কলকল (ইংৰাজী: Banana) হৈছে 'মুছেছি' পৰিয়ালৰ অন্তৰ্গত 'মুছা'[1] জাতৰ বিভিন্ন ধৰণৰ বৰ্ণসংকৰ আৰু সাধাৰণ প্ৰজাতিৰ উদ্ভিদত উৎপাদিত এক প্ৰকাৰৰ দীঘলীয়া আকৃতিৰ, খোৱাৰ উপযোগী ফল। পৃথিৱীৰ গ্ৰীষ্মপ্ৰধান অঞ্চলত এই ফলৰ যথেষ্ট ব্যৱসায়িক গুৰুত্ব আছে। ইণ্ডো-মালয়েছিয়াৰ পৰা উত্তৰ অষ্ট্ৰেলিয়ালৈকে ব্যাপ্ত অঞ্চলটোকে কলৰ জন্ম ঠাই বুলি জনা যায়। বৰ্তমান সময়ত পৃথিৱীৰ সকলো সেমেকা গৰম জলবায়ু অঞ্চলত ইয়াৰ খেতি কৰা হয়। [2] উৎপত্তিস্থলপৃথিৱীত প্ৰায় ২৮ নিযুত টন মান কল উৎপাদিত হয়।
ব্যৱহাৰপকা কলৰ উপৰিও পচলা,কলডিল বা কেঁচা কলো পৃথিৱীৰ বিভিন্ন অঞ্চলত খাদ্য হিচাপে ব্যৱহাৰ হয়। পকা কল খোৱাৰ উপৰিও তাৰপৰা কলৰ গুৰি,চকলা আদি তৈয়াৰ কৰি সাঁচি খোৱা হয়। পাচলি হিচাপে ব্যৱহাৰ কৰা কল বিভিন্ন ঠাইত সিজাই,পুৰি বা ভাজি খায়। উগাণ্ডা,টাঞ্জানিয়া আদি দেশত প্ৰধান খাদ্য হিচাপে কল ব্যৱহাৰ কৰে। কলৰ শুকান গুৰি আৰু মণ্ডৰ কেঁচুৱাৰ খাদ্য হিচাপে বজাৰত যথেষ্ট চাহিদা আছে। কলৰ মিঠা গোন্ধৰ বাবে ইয়াক আইছক্ৰিম প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। কলৰ গা-গছৰ ভিতৰ অংশত ১% শৰ্কৰা,০.৬৮% আঁহযুক্ত খাদ্য আৰু ১% ছাই থাকে। গা-গছ আৰু পাতৰপৰা প্ৰস্তুত কৰা কলাখাৰ বিভিন্ন পাচলি ৰান্ধোতে ব্যৱহাৰ কৰে। কলৰ প্ৰতি ১০০ গ্ৰাম ছাইত থকা উপাদানসমূহ -
ঔষধ হিচাপেসকলো কলৰ ভিতৰত ভীমকলেই পৰিপুষ্টিৰ ক্ষেত্ৰত সৰ্বোত্তম বুলি ধৰা হয়। মূত্ৰনলীৰ জ্বলা-পোৰা,প্ৰসাৱ ৰঙচুৱা হোৱা আদি বেমাৰত ভীমকলৰ শিপাৰ ৰস আটাইতকৈ উত্তম আৰু ফলদায়ক। পূৰঠ গছৰ শিপা দহ-বাৰডালমান খান্দি উলিয়াই,পৰিষ্কাৰকৈ ধুই ল'ব লাগে। সেই শিপা খুন্দি ৰসখিনি উলিয়াব লাগে। প্ৰায় ৫০ গ্ৰাম ৰস ২০০ গ্ৰাম কেঁচা গৰুৰ গাখীৰৰ লগত মিহলাই পুৱা খালী পেটত খাব লাগে। ইয়াৰ পাৰ্শ্বক্ৰিয়া নাই যদিও গৰ্ভৱতী মহিলাই ব্যৱহাৰ কৰাটো অনুচিত। খাদ্য হিচাপেগুৰপকা ভীমকলৰ পৰা গুৰ তৈয়াৰ কৰিব পাৰি। এক কিল'গ্ৰাম পকা ভীমকল আধা ইঞ্চি ডাঠকৈ কাটি এক লিটাৰ বিশুদ্ধ পানীত বাৰ ঘণ্টা ডুবাই ৰাখি এখন চালনীৰে কলখিনি চাকি লোৱা হয়। তাৰ পাছত কলৰ পানীখিনি ৪৫ মিনিট উতলালে গুৰ প্ৰস্তুত হয়। কলৰ পৰিমাণ বাঢ়িলে গুৰ তৈয়াৰ কৰোঁতে সময়ৰ তাৰতম্য হ'ব। ভীমকলৰ বাদে চেনিকল আৰু জাতিকলৰ পৰাও গুৰ তৈয়াৰ কৰিব পাৰি। ভীমকলৰ গুৰৰ সোৱাদ মিঠা,চেনিকলৰ গুৰৰ সোৱাদ মিঠা-টেঙা আৰু জাতিকলৰ গুৰৰ সোৱাদ কম। ওজন হিচাপত এক কিল'গ্ৰাম পকা ভীমকলত ১৫০ গ্ৰাম,একে পৰিমাণৰ চেনিকল আৰু জাতিকলৰপৰা যথাক্ৰমে ৮০ গ্ৰাম আৰু ১০০ গ্ৰাম গুৰ পোৱা যায়। এই গুৰ কুঁহিয়াৰৰ গুৰতকৈ লেকেটিয়া হয়।[2] কল পচলাপচলা হাঁহৰ মাংসৰ লগত ভাজি খোৱাটো বহু সম্প্ৰদায়ৰ মাজত প্ৰচলিত। মাছৰ লগত ভাজি খোৱা হব আৰু মচুৰ দাইলৰ লগতো ভাজি খাবলৈ সুস্বাদু ব্যঞ্জন। মাটিমাহৰ লগত খাৰৰ পচলা তৃপ্তিকৰ। বহাগ বিহুৰ সাতশাকীৰ লগত খোৱা হয়। বহাগ মাহৰ পহিলা সপ্তাহত কল পচলা,কঁঠালৰ মুচি খাব লাগে। জনবিশ্বাস মতে বহাগত পচলা খালে বছৰটোলৈ শৰীৰ ঠাণ্ডা হৈ থাকে। পচলাটোত পানী থাকে বাবে ,শীতল আৰু কোমল। সেয়ে ঠাণ্ডা গুণৰ অধিকাৰী। [2] কলাখাৰখাৰ হ'ল অম্লৰ লগত ক্ৰিয়া কৰি লোন উৎপন্ন কৰা এক শ্ৰেণী ৰাসায়নিক পদাৰ্থ। অসমৰ মানুহে খাব পৰাকৈ খাৰ প্ৰস্তুত কৰে। ভীমকলৰ বাকলি ৰ'দত বা জুহালত থকা ধোঁৱাচাঙত শুকুৱাই,তাক পুনৰ জুইত পুৰি,তাৰ ছাইখিনিক পানীত দি,সেই পানীখিনিক খাৰ বা খাৰনি বুলি কোৱা হয়। তদুপৰি কলগছৰ পটুৱা (বাকলি) বা মধুনাৰেও (কলগছৰ মাজৰ ডিলা বা সাৰ) একে পদ্ধতিৰে শুকুৱাই খাৰ প্ৰস্তুত কৰা হয়। অতীতত অসমীয়াই ,বিশেষকৈ অনাৰ্যসকলে নিমখৰ সলনি আঞ্জাত খাৰ দি খাইছিল। সেয়ে হয়তো অনা-অসমীয়াই "খাৰখোৱা অসমীয়া" বুলি কয়। আঞ্জাত খাৰ ব্যৱহাৰ কৰা হয় প্ৰধানকৈ দুটা কাৰণত। প্ৰথমটো কাৰণ,নিমখৰ বিকল্প হিচাপে খাদ্যত খাৰ ব্যৱহাৰ কৰা হৈছিল। দ্বিতীয় কাৰণটো হ'ল-সততে নিসিজা শাক-পাচলিত খাৰ দিলে সোনকালে সিজে।[2] তথ্য সংগ্ৰহবাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia