আইটন জনগোষ্ঠী
টাই-আইটন জনগোষ্ঠী (থাই ভাষা: ชาวไทอ่ายตน চাও টাই আই টন) হল অসমত বসবাস কৰা উত্তৰ পূব ভাৰতৰ টাই জাতিৰ এটা ঠাল।[1] [2]তেওঁলোকক চিয়াম বা শ্যাম বুলিও কোৱা হয় (যিটো সম্ভৱতঃ চি-য়াং চীনা শব্দৰ পৰা আহিছে যাক টাই সকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়)।তেওঁলোকে টাই আইটন ভাষা কয়।[3] অসম চৰকাৰে তেওঁলোকক অনুসূচিত জনজাতি (পাহাৰ) হিচাপে স্বীকৃতি দিয়াৰ লগতে মান-টাই ভাষী লোক হিচাপে তালিকাভুক্ত কৰিছে।[4] বৰ্তমানআইটনসকলৰ মাজত ১৪টা ফৈদ আছে।[5] তেওঁলোকে নিজৰ নিজৰ বংশৰ নাম উপাধি হিচাপে ব্যৱহাৰ কৰে।[5] তেওঁলোকৰ জনসংখ্যা জানিব পৰা হোৱা নাই যদিও ৮ হাজাৰতকৈও কম হ’ব বুলি আশা কৰা হৈছে। আন খিলঞ্জীয়া অসমীয়া জনগোষ্ঠীসমূহে সাধাৰণতে তেওঁলোকক শ্যাম বা চিয়াম অৰ্থাৎ টাই মানুহ বুলি অভিহিত কৰে। ইতিহাসআইটন জনগোষ্ঠীৰ মৌখিক আৰু লিখিত তথ্য অনুসৰি চীন-মান সীমান্তৰ ওচৰৰ মু'ঙ মাওৰ পৰা তেওঁলোক আহিছিল।[6] আহোম বুৰঞ্জীত তেওঁলোকৰ কথা উল্লেখ আছে।[7] চাওফা চুডাংফাৰ দিনত তেওঁলোকে আহোম ৰাজ্যক কৰ প্ৰদান কৰা নাছিল।[7] সাধাৰণতে বিশ্বাস কৰা হয় যে তেওঁলোকে প্ৰায় দুই-তিনিশ বছৰ আগতে অত্যাচাৰৰ পৰা আশ্ৰয় বিচাৰি পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিল।[8] তেওঁলোক থেৰাবাদী বৌদ্ধ ধৰ্মালম্বী আৰু তেওঁলোকৰ ভাষা উত্তৰ-পূব থাইলেণ্ডৰ ভাষাৰ সৈতে মিলে।[5] বয়সীয়াল বহু আইটন মানুহে অসমীয়া ভাষা সলসলীয়াকৈ কব নোৱাৰে।[9] ভৌগোলিক বিস্তৃতিভাষাআইটন ভাষা টাই পৰিয়ালৰ ভাষাৰ দক্ষিণ-পশ্চিম শাখাৰ এটা অংশ।[10] ইয়াক ধনশিৰি উপত্যকা আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত কোৱা হয়।[11] বৰ্তমান ইয়াক ভাবুকিৰ সন্মুখীন হোৱা ভাষা হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে, বিশ্বজুৰি ইয়াৰ ভাষী ২০০০ তকৈও কম।[11] ইয়াৰ আন নামসমূহ হল আইটনিয়া, চাম আৰু দুৱানিয়া।[11] ইয়াৰ লগত ছান ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে, আৰু কেতিয়াবা ইয়াৰ উপভাষা বুলিও গণ্য কৰা হয়।[10] অসমত এই শাখাৰ আন তিনিটা সক্ৰিয়ভাৱে কথিত ভাষা আছে: খামতী, ফাকে, আৰু খাময়াং।[10] আইটন লিপিটাই আইটনসকলৰ নিজা নিজা লিপি আছে যাক 'লিক-টাই' বুলি কোৱা হয়, যিটো তেওঁলোকে খামটি মানুহ আৰু টাই ফাকে ভাষাটো ব্যবহাৰ হয়।[6] ই উত্তৰ ছান লিপিৰ সৈতে নিবিড়ভাৱে মিল খায়, যিটো বাৰ্মিজ লিপিৰ সৈতেও মিলে, যদিও কিছুমান আখৰে পৃথক আকৃতি লয়।[12] তথ্যসংগ্ৰহ
|