙ্গাল কছাৰী জনগোষ্ঠী নামেৰে জনা গৈছিল। আন কিছু লেখকৰ মতে, আহোম ৰজাই সাহসী আৰু যুদ্ধ বিদ্যাত পাকৈত কছাৰীসকলক যুদ্ধৰ বাবে সৈনিক হিচাপে ৰাখিছিল আৰু যুদ্ধৰ বাবে তেওঁলোকক ঠেঙ্গা (Pantloon) পিন্ধিবলৈ দিছিল। সেই ঠেঙ্গা পিন্ধাৰ বাবেই তেওঁলোকক ঠেঙ্গাল বুলি মাতিছিল। সময়ৰ লগে লগে সেই ঠেঙা পিন্ধা কছাৰীসকলেই ঠেঙ্গাল সম্প্ৰদায়ত পৰিণত হয়।[5] আন এটা মতামত হ’ল আহোম শাসনৰ সময়ত কছাৰী লোকসকলক সোণ আৰু ৰূপ আহৰণ কৰা কামৰ ভিত্তিত ‘সোণোৱাল’ আৰু ‘ৰূপোৱাল’ বা ‘ঠেঙ্গাল’ হিচাপে বিভক্ত কৰা হৈছিল।[6] কিন্তু এই মতামতটো ঠেঙ্গালকছাৰীলোকসকলৰ বাবে ভিত্তিহীন আৰু দুৰ্বল।[5] বৰ্তমান ঠেঙ্গাল কছাৰী সকল যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, লক্ষীমপুৰ, দৰং, শোণিতপুৰ, কাৰ্বি আংলং আদি জিলাত আৰু ডিমাপুৰত সিঁচৰতি হৈ আছে।[7] পৰম্পৰাগত সাজপাৰঠেঙ্গাল কছাৰীসকলৰ পৰম্পৰাগত সাজপাৰৰ ভিতৰত পুৰুষসকলৰ প্ৰধান সাজ চুৰীয়া,চাদৰ, হাতৰ দীঘল চোলা। এৰী, মুগা,পাট আৰু অনান্য সূতাৰে মহিলাসকলে ঘৰতে পুৰুষৰ বাবে তৈয়াৰ কৰি দিয়ে। বিয়া-বাৰুত পুৰুষে মুগাৰ চোলা-চুৰীয়া, চেলেং,গামোচা আৰু মূৰত মুগাৰ পাগ মাৰে। দৰাৰ বাবে আঢ়ৈকঠীয়া চেলেং কাপোৰ, দুকঠীয়া গামোচা বাধ্যতামূলক। তেনেদৰে মহিলা সকলে মেখেলা, বুকুত ৰিহাৰে বান্ধি মেথনি মাৰে, গাত চাদৰ আদি পৰম্পৰাগতভাৱে পৰিধান কৰে। গাভৰু ছোৱালীয়ে সাধাৰণভাৱে ৰিহা, চাদৰ মেখেলা পিন্ধে। মুগা, এৰি, পাটৰ গুণাকৰা, গাঁৰিদিয়া বা কেচবচা ৰিহা, মেখেলা চাদৰৰ প্ৰচলন থকাৰ উপৰিও কপাহী সূতাৰেও তৈয়াৰী সাজৰ প্ৰচলন আছে। ৰিহা-মেখেলাৰ পাতলিত গছ লতা, ফুল পাতৰ, জীৱ-জন্তু আৰু জ্যামিতিক ছবি বাচি লোৱাত ঠেঙ্গাল কছাৰী তিৰোতাসকল বৰ পাকৈত বুলি কোৱা হয়। এই ৰীতিৰ অনুৰূপ চিত্ৰ ডিমাপুৰ আৰু কাছমাৰি পথাৰৰ ভাস্কৰ্যত থকা বুলি ড° বিৰিঞ্চি কুমাৰ বৰুৱাই অসমীয়া ভাষা আৰু সংস্কৃতি নামৰ গ্ৰন্থত উল্লেখ কৰিছে। ঠেঙ্গাল জনগোষ্ঠীৰ দৰাৰ দৰে কইনাৰ সাজো সুকীয়া। আঢ়ৈকঠীয়া ফুলাম চেলেং,ৰঙীন ফুলাম মেখেলা,ৰিহা সুন্দৰকৈ কইনাৰ বাবে তৈয়াৰ কৰে। [4] জনজাতীয় মহিলাৰ মাজত ওৰণি আৰু সেন্দূৰৰ ব্যৱহাৰ দেখা পোৱা নাযায় যদিও ঠেঙ্গাল কছাৰী তিৰোতাই ওৰণি লয় আৰু সেন্দূৰ ব্যৱহাৰ কৰে। বংশসমূহপ্ৰথম অৱস্থাত ঠেঙ্গাল কছাৰীসৈন্যসকলক কামৰ ওপৰত ভিত্তি কৰি ২১টা পৃথক গোটত ভাগ কৰা হৈছিল।[8] বৰ্তমানে এই গোটকেইটাই ২১ টা বংশ হিচাপেহে আছে; জীৱিকাৰ বৃত্তিসমূহ বংশবোৰত নাই।
পালন কৰা উৎসৱসমূহঅসমীয়া জাতিৰ অন্য জনগোষ্ঠীৰ দৰে ঠেঙ্গাল কছাৰীলোকসকলেও বিহু পালন কৰে।[5] ব’হাগ বিহুপ্ৰধান প্ৰবন্ধ: ব'হাগ বিহু
ব’হাগ বিহু ঠেঙ্গাল কছাৰীলোকসকলৰ মাজত আটাইতকৈ জনপ্ৰিয় বিহু। ঠেঙ্গাল কছাৰীলোকসকলে বিহু আৰম্ভ কৰে চ’ত মাহৰ প্ৰথম দিনটোতে।[4] সেয়ে ইয়াক ‘চ’ত বিহু’ বুলি কোৱা হয়। চ’ত মাহৰ প্ৰথম দিনৰ পৰাই ঠেঙ্গাল কছাৰী ছোৱালীসকলে ৰাতি বটগছৰ তলত ‘ৰাতি বিহু’ পৰিবেশন কৰা আৰম্ভ কৰে। এই ৰাতি বিহু চ’তৰ সংক্ৰান্তি বা ব’হাগ বিহুৰ উৰুকালৈকে পৰিবেশন কৰা হয়। ব’হাগ মাহৰ প্ৰথম দিনৰ পৰা এই বিহু দিনত পৰিবেশন কৰা হয়। আজিকালি এই বিহুক মাইকী বিহু বা গাভৰু বিহু বুলিও কোৱা হয়।[5] ‘তৰাছিৰা বিহু’ বা ‘বালি হুঁচৰি’ আৰু ‘নৰাছিগা বিহু’ ঠেঙ্গাল কছাৰীলোকসকলৰ দুটা উল্লেখযোগ্য বিহু।[4] গৰু বিহুৰ দিনা ঠেঙ্গাল কছাৰীলোকসকলে গৰুৰ ডিঙিত সন্ধিয়া নতুন তৰাগছৰ ৰছী বান্ধে। ইয়াৰ বাবে কিছুমান ডেকা ল’ৰাই বিহু গান গাই আৰু নৃত্য কৰি হাবিৰ পৰা তৰা গছ আনিবলৈ যায়। বয়সীয়াল লোকসকলে এই তৰা গছৰ পৰা গান গাই ৰছী প্ৰস্তুত কৰে। এই গান-নাচসমূহকে ‘তৰাছিৰা বিহু’ বোলা হয়।[5] যেতিয়া শস্য চপোৱা হয় তেতিয়াও ডেকা ল’ৰাবোৰে বিহু গান গাই নৰা কাটে। এই বিহুটোক ‘নৰাছিগা বিহু’ বোলে।[5] ঠেঙ্গাল কছাৰীলোকসকলৰ আন এটা উল্লেখযোগ্য বিহু হৈছে ‘বোকা বিহু’।[4] গৰু বিহুৰ দিনা সন্ধিয়া মেধিৰ ঘৰৰপৰা বিহুৰ হুঁচৰি আৰম্ভ কৰা হয়। সেইসময়ত বিহুৰ আৰম্ভণিতে চোতালত পানী ঢালি বোকাময় কৰি তোলা হয় আৰু তাৰ পিছত গাত বোকা লেপি গান গায় আৰু নাচে। এনে দৰে পালন কৰা বিহুক ‘বোকা বিহু’ বোলা হয়। বিহুৰ শেষত ঠেঙ্গাল কছাৰীলোকসকলৰ মাজত বিহু উৰুৱা পৰম্পৰা আছে।[5] গৰুবিহুৰ দিনা সন্ধিয়া কিছু কিছু ঠেঙ্গাল কছাৰীলোকে ‘মৃতকক দিয়া’ বুলি এটা অনুষ্ঠান পালন কৰে। এই অনুষ্ঠানত পূৰ্বপুৰুষলৈ বিভিন্ন প্ৰকাৰৰ খাদ্য আগবঢ়োৱা হয়।[5] কাতি বিহুমাঘ বিহুতথ্য সংগ্ৰহ
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia