হাজং জনগোষ্ঠী
হাজং জনগোষ্ঠী ভাৰত উপমহাদেশৰ এক চীনা তিব্বতীয় জনগোষ্ঠী।[1] এই জনগোষ্ঠী লোকসকলে ঘাইকৈ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম,মেঘালয় ৰাজ্যসমূহত আৰু বাংলাদেশৰ উত্তৰ অংশত বাস কৰে।[2] হাজং সকলৰ সংখ্যাগৰিষ্ঠ লোকে ভাৰতত বাস কৰে। হাজং সকল সাধাৰণতে ধান খেতি কৰে।[3] কথিত আছে যে তেওঁলোকে গাৰো পাহাৰত ধান খেতি আৰম্ভ কৰিছিল। হাজং সকলে ভাৰতৰ সংবিধানৰ মতে অনুসূচীত জনজাতিৰ মৰ্যাদা লাভ কৰিছে।[4] আৰু হাজং সকলৰ সংস্কৃতি নৃত্য লেৱাতানা আৰু জাখামাৰা।।। উৎপত্তিহাজং ভাৰতীয়-তিব্বতীয় গোষ্ঠীৰ লোক। হাজং সকলৰ উৎপত্তি, ইয়াৰ নাম আৰু ভাৰতলৈ প্ৰব্ৰজনৰ ওপৰত বিভিন্ন পণ্ডিতে ভিন ভিন মত পোষণ কৰে। তেওঁলোক তিব্বত মালভূমিৰ পৰা ব্ৰহ্মপুত্ৰ আৰু তিস্তা নদীৰ পাৰেৰে উত্তৰ পূব ভাৰতলৈ প্ৰৱেশ কৰি সোণকোষ উপত্যকাত থিতাপি লৈছিল। হাজং সকলে বৰ্তমান নলবাৰী জিলাত অৱস্থিত প্ৰাচীন হাজো অঞ্চলক নিজৰ আদি বাসস্থান হিচাপে গণ্য কৰে। হাজং নাম তাৰ পৰায়ে "হাজোৰ বাসিন্দা" হিচাপে আহিছে।[5] লোকবিশ্বাস মতে হাজং সকল সূৰ্যবংশী ক্ষত্ৰিয় আৰু তেওঁলোক সূৰ্য বা বিলাৰ উত্তৰসুৰী।[6][7] শ্ৰেণী বিভাজনহাজং সকলক পাঁচটা ভিন্ন কুলত ভাগ কৰা হৈছে। হাজং ভাষাত এই কুলসমূহক নিকনি বোলে। একে কুলৰ মাজত বিবাহ নিষেধ। প্ৰতিটো কুলৰ নীতি-নিয়ম অলপ বেলেগ। এই পাঁচটা কুল হৈছে:
ধৰ্মহাজং সকলে বৰ্তমান হিন্দু ধৰ্ম পালন কৰে। তেওঁলোকৰ ধৰ্মত হিন্দু দেৱ দেৱী সমূহৰ লগতে আন কিছুমান লৌকিক দেৱ-দেৱীৰ পূজা কৰা হয়। ইয়াক দ্যায়' ধৰ্ম বোলে। তেওঁলোকৰ মাজত বস্তুপূজা এতিয়াও বিদ্যমান। তেওঁলোকৰ নিজা ধৰ্মত হিন্দু ধৰ্মৰ প্ৰভাৱ কেতিয়া পৰিল কোৱা টান। তেওঁলোকৰ লোকবিশ্বাস আৰু কিছুমান ৰীতি হিন্দু কালৰ আগৰ।[6] ভাষাহাজং ভাষা এটি ভাৰতীয় আৰ্য ভাষা, যাৰ তিব্বত-বৰ্মী ভাষাৰ সৈতেও সম্পৰ্ক আছে। হাজং ১,৯৫,০০০ থলুৱা হাজং জনগোষ্ঠীৰ মানুহে কয়, ভাৰতৰ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, পশ্চিম বংগত আৰু বাংলাদেশৰ মিমেনচিং জিলাত। হাজং ভাষাক অসমীয়া লিপিত লিখা হয়। যদিও হাজং পূৰ্বতে তিব্বত-বৰ্মী পৰিয়ালৰ আছিল, ই ভাষিকভাৱে অসমীয়া আৰু বাংলাৰ সৈতে সান-মিহলি হ'ল।[8] হাজং ভাষা অসমীয়া তথা লেটিন লিপি ব্যৱহাৰ কৰি লিখা হয়।[9] কিন্তু যদিও এই লিপি ভাৰতত ব্যৱহাৰ হয়, বাংলাদেশত অনেকে হাজং ভাষাৰ বাবে বাংলা লিপি ব্যৱহাৰ কৰে, বাংলাদেশত বাংলা ভাষাতেই ঘাইকৈ শিক্ষাৰ প্ৰচলন হোৱাৰ বাবে।[10] প্ৰতি লিপিতেই এটি অনন্য চিন যোগ কৰা হয়, বন্ধ, পিছৰ, ঘূৰণীয়া নোহোৱা স্বৰ বৰ্ণ /ɯ/, যাক লেটিন লিপিত "â" আৰু বঙালী–অসমীয়া লিপিত "অৗ" (ব্যঞ্জন বৰ্ণৰ পিছত থাকিলে "কৗ" আদি) লিখা হয়।[11] তথ্য উৎস
|