ঈদ-উল-জুহা
ঈদ-উল-জুহা বা ঈদ-উল আজহা (আৰৱী:عيد الأضحى) ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম। এই উৎসৱৰ আন দুটা নাম হ’ল বকৰ-ঈদ আৰু কোৰবাণী ঈদ। ঈদ-উল-জুহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হ’ল ত্যাগৰ উৎসৱ।[2] এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ কৰা। এই দিনটোত মুছলিম সকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, দুম্বা বা ছাগলী কোৰবাণী দিয়ে বা জবেহ কৰে। কোৰআনৰ ভিত্তিত কোৰবাণীৰ প্ৰাৰম্ভিক ইতিহাসকুৰবাণীৰ ইতিহাস খুবেই প্ৰাচীন। ইছলামিক ইতিহাস অধ্যয়ন কৰিলে গম পোৱা যায় যে সেই আদি পিতা আদম (আলাইহিছ ছালাম)ৰ যুগৰ পৰাই কুৰবাণীৰ বিধান চলি আহিছে। আদম (আলাইহিছ ছালাম)ৰ দুই ল'ৰা হাবীল আৰু কাবীলৰ কুৰবাণী উপস্থাপন কৰাৰ কথা আমি ইছলামৰ মহাগ্ৰন্থ আল-কুৰআনৰ পৰা জানিব পাৰোঁ। আল্লাহে কোৰআনত কৈছে, আদমৰ দুই পুত্ৰৰ (হাবিল আৰু কাবিলৰ) প্ৰকৃত কাহিনীটো সিহঁতক যথাযথভাৱে শুনাই দিয়া, যেতিয়া দুয়োজনে কুৰবাণী কৰিছিল, তেতিয়া এজনৰ কুৰবাণী গৃহীত(কবুল) হ'ল আৰু অন্য জনৰ কুৰবাণী গৃহীত(কবুল) নহ'ল। সি ক'লে (কোৰবাণী গৃহীত নোহোৱাজনে), মই তোমাক অৱশ্যেই হত্যা কৰিম। অন্যজনে ক'লে, আল্লাহে তো সংযমীসকলৰ কুৰবাণীকেই গ্ৰহণ(কবুল) কৰি থাকে। তুমি মোক হত্যা কৰিবলৈ হাত উঠালেও মই তোমাক হত্যা কৰিবলৈ হাত নুঠাওঁ। মই বিশ্বজগতৰ প্ৰভুক ভয় কৰোঁ; [3] ইছলাম ধৰ্মগ্ৰন্থ কোৰআনৰ মতে কুৰবাণীৰ বিধান প্ৰত্যেক জাতিৰ বাবেই আছিল। আল্লাহে কৈছে, প্ৰত্যেক সম্প্ৰদায়ৰ(উম্মদ-ধৰ্ম) বাবে আমি কুৰবাণীৰ বিধান দিছো; যাতে মই সিহঁতক জীৱনোপকৰণৰ বাবে যিসকলো চতুষ্পদ জন্তু দিছো সেইবোৰৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ কৰে। (এই বিভিন্ন প্ৰথাসমূহৰ উদ্দেশ্যে একেই,) তোমালোকৰ উপাস্য একেজন উপাস্যই, তেওঁৰেই আনুগত্য প্ৰকাশ কৰা আৰু(হে নবী) নম্ৰতা অৱলম্বনকাৰী সকলক সুসংবাদ দিয়া; যিসকলৰ হূদয় আল্লাহৰ নাম শুনাৰ লগে লগে ভয়ত কপি উঠে, যি বিপদেই তেওঁলোকৰ ওপৰত আপতিত নহওক কিয় তাৰ বাবে ধৰ্যধাৰণ কৰে, নামাজ প্ৰতিষ্ঠা কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দিছো তাৰ পৰা(সৎকামত) ব্যয় কৰে। [4] নবী ইব্ৰাহীম (আলাইহিছ ছালাম)ৰ কুৰবাণীৰ আদৰ্শ হোৱাৰ ব্যাপাৰত কোৰআনত আল্লাহে কৈছে, সেই ল'ৰাজনে(ঈছমাইল) যেতিয়া তেওঁৰ(ইব্ৰাহীমৰ) লগত লৰাঢপৰা কৰিব পৰা বয়সত উপনীত হ'ল, তেতিয়া(এদিন ইব্ৰাহীমে) তেওঁক(ঈছমাইলক) ক'লে- 'হে মোৰ চেনেহৰ পুত্ৰ, মই সপোনত এই বুলি দেখিছো যে মই তোমাক জবেহ কৰিছো। এতিয়া কি কৰিব লাগে কোৱা। তেওঁ উত্তৰ দিলে- আব্বাজান, আপোনাক যি আদেশ দিয়া হৈছে তাকে কৰক। আল্লাহে কৰিলে আপুনি দেখিব মই এজন ধৈৰ্যশীল দৃঢ়মনা লৰা। যেতিয়া তেওঁলোক দুয়ো আল্লাহৰ শৰণাপন্ন হ'ল আৰু ইব্ৰাহীমে পুতেকক (জবেহ কৰিবৰ বাবে) তলমূৰ কৰি মাটিত বগৰাই ল'লে, তেতিয়া আমি তেওঁক মাত দি ক'লোঁ- হে ইব্ৰাহীম, তুমি তোমাৰ সপোন সিদ্ধি কৰিলা। এনেদৰেই আমি সৎকৰ্মীসকলক প্ৰতিদান দিওঁ। বাস্তৱিকতে এইটো এটা জটিল পৰীক্ষা আছিল। আৰু এটা মহাকুৰবাণীৰ বিনিময়ত আমি শিশুটিক বচাই ৰাখিলোঁ, আৰু তেওঁৰ প্ৰশংসা আৰু গুণ-গৰীমাৰ কথা পৰৱৰ্তী জনগণৰ মাজত বৰ্তাই ৰাখিলোঁ। [5] কোৰআনৰ এন্য আয়াতত আল্লাহে কৈছে, ‘এইবোৰৰ (কুৰবাণীৰ পশুৰ) তেজ, মাংস একোৱেই আল্লাহৰ ওচৰত গৈ নাপায়, গৈ পায় কেৱল তোমালোকৰ মনৰ তাক্বওয়া বা আল্লাহ ভীতি। এনেকৱেই তেখেতে এইবোৰক তোমালোকৰ অধীন কৰি দিছে যাৰ বাবে তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা এই যে, তেখেতে তোমালোকক পথ-প্ৰদৰ্শন কৰিছে; সৎকৰ্মশীল সকলক সুসংবাদ শুনাই দিয়ক। ’ [6] ইতিহাস![]() ইছলামৰ বিভিন্ন বৰ্ননা অনুযায়ী, আল্লাহ ইছলামৰ নবী হজৰত ইব্ৰাহীম(আঃ)ক সপোনত তেওঁৰ আটাইতকৈ প্ৰিয় বস্তু কোৰবাণী কৰাৰ নিৰ্দেশ দিয়ে। এই আদেশ অনুযায়ী হজৰত ইব্ৰাহীম(আঃ)ৰ আটাইতকৈ প্ৰিয় পু্ত্ৰ ইছমাইলক কোৰবাণ কৰাৰ বাবে ইংগিত কৰা হৈছিল। পাছত তেওঁ আল্লাহৰ আদেশ পালন কৰিবলৈ প্ৰস্তুত হোৱাত আল্লাহে তেওঁক তেনে কৰিবলৈ বাধা দিয়ে আৰু পুত্ৰৰ পৰিৱৰ্তে পশু কুৰবাণীৰ নিৰ্দেশ দিয়ে। এই ঘটনাক স্মৰণ কৰি গোটেই বিশ্বৰ ইছলাম ধৰ্মালম্বী লোক সকলে প্ৰতি বছৰে এই দিৱস পালন কৰে। হিজৰী বৰ্ষপঞ্জী হিচাপে জিলহজ্জ্ব মাহৰ ১০ তাৰিখৰ পৰা আৰম্ভ কৰি ১২ তাৰিখলৈ ৩ দিন ধৰি ঈদ-উল-জুহা পালন কৰা হয়। হিজৰী চন্দ্ৰ বছৰৰ গণনা অনুযায়ী ঈদ-উল-ফিতৰ আৰু ঈদ-উল-জুহা মাজত ২ মাহ ১০ দিনৰ ব্যৱধান থাকে। দিনৰ হিচাপত সৰ্বোচ্চ ৭০ দিন হ’ব পাৰে। পশু কোৰবাণীইছলামৰ মতে যাৰ জাকাত দিয়াৰ সামৰ্থ আছে তেওঁক ঈদ-উল-জুহা উপলক্ষে পশু কোৰবাণী দিয়াৰ নিৰ্দেশ দিয়া হৈছে। ঈদ-উল-জুহাৰ দিনৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী দুদিন পশু কোৰবাণীৰ বাবে নিৰ্ধাৰিত। ভাৰতৰ মুছলিম সকলে সাধাৰণতে গৰু, খাহি, ছাগলী কোৰবাণী দিয়ে। এজন ব্যক্তিয়ে এটা গৰু বা এটা ছাগলী কোৰবাণী দিব পাৰে। তদুপৰি গৰুৰ ক্ষেত্ৰত কেইবাজনো ব্যক্তি মিলি কোৰবাণী দিয়াও দেখা যায়। কোৰবাণীৰ মাংস তিনি ভাগে ভাগ কৰি ১ ভাগ দুখীয়া-নিছলাৰ মাজত আৰু ১ ভাগ আত্মীয় স্বজনৰ মাজত বিতৰণ কৰাৰ পিছত তৃতীয় ১ ভাগ নিজৰ বাবে ৰখা হয়। কোৰবাণী পশুৰ চামৰা বিক্ৰীৰ বাবে দান কৰাৰ নিৰ্দেশ আছে। মোছাফিৰ বা যাত্ৰী ওপৰত কুৰবাণী দিয়া বাধ্যতামূলক নহয়। ঈদ-উল-জুহাৰ নামাজৰ আগত কোৰবাণী দিয়া উচিত নহয়। সাধাৰণতে গৰু আৰু মহৰ ক্ষেত্ৰত ১ ৰ পৰা ৭ জন পৰ্যন্ত অংশীদাৰ হৈ কোৰবাণী কৰা যায়। কোৰবাণীৰ ছাগলীৰ বয়স কমপক্ষে ১ বছৰ হোৱা উচিত। গৰু আৰু মহৰ বয়স কমপক্ষে ২ বছৰ হোৱা উচিত। নিজ হাতে কোৰবাণী দিয়া ভাল। কোৰবাণী প্ৰাণী দক্ষিণ দিশত ৰাখি কিবলামুখী কৰি, ধাৰ থকা অস্ত্ৰৰে 'বিস্মিল্লাহি আল্লাহু আকবৰ' কৈ জবাই কৰা হয়। পশু জবেহ বা নাহৰ কৰাৰ দুআআল্লাহৰ নামত, আৰু আল্লাহ সকলোতকৈ মহান। [হে আল্লাহ! এইটো আপোনাৰ ওচৰৰ পৰা প্ৰাপ্ত আৰু আপোনাৰ কাৰণেই] হে আল্লাহ! আপুনি মোৰ পক্ষৰ পৰা ইয়াক কবুল কৰা। বিছমিল্লা-হি ওৱাল্লা-হু আকবাৰ, [আল্লা-হুম্মা মিনকা ওৱালাকা], আল্লা-হুম্মা তাকাব্বাল মিন্নী। [7] কোৰবাণী শুদ্ধ হোৱাৰ চৰ্তপশু কোৰবাণী দিয়াৰ কিছু চৰ্ত ইছলামিক কিতাপবোৰৰ পৰা উল্লেখ কৰা হ'ল- (১) কুৰবাণীৰ পশু যাতে শ্বৰীয়ত নিৰ্ধাৰিত শ্ৰেণী আৰু বয়সৰ অন্তৰ্ভুক্ত হয়। নিৰ্ধাৰিত শ্ৰেণীৰ পশু চাৰি প্ৰকাৰ- উট, গৰু, ভেড়া আৰু দুম্বা বা ছাগলী। অধিকাংশ উলামাৰ মতে সকলোতকৈ উৎকৃষ্ট কুৰবাণী হ’ল উট, ইয়াৰ পিছত গৰু, তাৰ পিছত ভেড়া আৰু তাৰ পিছত ছাগলী। আকৌ মতা ভেড়া মাইকী ভেড়াতকৈ উত্তম। যিহেতু এই প্ৰসঙ্গত দলিল বৰ্ণিত হৈছে। [8] এটি উট অথবা এটি গৰুত সাতজন ব্যক্তি কুৰবাণীৰ কাৰণে শ্বৰীক হ’ব পাৰে। [9] অন্য এক বৰ্ণনামতে উট কুৰবাণীত দহজন ব্যক্তি শ্বৰীক হ’ব পাৰে। ইমাম শাওকানী (ৰহঃ)য়ে কৈছে, হজ্জৰ কুৰবাণীত দহ আৰু সাধাৰণ কুৰবাণীত সাত ব্যক্তি শ্বৰীক হোৱাটোৱেই সঠিক। [10] কিন্তু ভেড়া বা ছাগলীত ভাগাভাগি বৈধ নহয়। কিন্তু তাৰ ছওৱাবত একাধিক ব্যক্তিক শ্বৰীক কৰিব পাৰি। গতিকে এটি পৰিয়ালৰ তৰফৰ পৰা মাত্ৰ এটি ভেড়া বা ছাগলীয়েই যথেষ্ট হ’ব। তাত সেই পৰিয়ালৰ সদস্য-সংখ্যা যিমানেই নহওক কিয়। কিন্তু উট বা গৰুৰ এক সপ্তমাংশ এটি পৰিয়ালৰ তৰফৰ পৰা যথেষ্ট হ’বনে? এই সম্পৰ্কে উলামাসকলৰ মাজত মতভেদ আছে। কিছুমানৰ মতে, যথেষ্ট নহয়। কাৰণ, তাতে ৭ জনৰ অধিক ব্যক্তি শ্বৰীক হোৱা বৈধ নহয়। তদুপৰি পৰিয়ালৰ তৰফৰ পৰা এটি পূৰ্ণ ‘দম’ (জান) যথেষ্ট হ’ব। আনহাতে ৭ ভাগৰ ১ ভাগ পূৰ্ণ দম নহয়। [11] বহুতৰ মতে এটি ভেড়া বা ছাগলীৰ দৰেই এক সপ্তমাংশ উট বা গৰু যথেষ্ট হ’ব। [12] উল্লেখ্য, এটি পৰিয়ালৰ তৰফৰ পৰা এক বা দুই ভাগ গৰু কুৰবাণী দিয়াতকৈ এটি ছাগলী বা ভেড়া দিয়াটোৱেই অধিক উত্তম। কুৰবাণীৰ সৈতে এটি ভাগ আকিকাৰ উদ্দেশ্যে দিয়া যথেষ্ট নহয়। যেনেকৈ যথেষ্ট নহয় এটি পশু কুৰবাণী আৰু আকিকা নিয়তত যবেহ কৰা। কুৰবাণী আৰু আকিকাৰ কাৰণে পৃথক পৃথক পশু হ’ব লাগিব। অৱশ্যে যদি কোনো শিশুৰ আকিকাৰ দিনা কুৰবাণীৰ দিন পৰে আৰু আকিকা যবেহ কৰে, তেনেহ’লে আকৌ কুৰবাণী নিদিলেও হয়। যেনে, দুটি গোছলৰ কাৰণ উপস্থিত হ’লে এটি গোছল কৰিলেই যথেষ্ট, জুমআৰ দিনা ঈদৰ নামায পৰিলে আকৌ জুমআহ নপঢ়িলেও হয়, বিদায়ৰ সময়ত হজ্জৰ তওৱাফ কৰিলে আকৌ বিদায়ী তওৱাফ নকৰিলেও হয়, যোহৰৰ সময়ত মছজিদত প্ৰৱেশ কৰি যোহৰৰ ছুন্নাত পঢ়িলে পৃথক কৰি আকৌ তাহিয়্যাতুল মছজিদ নপঢ়িলেও হয় আৰু তামাত্তু হজ্জৰ কুৰবাণী দিলে আকৌ পৃথকভাৱে কুৰবাণী নিদিলেও হয়। [13] বয়সৰ ফালৰ পৰা উটৰ পাঁচ বছৰ, গৰুৰ দুই বছৰ আৰু ভেড়া ও ছাগলীৰ এক বছৰ হোৱা জৰুৰী। অৱশ্যে অসুবিধা বশতঃ ছয় মহীয়া ভেড়া কুৰবাণী কৰিব পাৰি। প্ৰিয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘দাঁত নোলোৱালৈকে যবেহ নকৰিবা। কিন্তু সেইটো দুৰ্লভ হ’লে ছয় মাহৰ ভেড়া যবেহ কৰা। ’’[14] কিন্তু উলামাসকল এই বিষয়ে একমত যে, ছয় মাহ বয়সীয়া ভেড়াৰ কুৰবাণী সিদ্ধ হ’ব; তদুপৰি অন্য পশু পোৱা যাওক অথবা নাযাওক। অধিকাংশ উলামাই সেই হাদীছৰ আদেশক ‘ইস্তিহবাব’ (উত্তম) বুলি গ্ৰহণ কৰিছে আৰু কৈছে যে, সেই হাদীছৰ মৰ্মাৰ্থ এই নহয় যে, অন্য কুৰবাণীৰ পশু নাপালেহে ছমহীয়া বয়সৰ ভেড়া জাতৰ কুৰবাণী বৈধ। যিহেতু এনেকুৱা অন্যান্য দলিলও আছে যাৰ দ্বাৰা প্ৰমাণিত হয় যে, সেই বয়সীয়া ভেড়াৰও কুৰবাণী বৈধ; প্ৰকাশতঃ যদিও কুৰবাণীদাতা অন্য দাঁতালো পশু পাইও থাকে। যেনে¸ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘ছমাহ বয়সীয়া ভেড়াৰ জাত উত্তম কুৰবাণী। ’’[15] উক্কবাহ বিন আমীৰ (ৰা.)য়ে কৈছে, (এদিন) নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামে কুৰবাণীৰ পশু বিতৰণ কৰিলে। উকবাৰ ভাগত পৰিল এটি ছয় মাহৰ ভেড়া। তেওঁ ক’লে, ‘হে আল্লাহৰ ৰাছুল! মোৰ ভাগত ছয় মাহৰ ভেড়া হ’ল?’ প্ৰত্যুত্তৰত তেওঁ ক’লে, ‘‘এইটোৰ দ্বাৰাই তুমি কুৰবাণী কৰা। ’’[16] ২। পশু যেন নিম্নোক্ত ত্ৰুটিসমূহৰ পৰা মুক্ত হয়; (ক) এটা চকু স্পষ্ট কণা। (খ) স্পষ্ট ব্যাধি। (গ) স্পষ্ট খোৰা। (ঘ) অন্তিম বাৰ্ধক্য। এই ক্ষেত্ৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘চাৰি প্ৰকাৰৰ পশু কুৰবাণী কৰা বৈধ বা সিদ্ধ নহয়; (এটা চকু) স্পষ্ট কণা, স্পষ্ট ৰোগীয়া, স্পষ্ট খোৰা আৰু দুৰাৰোগ্য ভগ্নপদ। ’’[17] এতেকে এই চাৰিৰ কোনো এক ত্ৰুটিযুক্ত পশুৰ দ্বাৰা কুৰবাণী সিদ্ধ নহয়। ইবনে কুদামাহ (ৰহ.)য়ে কৈছে, ‘এই বিষয়ে কোনো মতভেদ আমি নাজানো। ’[18] কাৰ ওপৰত কোৰবাণী ওৱাজিবপ্ৰাপ্তবয়স্ক, সুস্থমস্তিষ্কসম্পন্ন প্ৰত্যেক মুছলিম নৰ-নাৰী, যিয়ে ১০ যিলহজ্ব ফজৰৰ পৰা ১২ যিলহজ্ব সূৰ্যাস্ত পৰ্যন্ত সময়ৰ ভিতৰত প্ৰয়োজনৰ অতিৰিক্ত নিছাব পৰিমাণ সম্পদৰ মালিক হ’ব তাৰ ওপৰত কুৰবাণী কৰা ওৱাজিব। টকা-পইচা, সোণ-ৰূপ, অলঙ্কাৰ, বসবাস ও খোৰাকিৰ প্ৰয়োজন নহোৱা এনেকুৱা ভূমি, প্ৰয়োজনৰ অতিৰিক্ত ঘৰ, ব্যৱসায়িক পণ্য ও অপ্ৰয়োজনীয় সকলো আচবাব-পত্ৰ কুৰবাণীৰ নিছাবৰ ক্ষেত্ৰত হিচাবযোগ্য। আৰু নিছাব হ’ল স্বৰ্ণৰ ক্ষেত্ৰত ৭.৫ টোলা, ৰূপৰ ক্ষেত্ৰত ৫২.৫ টোলা, টকা-পইচা ও অন্যান্য বস্তুৰ ক্ষেত্ৰত নিছাব হ’ল ইয়াৰ মূল্য ৫২.৫ ৰূপৰ মূল্যৰ সমপৰিমাণ হোৱা। আনহাতে সোণ বা ৰূপ নাইবা টকা-পইচা এইবোৰৰ কোনো এটি যদি পৃথকভাৱে নিছাব পৰিমাণ নাথাকে, কিন্তু প্ৰয়োজনৰ অতিৰিক্ত একাধিক বস্তু মিলি ৫২.৫ টোলা ৰূপৰ মূল্যৰ সমপৰিমাণ হৈ যায় তেনেহ’লেও তাৰ ওপৰত কুৰবাণী কৰা ওৱাজিব। [19] কোৰবাণী সম্বন্ধীয় কেইটিমান জাল-জঈফ হাদীছমুছলিমসকলৰ হাদিছৰ ওপৰত থকা কিতাপত কোৰবাণী সম্বন্ধীয় কিছু জাল হাদিছ (মিছা হাদিছ) ইয়াত উল্লেখ কৰা হ'ল- (১) কুৰবাণীৰ জন্তু কিয়ামতৰ দিনা তাৰ শিং, নোম আৰু খুৰাসহ হাজিৰ হ’ব---। [20] (২) কুৰবাণী তোমালোকৰ পিতা ইব্ৰাহিমৰ ছুন্নত। তাৰ প্ৰত্যেকডাল নোমৰ পৰিবৰ্তে আছে এটিকৈ নেকী। [21] (৩) কুৰবাণীৰ প্ৰথম বিন্দু ৰক্তৰ সৈতে পূৰ্বৰ সমস্ত গুনাহ মাফ হৈ যায়। পশুটিক তাৰ ৰক্ত আৰু গোস্তসহ তুলাচনীত ৭০ গুণ ওজন কৰি দিয়া হ’ব। [22] (৪) শুদ্ধ মনে ছওৱাবৰ উদ্দেশ্যত কুৰবাণী কৰিলে সেইটো জাহান্নামৰ পৰা পৰ্দাৰ দৰে হ’ব। [23] (৫) তোমালোকে তোমালোকৰ কুৰবাণীক মোটা-তাজা কৰা। কাৰণ সেইটো তোমালোকৰ পুল-ছিৰাত পাৰ কৰাৰ কাৰণে বাহন হ’ব। [24] চিত্ৰমালা![]() ![]() তথ্য সংগ্ৰহ
বহিঃসংযোগ
|
Portal di Ensiklopedia Dunia