অসমৰ চৰ-চাপৰিবাসী
অসমৰ চৰ-চাপৰিবাসী বুলি ক'লে নৈ পৰিয়া চাপৰি অঞ্চলত বাস কৰা লোক সকলক বুজা যায়। অসমখন ভাৰতৰ উত্তৰ-পূৱ সীমান্তত অৱস্থিত এখন ৰাজ্য। অসমৰ সোঁ মাজেদি সুবিশাল মহাবাহু ব্ৰহ্মপুত্ৰ নদ পূৱৰ পৰা পশ্চিমলৈ বৈ গৈছে। অসমৰ সভ্যতা, সংস্কৃতি, লুইতৰ লগত গভীৰভাৱে জড়িত। ১৯৫০ চনৰ প্ৰবল ভূমিকম্পৰ পিছত নামনি অসমত লুইতৰ বুকুত যথেষ্ট সংখ্যক চৰৰ সৃষ্টি হয়। তদুপৰি খহনীয়াৰ ফলতো নতুনকৈ চৰৰ সৃষ্টি হোৱাত অকল ধুবুৰী জিলাতেই ৩১৩খন চৰ গাওঁ স্থাপিত হয়।[1] ইতিহাসআমাৰ মাতৃভূমি ভাৰত তথা অসমলৈ আৰ্য-অনাৰ্য, শক, কুষাণ, মোগল, পাঠান, মঙ্গোলীয়, তিব্বতী, বৰ্মা, অষ্ট্ৰিক আদি সকলো জনগোষ্ঠীৰ লোকেই প্ৰব্ৰজিত হৈ আহিছে, কোনোবা জনগোষ্ঠী আগত আহিছে, কোনোবা জনগোষ্ঠী পিছত আহিছে। মুঠতে ভাৰত তথা অসমলৈ সকলো জনগোষ্ঠীৰ লোকেই প্ৰব্ৰজিত হৈ আহিছে আৰু আটায়েই একত্ৰিত ভাৱে ইয়াক নিজৰ মাতৃভূমি বুলি গ্ৰহণ কৰি ‘জীৱন মৰণে’ ইয়াতে থাকি ইয়াক সমৃদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।[2] অসমীয়া সংস্কৃতি এক সংমিশ্ৰিত কৃষ্টি। বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন জনগোষ্ঠীৰ লোকসকলে সন্মিলিতভাৱে গঢ়ি তুলিছে অসমীয়া সংস্কৃতি, অসমীয়া জাতি। অসমীয়া জাতি গঠন প্ৰক্ৰিয়া কেতিয়াও সম্পূৰ্ণ বন্ধ হোৱা নাই। আনহাতে আজিৰ সমৃদ্ধিশালী অসমীয়া সংস্কৃতি সেয়াও একেদিনে বা মাথোঁ কোনো বিেশেষ জনগোষ্ঠীৰ লোকৰ অৱদানেৰে সমৃদ্ধ হোৱা নাই। চামে চামে বিভিন্ন জনগোষ্ঠীৰ লোকে অসমলৈ আহি ইয়াত লীন যোৱাৰ দৰে মুছলমানসকলো আন ঠাইৰ পৰা অসমলৈ আহি ইয়াত লীন হৈছে। অসমত মুছলমানসকলৰ আগমন ১২০৫ বা ১২০৬ খ্ৰীষ্টাব্দত বুলি ইতিহাসে কয়। উক্ত সময়ৰ আগে পিছে অহা মুছলমানসকলক অসমীয়া মুছলমান বুলি কোৱা হয়। আজিৰ সময়ত আৰু এচাম মুছলমান আছে। তেওঁলোক বঙ্গমূলীয় মুছলমান। বঙ্গমূলীয় মুছলমানসকলৰ অসমলৈ আগমন ঘটিছে ব্ৰিটিছ সকলৰ শাসন কালত। আৰু এই বঙ্গমূলীয়া মুছলমান সকলে বিশেষকৈ সেই সময়ৰ গোৱালপাৰা জিলাত থাকিবলৈ লয়। বঙ্গমূলীয়া মুছলমানসকলক বিভিন্নজনে বিভিন্ন নামেৰে চিহ্নিত কৰাৰ চেষ্টা কৰিছে যদিও আজলৈকে সঠিক তথা সৰ্বজনগ্ৰাহ্য নামকৰণ হোৱা নাই।[3][4] ১৮২৬ খ্ৰীঃৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে সম্পাদিত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম ব্ৰিটিছৰ শাসনাৰ্ধীন হয়। তাৰ পিছতেই ব্ৰিটিছ চৰকাৰে গোৱালপাৰা জিলাক গাৰোপাহাৰৰ পৰা আঁতৰাই অসমৰ সৈতে চামিল কৰে। ১৮২৬ খ্ৰীঃৰ পৰা ১৮৬৬ খ্ৰীঃলৈ গোৱালপাৰা জিলা অসমৰ সৈতে আছিল। কিন্তু ১৮৬৭ খ্ৰীঃৰ ৩ ডিচেম্বৰত ব্ৰিটিছ চৰকাৰে গাৰোপাহাৰ আৰু গোৱালপাৰা জিলাক অসমৰ পৰা আঁতৰাই নি নতুনকৈ গঠন কৰা কোচ বিহাৰ কমিছনাৰেটৰ অন্তৰ্ভুক্ত কৰে। ১৮৭৪ খৃঃত চৰকাৰে গোৱালপাৰা জিলাক পুনৰ অসমৰ শাসনাধীন কৰে। ১৯০৫ খ্ৰীঃত ৰাজনৈতিক কাৰণত ব্ৰিটিছ চৰকাৰে বঙ্গদেশক বিভক্ত কৰি পূৰ্ব আৰু পশ্চিম বঙ্গ নামেৰে দুখন ৰাজ্য গঠন কৰে। তাৰ পিছতে পূৰ্ব বঙ্গক অসমৰ পৰা পৃথক কৰে। তেতিয়াৰ পৰাই গোৱালপাৰা জিলা সম্পূৰ্ণৰূপে অসমৰ অন্তৰ্ভুক্ত হৈ আছে। অৱশ্য পূৰ্বৰ সেই গোৱালপাৰা জিলাক সম্প্ৰতি প্ৰশাসনিক সুবিধাৰ্থে ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, আৰু গোৱালপাৰা জিলাত বিভক্ত কৰা হৈছে। অতীতত বিভিন্ন কাৰণত অবিভক্ত গোৱালপাৰা জিলাখন বঙ্গদেশৰ সৈতে সংযুক্ত হৈ থকা বাবে অসমৰ অন্যান্য জিলাৰ তুলনাত এই জিলাত বঙ্গীয়মূলৰ লোকৰ জনবসতি ঘন।[2] লোক-সংস্কৃতিবৰ লুইতৰ বিস্তীৰ্ণ পাৰৰ পলসুৱা ৰসাল আবাদি মাটিত ৰ’দ, বৰষুণ, ধুমুহা, বানপানী, খৰাং, খহনীয়া আদি প্ৰাকৃতিক পৰিঘটনাৰ সতে সহাৱস্তান কৰি জীৱন নিৰ্বাহ কৰা লোকসকল হ’ল চৰ-চাপৰিৰ বাসিন্দা। এই লোকসকলৰো নিজস্ব এটি সত্তা আৰু সংস্কৃতি আছে।[5] বাসস্থানপ্ৰায় এশ শতাংশই মুছলমান সম্প্ৰদায়ৰ অতি পৰিশ্ৰমী চৰ-চাপৰিৰ লোকৰ ঘৰবোৰ সাধাৰণতে বাঁহ, কঁহুৱা, ইকৰা, খেৰ, মৰাপাট আদিৰে সজা আৰু নৈ, বিলৰ পাৰে পাৰে খলা-বমা বাটৰ কাষে কাষে শাৰী পতা। কৃষিভিত্তিক হোৱা বাবেই প্ৰত্যেক ঘৰৰ সন্মুখত শস্য চপোৱাৰ বাবে এখনকৈ আগচোতাল (বাইৰ বাৰী) থাকে, গৰু-ম’হে পানী খোৱাৰ বাবে গোহালিৰ ওচৰতে একো একোখন বাঁহৰ খাচত মাটিৰ বা ছিমেণ্টৰ একো একোটা পাত্ৰ (চাৰি) আদি থাকে। প্ৰায় প্ৰত্যেক ঘৰতে গৰু, ম’হ, ছাগলী, ভেৰা, ঘোঁৰা, হাঁহ-কুকুৰা আদি থাকে।[6] পৰিয়ালৰ মুৰব্বী বা মুখিয়াল ব্যক্তিজন থকা বিশেষ ঘৰটোক বৰো (ডাঙৰ) ঘৰ বুলি কোৱা হয়। অইন মানুহ আহিলে তেওঁলোকৰ বহাৰ কাৰণে একো একোটা আচুতীয়া ঘৰো (মাকৰি ঘৰ) থাকে। প্ৰায় প্ৰত্যেক ঘৰতে আম, কঁঠাল, জাম, কলগছ আদি যথেষ্ট পৰিমাণে থাকে। শীতকালত প্ৰায়ভাগ মানুহৰে পাকঘৰৰ (ৰন্ধা ঘৰ) সন্মুখত চৌকা (আইচাল) আদি মৰাপাটৰ ঠাৰিৰে বেৰ (বাওবেৰা) দি ৰন্ধা-বঢ়া কৰা হয়। গাঁওবিলাকৰ একোখনকৈ সামাজিক খেল থাকে। প্ৰত্যেক খেলৰ মুখিয়াল জনক মাতাব্বৰ বা দেওৱানী বোলা হয়। আৰু তেওঁৰ নিৰ্দেশত খেলখন চলে।[7] চৰ-চাপৰিত উৎপন্ন হোৱা শস্যযিহেতু চাপৰিবাসীসকল কৃষি ভিত্তিক সেয়ে তেওঁলোকৰ খেতি-বাতিত উৎপন্ন হোৱা শস্যৰ তালিকাও বহল। তেওঁলোক খেতিত উৎপন্ন কৰা শস্যৰ তালিকা তলত উল্লেখ কৰা হ’ল। ভাষাচৰ-চাপৰিবাসীৰ স্থানীয় সুকীয়া ভাষা (ভাটিয়ালি ভাষা) আছে। ইয়াৰে অধিকাংশ বঙালী ভাষাৰ লগত মিল আছে যদিও গোৱালপাৰীয়া আৰু অসমীয়া ভাষাৰো কিছু সংমিশ্ৰণ দেখা যায়। যেনে- সাপ, শাক, শগুণ, শুকান, শেৱালি আদি বহু অসমীয়া শব্দ ব্যৱহাৰ হোৱা দেখা যায়। এই অঞ্চলৰ শিক্ষানুষ্ঠান বিলাকত অসমীয়া মাধ্যমত শিক্ষাদান দিয়া হয়। আৰু সকলোৱে অসমীয়া ভাষাত গল্প, কবিতা, প্ৰবন্ধ, দলিল আদি লিখা-মেলা কৰে।[7] ৰীতি-নীতিচৰ-চাপৰি অঞ্চলত অতীত কালৰ পৰা কিছুমান লোকাচাৰ, অন্ধবিশাস চলি আহিছে। বাৰিষাৰ পিছত হাইজা, কলেৰা আদি ৰোগ খেদিবলৈ ওজা বা কবিৰাজৰ দ্বাৰা গলত তাবিজ লগোৱা, কাণত, চূণ লগোৱা, গাভৰু ছোৱালী ডাঙৰ গছৰ তলেদি অহা-যোহা কৰিবলৈ নিদিয়া, ওজাৰ দ্বাৰা ভূত-প্ৰেত এৰোৱা, পহিলা বহাগত জিকা গছৰ গুটি খুওৱা বা খোৱা, ২১ (একৈছ) বিধ গছৰ শাক খোৱা, বাওধানৰ খীৰ খোৱা, পাচলি খেতিত মাটিৰ টেকেলিত চূণ কালিৰে বিকট আকাৰৰ লাওখোলা (ছোঁ) বনোৱা, যাত্ৰাপথত পিছ ফালৰ পৰা মাত নিদিয়া, ভঁৰালত ধান ভৰাওতে কথা নপতা, গৰু-ম’হৰ প্ৰথম গাখীৰ কুঁৱা বা নদীত পেলোৱা, ৪০ (চল্লিশ) দিনলৈকে গাখীৰ গৰম নকৰা, জ্যেষ্ঠজনৰ সন্মুখত উচ্চ আসনত নবহা, হাতে হাতে চূণ নোলোৱা, ডাঙৰ ঘৰত অকলে নোশোৱা, মুখেৰে ফুৱাই চাকি নুনুমুৱা বিচনী-বাঢ়নি আৰু গাৰুত নবহা, ফটা কাপোৰ শৰীৰত নিচিলোৱা, সন্তান গৰ্ভত থকা অৱস্থাত স্বামীয়ে চৰাই-চিৰকটি আদি জবেহ নকৰা (নামাৰা), কলা মেকুৰী দেখিলে যাত্ৰা নষ্ট হোৱা, জেঠীয়ে টিক্-টিক্ কৰিলে যাত্ৰা অশুভ হোৱা, ভঙা পাত্ৰত আহাৰ নোখোৱা, দুৱাৰ দলিত বহি আহাৰ ভক্ষণ নকৰা, শনি-মঙ্গলবাৰে কোনো শুভ কাম কৰাত বাধা, চ’ত মাহত কোনো মাংগলিক কাম নকৰা, বৃহস্পতিবাৰে বাঁহ নকটা, মূৰত তেল লগাই মৰাপাটৰ গুটি সিঁচা, সন্তান জন্মৰ পিছত প্ৰসূতি বা পোৱতিৰ ঘৰ-জাল-বগৰী কাঁইটীয়া ডাল গৰুৰ হাড়-লোৰ সামগ্ৰী আদি দি ভূত-প্ৰেত আদিৰ পৰা ৰক্ষা কৰা, কেঁচুৱাৰ মাতৃক কলডিল ভাজি খুওৱা আদি বহুতো লোকাচাৰ পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আছে যদিও সাম্প্ৰতিক কালত এইবোৰৰ প্ৰভাৱ যথেষ্ট সলনি হৈছে।[8][7] চৰ-চাপৰি লোকসকলে সামাজিক বিবাহ ‘নিকাহ’ বুলি যুগ্ম জীৱনৰ পাতনি মেলাৰ স্বীকৃতি হিচাপে এই সমাজত বিবাহ বা নিকাহৰ প্ৰচলন আছে। এই সমাজত পিতৃ-মাতৃৰ ইচ্ছানুযায়ী সামাজিক বিবাহ হয়। প্ৰেম বিবাহ এই সমাজ ব্যৱস্থাৰ পৰিপন্থী। দৰা-কইনাক পাল্কি, গৰুৰ গাড়ী, ম’হৰ গাড়ী আৰু ঘোঁৰাত তুলি অনাৰ প্ৰচলন আছে।[9] চৰ-চাপৰিৰ সমাজত সন্তান জন্মাৰ দিনৰে পৰা পিতৃ-মাতৃৰ ওপৰত সন্তান ‘আকিকা’টো ফৰজ (কৰ্তব্য) বা একান্ত কৰণীয় লৈ চল্লিছ দিনলৈকে প্ৰসূতিক চুৱা ঘৰত ৰখা হয়। এই আকিকাৰ সময়ত নিজৰ সন্তানটিৰ মঙ্গল কামনাৰে গো-ছাগলী আদি পশু আল্লাহৰ ৱাস্তে উছৰ্গা কৰি দুখীয়া নিঃকিন মানুহৰ মাজত বিলাই দিয়া হয়। এই সময়তে সন্তানৰ নামকৰণো কৰা হয়। এই সমাজৰ ল’ৰা সকলক সাবালক হোৱাৰ আগে আগে অৰ্থাৎ শৈশৱকালত খাৎনা বা মুছলমানী কৰা প্ৰথা এটিও প্ৰচলন আছে। এই প্ৰথাটো এক উৎসৱ হিচাবে পালন কৰা হয়।[7] মৃতকৰ লোকাচাৰচৰ-চাপৰিত মৃতকক সমাধিস্থ (কবৰস্থ) কৰা হয়। ইয়াৰ বাবে সুকীয়া কবৰস্থান থাকে। অৱশ্য কিছুমান ব্যক্তিৰ ঘৰত নিজৰ পৰিয়ালৰ মানুহৰ বাবে সুকীয়া কবৰস্থান আছে। মুমূৰ্ষুু ব্যক্তিয়ে শেষ নিশ্বাস ত্যাগ কৰাৰ আগতে ওচৰ সম্বন্ধীয় লোকৰ উপস্থিতিত দোৱা আছতাগফাৰ পঢ়ি নিজৰ গুনাহৰ বাবে বা ভুলৰ বাবে তৌবাহ কৰে। ঋণ আদি থাকিলে পৰিশোধ কৰা নাইবা ল’ৰা-ছোৱালী, ভাই-ককাই আদিক তেনে পৰিশোধ কৰিবলৈ কৈ যায়। মৃত্যুৰ পিছত মৃতকক অজু আৰু গোচল কৰাই বা ভালদৰে গা-ধুৱাই পৰিষ্কাৰ পৰিচ্ছন্ন কৰি কাফনৰ কাপোৰ (বগা কাপোৰ) পিন্ধাই সমূহীয়াভাৱে জানাজা দোৱা কৰে (জানাজা নামাজ বুলিও কয়, কিন্তু কোনো সিজিদা নাথাকে)। আৰু খাটলিত (চাংখাটত) তুলি কবৰস্থানলৈ গৈ কবৰ দিয়া হয়। তাৰ পিছত মৃত ব্যক্তিৰ বাবে দোৱা কৰা হয় আৰু মৃত্যুৰ তিনিদিন পিছত দুখীয়াক এসাজ ভোজ দিয়া হয়।[7] আ-অলংকাৰ, সাজ-পাৰ, বাচন-বৰ্তন ইত্যাদি
ধুবুৰী জিলাৰ চৰ-চাপৰি অঞ্চলত বিভিন্ন উৎসৱ-পাৰ্বনত (বিয়া, সভা, আকিকা আদিও) কিছুমান সোণ-ৰূপৰ অলংকাৰ ব্যৱহাৰ কৰা সংস্কৃতি বিৰাজমান। যেনেঃ- গলৰ হাৰ, নেকলেচ, ঝুমকা, মাকৰি, বালি, কাণফুল, নাকফুল, আইংটা (বুল্লক), খাৰু, চুৰি, হাতবাজু, পায়েল, কঁকালৰ ৰূপৰ গোট, টিকলি ইত্যাদি।
পৰাম্পৰাগতভাৱে এই অঞ্চলৰ ল’ৰাবোৰে হাফপেণ্ট, লুংগি, গেঞ্জি, চোলা আদি পিন্ধে। পুৰুষসকলে বিভিন্ন ৰঙৰ লুংগি, পাঞ্জাবী, পায়জামা, দীঘল চোলা, ডাঙৰ ৰঙীন গামোচা, মাফলাৰ, বিভিন্ন ৰঙৰ টুপী (বিশেষভাৱে নামাজ পঢ়া টুপী), গিলাপ (ডাঙৰ ঊৰা চাদৰ) আদি পিন্ধে। ছোৱালীবোৰে ডুমা, ঘাগৰা, ফ্ৰক, নেটি, সৰু সৰু শাৰী, উৰনা, আদি আৰু মহিলা সকলে মোটা ৰঙীন পাৰি থকা শাৰী, পেটিকোট, কঁকাল ঢকা ব্লাউজ, বিভিন্ন ৰঙৰ বোৰ্খা, উৰনা, আদি ব্যৱহাৰ কৰি অহা দেখা যায়।[7]
কাঁহ, পিতল, এলুমিনিয়াম, টিন, ষ্টিল, লো, মাটি, চিনা-মাটি আদিৰ কাঁহী-বাটি, গিলাচ, বদনা, চৰিয়া, চামুচ, কেটলি, ডেকচি, পাতিল, কেৰাহি, টৌ, মাটিৰ কলহ খোলা, কাদা, খোৰা, হানকি, চৰি (চাৰি) আদি ব্যৱহাৰ কৰাৰ পৰম্পৰা আছে।
চাপৰি অঞ্চলত পৰম্পৰাগতভাৱে চলি থকা কিছুমান খেল হ’লঃ- ঘোঁৰা দৌৰ খেল, নাও বাইছ খেল, চংগ (মৈ) দৌৰ খেল, হা-ডু-ডু (কাবাডি বিশেষ) খেল, টাংগুটি খেল, গোল্লা-গোল্লা খেল, গাদম খেল, ফুটবল খেল, ভলিবল খেল আদি।[7]
গীতৰ সংস্কৃতি চাপৰি বাসীৰ মাজত প্ৰবল। মাৰফতি গান, জাৰী গান, নাও খেলৰ গীত, বিয়া গীত, ভাটিয়ালী গীত, লোকগীত, যাত্ৰাপালাৰ গীত, ভাওৱাই গীত, হিন্দী গীত, অসমীয়া গীত, বঙালী গীত আদি।[10]
সাধাৰণতে দোতৰা, সাৰিন্দা, ডুগ-ডুগী, ঢোল, খোল, হাৰমনিয়াম, একতাৰা ইত্যাদি।
চৰ-চাপৰি বাসীৰ মাজত মাছ ধৰা সংস্কৃতি প্ৰবল। হাইলাং জাল (ইলিচ মাছ ধৰা জাল), ডোৰা জাল, ঠেলা জাল, খৰা জাল, খেৱালী জাল, ফাঁচী জাল, ভেৱাইল জাল, প’ল, চাক জাল, জুতি (জুইত) বিভিন্ন প্ৰকাৰৰ বৰশী, সৰিক জাল, বানা, ধীৱাইৰ, কাইটা আদি প্ৰধান মাছ ধৰা সঁজুলি পৰাম্পৰাগতভাৱে চলি আছে। মুঠতে চৰ-চাপৰিবাসীৰ লোকসকলৰ বাবে ৰহণীয়া এক নিজস্ব সংস্কৃতি বিৰাজমান।[7] চৰাঞ্চলৰ লোক সাহিত্যঅসমৰ লোক সাহিত্যৰ ভঁৰাল বাৰুকৈয়ে টনকিয়াল। অসমৰ লোক সমাজেই অসমৰ লোক সাহিত্যৰ সৃষ্টিকৰ্তা। অসমৰ বিভিন্ন জনগোষ্ঠিয়ে যিদৰে বলিষ্ঠ অসমীয়া জাতি গঢ়ি তুলিছে, ঠিক সেইদৰে অসমৰ ভাষা সাহিত্য তথা লোক সাহিত্যও আগবঢ়াই লৈ গৈছে।[11] এনে ক্ষেত্ৰত মিঞা বা ন-অসমীয়া সকলো পিছপৰি থকা নাই। ওপৰত উল্লেখ কৰা মতে বিভিন্ন আচাৰ পৰম্পৰা, বিভিন্ন খেলধেমালিৰ লগতে বিভিন্ন ধৰণৰ গীত-মাতৰ প্ৰচলন থকা এই লোক সকলৰ এখন লোক সাহিত্যৰ কথা দাঙি দৰে। ইয়াৰ উপৰিও গল্প, সাধুকথা, মিঞা কবিতা ইত্যাদিৰে ভৰপুৰ হৈ আছে অসমৰ সাহিত্যত। উদাহৰণস্বৰূপ- ১৯৭৭ চনত প্ৰথমবাৰ বাবে ছপা হোৱা ‘ৰহিম-ৰূপবানৰ সাধু’।[11] এনে ধৰণৰ আৰু বহুবোৰ সাধু বৰ্তমান কিতাপ আকাৰত দেখিব পোৱা যায়। যিবোৰ এই চৰ-চাপৰিবাসীৰ মুখে মুখে প্ৰচলন হৈ আহিছিল। আনকি ইণ্টাৰনেটত বিচাৰিলে অনেক মিঞা কবিতাৰ উমান পাব পাৰি।[12] সম্প্ৰতি মিঞা কবিতাই অসমৰ লগতে পশ্চিম বঙ্গ তথা বাংলাদেশত বৰ জনপ্ৰিয় হৈ উঠিছিল। আনকি বহু সমালচোনা, বিতৰ্কও হোৱ দেখা যায়।[13]
চৰাঞ্চলৰ লেখকৰ গ্ৰন্থ
জিলা ভিত্তিক চৰ-চাপৰিৰ গাঁৱৰ সংখ্যা
অধিক পঢ়কতথ্যউৎস
|