ইস্তিগফাৰ
ইয়াৰ অৰ্থ হ'ল আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। মুছলিমসকলে বিশ্বাস কৰে যে, আল্লাহ হ'ল ‘গাফিৰ’ (ক্ষমাকাৰী), ‘গফুৰ’ (ক্ষমাশীল), ‘গফফাৰ’ (সৰ্বাধিক ক্ষমাকাৰী)। ইস্তিগফাৰ এটা স্বতন্ত্ৰ ইবাদত; কোনো গুনাহ বা পাপ ক্ষমা কৰাৰ বাবে এই ইবাদত কৰা নহয়। যেনেকৈঃ নামাজ, ৰোজা, হজ্জ ইত্যাদি ইবাদতৰ দ্বাৰা পাপ মাফ হয়; কিন্তু এইবোৰ ইবাদত কৰাৰ বাবে পাপ কৰা চৰ্ত নহয়। তওবা আৰু ইস্তিগফাৰ আল্লাহ তাআলাৰ অতি পচন্দৰ ইবাদত। সেয়েহেই নবী মুহাম্মাদ (ছাঃ) প্ৰতিদিনে ৭০ ৰ পৰা ১০০ বাৰ তওবা আৰু ইস্তিগফাৰ কৰিছিল বুলি মুছলিমসকলৰ শাস্ত্ৰত আছে। অনুৰূপ ঈমানৰ পাছত নামাজ প্ৰধান আৰু সৰ্বশ্ৰেষ্ঠ ইবাদত হোৱাৰ সত্ত্বেও এই নামাজ আদায়ৰ পিছত তিনিবাৰ ইস্তিগফাৰ পাঠ কৰা চুন্নত। অৰ্থাৎ ইস্তিগফাৰ মাথোঁ পাপৰ পাছতেই নহয়, ইবাদতৰ পাছতো কৰা হয়। যেনেকৈঃ হজ্জৰ পাছত ইস্তিগফাৰ কৰা বিষয়ে কোৰআনত উল্লেখ আছে, ‘(হজ্জৰ শেষত) তাৰপাছত তোমালোকে ওলাই পৰা, যেনেকৈ মানুহবোৰে গুচি গৈছে আৰু আল্লাহৰ ওচৰত ক্ষমা বিচৰা। নিশ্চয় আল্লাহ তাআলা ক্ষমাশীল, পৰম দয়ালু। ’[1] ইস্তেগফাৰ আৰু তওবাৰ পাৰ্থক্যইস্তেগফাৰঃ ক্ষমা বিচৰাৰ উদ্দেশ্যৰে বান্দাৰ আছতাগফিৰুল্লাহ কোৱা। তওবাঃ আল্লাহৰ দিশে প্ৰত্যাৱৰ্তন আৰু তেওঁৰ প্ৰতি মনোনিৱেশ কৰা।
ইস্তেগফাৰ সম্পৰ্কিত কোৰআনৰ আয়াত সমূহঃতুমি ক্ষমা বিচৰা তোমাৰ ও মুমিন নাৰী-পুৰুষৰ ক্ৰটি-বিচ্যূতিৰ বাবে [2] আৰু তুমি আল্লাহৰ ওচৰত ক্ষমা বিচৰা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু [3] ইস্তেগফাৰ সম্পৰ্কিত ৰাছুল(ছাঃ)ৰ বাণীসমূহঃ১) আবু হুৰাইৰা(ৰাঃ)ৰ পৰা বৰ্ণিত, মই ৰাছুলে (ছাঃ) কওঁতে শুনিছো “আল্লাহৰ শপথ, মই প্ৰতিদিনে সত্তৰবাৰতকৈয়ো বেছি অধিক আল্লাহৰ ইস্তেগফাৰ কৰো আৰু তওবা কৰো”। [4] ২) ইবনে আব্বাছ (ৰাঃ)ৰ পৰা বৰ্ণিত, তেখেতে কৈছে, ৰাছুল (ছাঃ)য়ে কৈছে,“যি ব্যক্তিয়ে ইস্তেগফাৰক অৱশ্যম্ভাবী কৰিব, আল্লাহে তেওঁক সকলো সংকীৰ্ণৰ পৰা মুক্ত কৰিব আৰু সকলো অসুবিধা(পেৰেশ্বাণী)ৰ পৰা তেওঁক নাজাত দিব আৰু এনেকুৱা ঠাইৰ পৰা ৰিজিক দিব, যিটো কল্পনা পৰ্য্যন্ত সি কৰা নাই। ”[5] ইস্তেগফাৰৰ গুৰুত্ব/ফজীলতঃইস্তেগফাৰ আল্লাহৰ ইবাদত। বিশ্বাস কৰা হয় ইস্তেগফাৰৰ কাৰণে গুনাহ/পাপ মাফ হয়, বৃষ্টি বৰ্ষণ হয়, সন্তান ও সম্পদৰ দ্বাৰা সাহায্য কৰা হয় আৰু জান্নাতৰ অধিকাৰী কৰা হয়। ইস্তেগফাৰৰ ফলত সৰ্বাধিকৰ পৰা শক্তি ও সামৰ্থ বৃদ্ধি পায়। আল্লাহ তায়ালায়ে কৈছেঃ “তেখেতে তোমালোকৰ শক্তিৰ সৈতে আৰু শক্তি বৃদ্ধি কৰিব”[6] ইস্তেগফাৰৰ ফলত সুখ-সমৃদ্ধি ও প্ৰাপ্ত হক অৰ্জিত হয়। ইস্তেগফাৰৰ ফলত বালা-মুছিবত দুৰীভূত হয়। ইস্তেগফাৰৰ সময়ঃইস্তেগফাৰ সকলো সময়তেই কৰিব পৰা যায়, কিন্ত গুনা/পাপৰ পিছত ইস্তেগফাৰ কৰা ওয়াজিব আৰু নেক আমল কৰাৰ পাছত মুস্তাহাব। যেনেকৈঃ নামাজৰ শেষত তিনিবাৰ ইস্তেগফাৰ কৰা, হজ্বল শেষত ইস্তেগফাৰ কৰা ইত্যাদি। কিন্তু চেহৰীৰ সময়ত ইস্তেগফাৰ কৰা বেছি ফজীলত/উপকাৰী, বৰঞ্চ মুস্তাহাব। কাৰণ এই সময়ত ইস্তেগফাৰকাৰীসকলক আল্লাহ তায়ালায়ে বেছি প্ৰশংসা কৰে। নাৰীসকলৰ বাবে ইস্তেগফাৰ কৰাৰ গুৰুত্বঃনাৰীসকলৰ বাবে ইস্তেগফাৰ কৰা খুব জৰুৰী। হাদিছত আছে- নবী(ছাঃ)য়ে নাৰীসকলৰ ওচৰত আহি ক'লেঃ “হে নাৰীসকল, তোমালোকে চদকাহ কৰা, বেছি বেছি ইস্তেগফাৰ কৰা। কাৰণ তোমালোকৰ অধিকাংশকেই মই জাহান্নামৰ অধিবাসী দেখিছো। সিহঁতৰ মাজৰ বাকপটু এগৰাকী নাৰীয়ে কৈ উঠিলঃ আমাৰ মাজৰ অধিকাংশ জাহান্নামী হোৱাৰ কাৰণ কি? তেখেতে ক'লেঃ তোমালোকে বেছি লানত কৰা আৰু স্বামীসকলৰ নাশুকৰি কৰা। [7] তথ্যসূত্ৰ |
Portal di Ensiklopedia Dunia