এইবিধ প্ৰজাতিৰ কল পূব দক্ষিণ এছিয়া, ভাৰতীয় উপমহাদেশৰ পূব অঞ্চল, উত্তৰ দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ চীনৰ স্থানীয় অঞ্চলত পোৱা যায়। প্ৰৱৰ্তিত গছৰসংখ্যাৰ ভিতৰত বন্যপ্ৰজাতি বিদ্যমান, যিবোৰ স্থানীয় পৰিসৰৰ পৰা যথেষ্ট বাহিৰৰ।[4]
ব্যৱহাৰ
ভীমকল সাধাৰণতে ফল হিচাপে খোৱা হয় যদিও ইয়াৰ বিভিন্ন অংশসমূহ বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰা হয়। কলখাৰ বা কলাখাৰ, কলপচলা, কলডিল, কলৰ পাত, ডোং আদি হৈছে ইয়াৰ উদাহৰণ।
কলাখাৰ : কলাখাৰ হৈছে অসমীয়া খাদ্যাভ্যাসৰ এবিধ অবিচ্ছেদ্য উপকৰণ। কলগছৰ বিভিন্ন অংশৰ যেনে শুকান পাত আৰু ঠাৰি, কলডিলৰ বাকলি (পটুৱা), কলৰ মুঢ়া (মধুনা) আদি শুকুৱাই লৈ জ্বলাই ছাই কৰি কলখাৰ প্ৰস্তুত কৰা হয়। এই কলখাৰ খাদ্যৰ উপকৰণ হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও কাপোৰ ধোৱা,মুৰ –চুলি ধোৱা আদি কামতো ব্যৱহাৰ কৰা হয়।[5]