প্ৰাকৃতিক পৰিৱেশপ্ৰাকৃতিক পৰিৱেশ বুলিলে পৃথিৱী বা ইয়াৰ কোনো এটা অঞ্চলৰ সমগ্ৰ জীৱ আৰু জড়সমূহক একেলগে বুজায়। ই সকলো জীৱিত প্ৰজাতিৰ এটা পাৰস্পৰিক ক্ৰিয়াৰ পৰিৱেশ। এই ধাৰণাটো কিছুমান মৌলৰ দ্বাৰা প্ৰকাশ কৰা হয়:
প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশৰ মাজত পাৰ্থক্য আছে। মানৱ সৃষ্ট পৰিৱেশৰ অন্তৰ্গত অঞ্চল আৰু তাৰ মৌলবোৰ মানুহৰ বিভিন্ন কাৰ্যৰ (যেনে বিৱৰ্তনিক গঠন, কৃষি, জনসংখ্যা আদি) দ্বাৰা গভীৰভাৱে প্ৰভাবিত হয়। এটা ভৌগোলিক অঞ্চলক প্ৰাকৃতিক পৰিৱেশ হিচাপে গণ্য কৰা হয়। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশ বিচাৰি পোৱাতো বৰ কঠিন, আৰু পৰিস্থিতি অনুযায়ী প্ৰাকৃতিকতাৰ পাৰ্থক্য পৰিলক্ষিত হয়। পৰিৱেশৰ বিভিন্ন দৃষ্টিকোণ আৰু মৌলৰ দিশৰ পৰা বিচাৰ কৰিলে, দেখা যায় যে সিহঁতৰ প্ৰাকৃতিকতাৰ মাত্ৰা একে নহয়। উদাহৰণ স্বৰূপে, এখন কৃষি ক্ষেত্ৰৰ খনিজ লৱণৰ অনুপাত আৰু মাটিৰ গঠন বিবেচনা কৰিলে, এখন অৰণ্যৰ লগত খনিজ লৱণৰ অনুপাতৰ কিছু মিল দেখা পোৱা গলেও মাটিৰ গঠনৰ ক্ষেত্ৰত ভিন্নতা পৰিলক্ষিত হয়। প্ৰাকৃতিক পৰিৱেশক প্ৰায়েই আৱাসস্থলৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰা হয়, যেনে জিৰাফৰ প্ৰাকৃতিক পৰিৱেশ ছাভানা। সংযুতিভূ-বিজ্ঞনত সাধাৰণতে শিল, পানী, বায়ু, আৰু জীৱৰ ভিত্তিত, ভূমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জৈৱমণ্ডল নামৰ চাৰিতা মণ্ডল থাকে।[1] কিছু বিশেষজ্ঞই, জলমণ্ডলৰ এটা বিশেষ ভাগ হিমমণ্ডলৰ (বৰফৰ বাবে) লগতে স্থলমণ্ডলকো (মাটিৰ বাবে) পৃথিৱীৰ একোটা সক্ৰিয় মণ্ডল বুলি ধৰে। ভূ-বিজ্ঞান, পৃথিৱীৰ সৈতে জড়িত সকলো বিজ্ঞানৰ সমাহাৰ বুলিব পাৰি। ভূ-বিজ্ঞনৰ প্ৰধান ভাগ চাৰিতা হ'ল, ভূগোল, ভূতত্ত্ব বিজ্ঞান, ভূ-পদাৰ্থ বিজ্ঞান আৰু জিঅদেছি। পৃথিৱীৰ মণ্ডলসমূহৰ গুণগত আৰু পৰিমাণগত অধ্যয়নৰ বাবে এই বিভাগসমূহে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, ক্ৰমলজি আৰু গণিতৰ ব্যৱহাৰ কৰে। ভৌগোলিক ক্ৰিয়াপ্ৰধান প্ৰবন্ধ: ভূতত্ত্ব বিজ্ঞান
পৃথিৱীৰ ভূ-ত্বক বা ভূমণ্ডল হ'ল গ্ৰহটোৰ একেবাৰে বাহিৰৰ কঠিন আৱৰণ আৰু ৰাসায়নিক তথা প্ৰযুক্তিগত ভাৱে ভিতৰৰ তৰপসমূহতকৈ ভিন্ন। ই প্ৰধানকৈ আগ্নেয় প্ৰক্ৰিয়াৰ দ্বাৰা সৃষ্টি হৈছিল, য'ত মেগমা ঠাণ্ডা আৰু গোট মাৰি কঠিন শিললৈ ৰূপান্তৰ ঘটিছিল। ভূ-ত্বকৰ ঠিক তলৰ স্তৰটো তেজস্ক্ৰীয় মৌলৰ ক্ষয়ীভৱনৰ ফলত উতপ্ত হৈ থাকে। এই তৰপটোতেই টেকটনিক প্লেটসমূহ ভাঁহি থাকে। এই প্লেটবোৰ লৰচৰ কৰাৰ ফলতেই ভূমিকম্প হয়। সাধাৰণতে এনে যিকোনো দুখন প্লেটৰ সংযোগ স্থলতেই ভূমিকম্প হয়। এই তেজস্ক্ৰীয় বিকিৰণৰ বাবে হোৱা উত্তাপ বৃদ্ধিৰ ফলত ভূ-গৰ্ভৰ উপাদানবোৰ তৰল হৈ আয়তন বাঢ়ে। আগ্নেয়গিৰি উদ্গিৰণৰ ই এটা প্ৰাথমিক কাৰণ। জলভাগমহাসাগৰপ্ৰধান প্ৰবন্ধ: মহাসাগৰ
পৃথিৱীৰ জলভাগে পৃথিৱী পৃস্থৰ এটা বৃহৎ অংশ, প্ৰায় ৭১% আগুৰি আছে, কেইবাখনো সাগৰ আৰু মহাসাগৰত বিভক্ত কৰা হৈছে। মহাসাগৰ মূলতঃ এখনেই। ভূগোলবিদসকলে অধ্যয়নৰ সুবিধাৰ্থে মহাসাগৰক ৫টা অংশৰ বিভক্ত কৰিছে। মহাসাগৰীয় বিভাজনসমূহ সংজ্ঞায়িত আৰু মূল্যায়িত হৈছে - মহাদেশ, মাটিৰ স্তৰ আৰু অন্যান্য চৰ্তাৱলীক কেন্দ্ৰ কৰি। এই পাঁচ বিভাজন হৈছে (আকাৰৰ হ্ৰাসমান ক্ৰমত):
নদীপ্ৰধান প্ৰবন্ধ: নদী
নদী হ'ল পানীৰ প্ৰাকৃতিক জলধাৰা,[3] নদীৰ পানী সাধাৰণতে, মহাসাদৰ, হ্ৰদ, সাদৰ বা অন্য নদীলৈ বৈ যায়। কোনো কোনো ক্ষেত্ৰত নদী কোনো পানীৰ উৎস পোৱাৰ আগতেই শুকাই যায়। জুৰিহ্ৰদপ্ৰধান প্ৰবন্ধ: হ্ৰদ
হ্ৰদ পানীৰ এটা বৃহৎ উৎস। কোনো এটা মহাদ্বীপত মহাসাগৰৰ অংশ নোহোৱা আৰু নদীৰ পানীৰে সৃষ্টি হোৱা পুখুৰীতকৈ ডাঙৰ আৰু গভীৰ জলাশয়ক হ্ৰদ বুলি গণ্য কৰা হয়।[4][5] সাধাৰণতে পৰ্বতীয়া অঞ্চলত প্ৰাকৃতিক হ্ৰদসমূহ পোৱা যায়। পুখুৰীপুখুৰী হ'ল, হ্ৰদত কৈ সৰু, প্ৰাকৃতিক বা মানৱ সৃষ্ট, স্থিৰ পানীৰ এটা উৎস। বায়ুমণ্ডল, জলবায়ু আৰু বতৰবায়ুমণ্ডল পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ প্ৰধান চালিকা শক্তি। পৃথিৱীৰ চাৰিওফালে থকা গেছৰ এই পাতল আৱৰণটো পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে। বায়ু সাধাৰণতে ৭৮% নাইট্ৰজেন, ২১% অম্লজান, ১% আৰ্গণ আৰু কাৰ্বন ডাই অক্সাইডৰ দৰে অন্য নিষ্ক্ৰিয় গেছেৰে গঠিত। বাকী গেছবোৰক প্ৰায়ে অৱশেষ হিচাপে গণ্য কৰা হয়,[6] যিবোৰৰ ভিতৰত, জলীয় বাষ্প, কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আৰু অজনৰ দৰে সেউজগৃহ গেছেই প্ৰধান। বিভিন্ন ৰাসায়নিক যৌগৰ অৱশেষো বায়ুত মিহলি হৈ থাকে। বায়ুৰে এটা অংশ ডাৱৰত বিভিন্ন পৰিমাণৰ জলীয় বাষ্প, প্ৰলম্বিত পানীৰ ক্ষুদ্ৰ টোপাল আৰু বৰফৰ স্ফটিকো থাকে। ধূলি, পৰাগ আৰু ৰেণু, সাগৰীয় পানীৰ কণা, আগ্নেয় ধুৱা আৰু মহাকাশীয় কণাৰ দৰে বহু প্ৰাকৃতিক পদাৰ্থও বায়ুত মিহলি হৈ থাকে। বিভিন্ন ঔদ্যোগিক প্ৰদূষক, যেনে ছালফাৰ ডাই অক্সাইডৰ দৰে ক্লৰিণ, ফ্লৰিণ, মাৰ্কাৰি আৰু ছালফাৰ আদিৰ মৌল বা যৌগও বায়ুত পোৱা যায়। [SO2]. বায়ুমণ্ডলৰ অজন তৰপে অতি বেঙুনীয়া ৰশ্মিৰ (UV) বিকিৰণ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই অতি বেঙুনীয়া ৰশ্মি চালৰ বাবে অত্যন্ত ক্ষটিকাৰক। এই অজন তৰপে অতি বেঙুনীয়া ৰশ্মিৰ দ্বাৰা হ'ব পৰা ডি. এন. এ.ৰ ক্ষটিসাধন ৰোধ কৰি জীৱকুলক ৰক্ষা কৰি আহিছে। তদুপৰি বায়ুমণ্ডলে ৰাতি তাপৰ সমতাও ৰক্ষা কৰো। বায়ুমণ্ডলৰ স্তৰসমূহপ্ৰধান স্তৰসমূহপৃথিৱীৰ বায়ুমণ্ডলক পাঁচটা প্ৰধান তৰপত ভাগ কৰা হৈছে। এই তৰপসমূহ বায়ুমণ্ডলক তাপৰ তাৰতম্যৰ ওপৰত নিৰ্ভশীল।
অন্য তৰপসমূহ বায়ুমণ্ডলক তাপৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰকৰি ভাগ কৰা এই প্ৰধান পাঁচটা তৰপৰ উপৰিও অন্যান্য বৈশিষ্টৰ ভিত্তিত আৰু কেইবাটাও তৰপত ভাগ কৰা হৈছে।
গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিণামগোলকীয় উষ্ণতা বৃদ্ধিৰ সম্ভাৱিত পৰিণাম সম্পৰ্কে বিশেষজ্ঞৰ দলসমূহে ধাৰাবাহিকভাৱে অধ্যয়ন কৰি আছে। আমাৰ প্ৰাকৃতিক পৰিৱেশ আৰু গ্ৰহটোত হ'ব পৰা সম্ভাব্য পৰিণতি সম্পৰ্কে তেওঁলোকে বিস্তৃত আলোচনা কৰিছে। জলবায়ুৰ পৰিবৰ্তন, মানৱজনিত গোলকীয় উষ্ণতা বৃদ্ধি, মানৱ সৃষ্ট সেউজগৃহ গেছৰ উন্মুক্তকৰণ, লক্ষণীয় ভাৱে বৃদ্ধি পোৱা কাৰ্বন ডাই অক্সাইড আদিয়ে এটাই আনটোক প্ৰভাৱিত কৰাৰ লগতে পৃথিৱী, ইয়াৰ পৰিৱেশ আৰু মানৱ জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। এইটো স্পষ্টযে আমাৰ গ্ৰহটো ক্ৰমান্বয়ে গৰম হৈ গৈ আছে। শেহতীয়াকৈ ইণ্টাৰগভাৰমেণ্টেল পেনেল অন ক্লাইমেট চেইঞ্জে (Intergovernmental Panel on Climate Change, বিশ্বৰ এটা আগশাৰীৰ জলবায়ু বিশেষজ্ঞৰ গোট) প্ৰকাশ কৰা মতে, ১৯৯০ চনৰ পৰা ২১০০ চনলৈ পৃথিৱীৰ উষ্ণতা প্ৰায় ২.৭ ৰ পৰা ১১ ডিগ্ৰী ফাৰেণহাইট বৃদ্ধি পাব। সেউজগৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ প্ৰতি বিশেষভাৱে ধ্যান দিয়া হৈছে, মানুহ, অন্য প্ৰাণী, আৰু উদ্ভিদ প্ৰজাতি, পৰিৱেশ তন্ত্ৰ, অঞ্চল আৰু ৰাষ্ট্ৰৰ ওপৰত প্ৰভাৱ পেলোৱা গোলকীয় উষ্ণতা বৃদ্ধি প্ৰতিৰোধৰ বাবে অনুকূল কৌশল বিকশিত কৰাত গুৰুত্ব আৰোপ কৰিছে। জলবায়ুৰ পৰিবৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি প্ৰতিবোধৰ প্ৰতি সহযোগ কৰা এনে কিছুমান উদাহৰণ হ'ল:
জলবায়ুকোনো এটা ভৌগোলিক অঞ্চলৰ তাপ, আৰ্দতা, বায়ুমণ্ডলীয় চাপ, বতাহ, বৰষুণ, বায়ুমণ্ডলীয় উপাদানৰ পৰিমাণ আৰু অন্য অসংখ্য ধাতৱ মৌলৰ পৰিমাণ আদিৰ দীঘলীয়া সময়ৰ পৰিসাংখিকিকে জলবায়ু বোলে। অন্য অৰ্থত দীঘলীয়া সময়ৰ বাবে বতৰৰ পৰিবৰ্তনেই জলবায়ু। বতৰকোনো এটা নিৰ্দিষ্ট সময়ত কোনো এটা নিৰ্দিষ্ট বায়ুমণ্ডলীয় অঞ্চলত সংঘটিত হোৱা পৰিঘটনাসমূহকে বতৰ বোলে। বতৰৰ বেছিভাগ পৰিঘটনা টপস্ফিয়াৰত সংঘটিত হয়। যিকোনো এটা অঞ্চলৰ উষ্ণতা বা অন্যান্য উপাদনবোৰৰ দৈনিক পৰ্বৰ্তনেই বতৰ আৰু এই পৰিবৰ্তনসমূহৰ এটা দীঘলীয়া সময়ৰ পৰিসাংখিকিয়েই জলবায়ু। যিকোনো এখন ঠাইৰ ঘনত্ব (তাপ আৰু জলীয় বাষ্প) পৰিবৰ্তনৰ ফলতেই বতৰৰ পৰিবৰ্তন হয়। সূৰ্যৰ ৰশ্মিৰ আপতিত কোণৰ পৰিবৰ্তনৰ বাবেই এই পৰিবৰ্তনবোৰৰ সৃষ্টি হয়। অস্থিৰ বায়ুৰ বোবে চাইক্লন, ধুমুহা আদিৰ সৃষ্টি হয়। পৃথিৱী পৃষ্ঠৰ উষ্ণতা বছৰি প্ৰায় ±৪০ °C (১০০ °F −৪০ °F) পৃথিৱী পৃষ্ঠৰ উষ্ণতা, পৃষ্ঠ চাপৰ পৰিবৰ্তনৰ বাবে ভিন্ন হোৱা দেখা যায়। ওখ অঞ্চলসমূহ সাধাৰণতে ঠাণ্ডা হয়। জীৱনপৃথিৱীত জীৱন প্ৰায় ৩৭০০ নিযুত বছৰ ধৰি বৰ্তি আছে বুলি প্ৰমাণ পোৱা গৈছে।[7] পৃথিৱীৰ সকলো জীৱ, এককোষী জীৱৰ পৰাই সৃষ্টি হৈছে বুলি কোৱা হয়। কিন্তু জীৱ উৎপত্তিৰ তত্ত্ব সমন্ধে এতিয়াও বহু মতবিৰোধ পৰিলক্ষিত হয়। সাধাৰণতে সংৰচনা, বিপাক, বৃদ্ধি আৰু বিকাশ, অভিযোজন, উদ্দীপকৰ প্ৰতি সঁহাৰি আৰু প্ৰজননৰ দ্বাৰা বহু বিজ্ঞানীয়ে জীৱৰ উৎপত্তি বিশেষীকৰণ কৰে, যদিও ইয়াৰ কোনো সৰ্বসন্মত সংজ্ঞা নাই।[8] সহজ ভাষাত জীৱসমূহৰ গুণগত অৱস্থাই জীৱন। জীৱবিজ্ঞানৰ মতে, বৃদ্ধিৰ সক্ষমতা, শাৰীৰিক কাৰ্য আৰু মৃত্যুলৈকে ধাৰাবাহিক পৰিবৰ্তনকে ধৰি, অন্য ভৌতিক পদাৰ্থৰ পৰা জীৱসমূহক পৃথক বুলি চিনাক্ত কৰিব পৰা প্ৰাথমিক চৰ্তটোৱেই হ'ল জীৱন।[9][10] পৃথিৱীৰ জৈৱমণ্ডলত বিভিন্ন ধৰণৰ জীৱ পোৱা যায়, এই জীৱসমূহৰ (উদ্ভিদ, প্ৰাণী, ভেঁকুৰ, প্ৰটিষ্টা, আৰ্কিয়া আৰু বেক্টেৰিয়া) সাধাৰণ লক্ষণবোৰ হ'ল- কাৰ্বন আৰু পানীৰ আধাৰত গঠিত কোষৰ জটিল সংৰচনা আৰু বিৱৰ্তনিক জিনীয় তথ্য। জীৱসমূহে বিপাক কাৰ্য সংঘটিত কৰে, সমাৱস্থান ৰক্ষা কৰে, বৃদ্ধিৰ সক্ষমতা দেখুৱাই, উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়, প্ৰজনন কৰে আৰু এটা সফল প্ৰজন্ম হিচাপে, প্ৰাকৃতিক নিৰ্বাচনৰ জৰিয়তে পৰিৱেশৰ লগত অভিযোজন কৰে। পৰিবেশ তন্ত্ৰপ্ৰধান প্ৰবন্ধ: পৰিৱেশ তন্ত্ৰ
যি বিশেষ পদ্ধতিত কোনো বসতি স্থানৰ জীৱগোষ্ঠীবোৰে এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিৱেশৰ কাৰকৰ লগত প্ৰতিক্ৰিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে তাকে পৰিৱেশ তন্ত্ৰ বোলে।[11] বাস্তৱ্যবিদ ওডামৰ (Odum, 1971) মতে "পৰিৱেশ তন্ত্ৰ" হ’ল এটা নিৰ্দিষ্ট অঞ্চলৰ ভৌতিক পৰিৱেশৰ লগত আন্তঃক্ৰিয়াশীল সকলো প্ৰকাৰৰ জীৱক সাঙুৰি লোৱা (অৰ্থাৎ জৈৱ সম্প্ৰদায়) এটা সমষ্টি য’ত শক্তিৰ প্ৰৱাহে স্পষ্টভাবে ইয়াৰ খাদ্যস্তৰৰ গঠন, জৈৱবৈচিত্ৰ্য আৰু পদাৰ্থৰ চক্ৰীভৱন (অৰ্থাৎ জীৱিত আৰু নিৰ্জীৱ উপাংশৰ মাজত হোৱা পদাৰ্থৰ বিনিময়) পৰিছালনা কৰে। "[12] বায়মবায়মবোৰ পৰিভাষিক ভাৱে পৰিৱেশতন্ত্ৰ সৈতে একে, জলবায়ু আৰু ভৌগোলিকভাৱে নিৰ্ধাৰণ কৰা কিছুমান পৰিৱেশগত ভাৱে সদৃশ জলবায়ুৰ অঞ্চল। উদ্ভিদৰ প্ৰকাৰ (যেনে বৃক্ষ, গুল্ম, আৰু তৃণ), পাতৰ প্ৰকাৰ (যেনে বহল পাত আৰু দীঘলীয়া পাত), উদ্ভিদৰ ঘনত্ব (অৰণ্য, কাঠনি, তৃণভূমি), আৰু জলবায়ুৰ ওপৰত ভিত্তি কৰি বায়মবোৰ ভাগ কৰা হৈছে, পৰিৱেশমণ্ডলৰ দৰে বংশগতি, বিৱৰ্তন বা ইতিহাসৰ ওপৰত ভিত্তি কৰি নহয়। জৈৱৰাসায়নিক চক্ৰ
গোলকীয় জৈৱৰাসায়নিক চক্ৰবোৰে জীৱৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়, এনে কেইটামান প্ৰধান চক্ৰ হ'ল- নাইট্ৰ'জেন চক্ৰ, জল চক্ৰ, কাৰ্বন চক্ৰ, অক্সিজেন চক্ৰ আৰু ফছফৰাছ চক্ৰ।
বনাঞ্চলবনাঞ্চল বুলিলে সাধাৰণতে পৃথিৱীৰ সেইবোৰ প্ৰাকৃতিক পৰিৱেশক বুজাই, যিবোৰ অঞ্চল মানুহৰ কাৰ্যৰ দ্বাৰা পৰিবপৰা যিকোনো প্ৰভাৱৰ পৰা মুক্ত। The WILD Foundationৰ মতে বনাঞ্চল হ'ল: " আমাৰ গ্ৰহটোত থকা একেবাৰে অক্ষত, নিৰ্জন বন্য প্ৰাকৃতিক অঞ্চল - যিবোৰত সঁচা অৰ্থত মানুহে পৰিচালনাৰ নকৰে আৰু ৰাস্তা, পাইপ লাইন বা অন্য ঔদ্যোগিক নিৰ্মাণ কাৰ্য নকৰে। "[13] বনাঞ্চল আৰু সুৰক্ষিত উদ্যানসমূহ, কিছুমান নিৰ্দিষ্ট প্ৰজাতিৰ জীৱন ধাৰণ, পৰিৱেশ তন্ত্ৰ অধ্যয়ন, সংৰক্ষণ, নিৰ্জনতা, আৰু পূনৰ্নিৰ্মাণৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। সাংস্কৃতিক, আধ্যাত্মিক, নৈতিক, আৰু কলাত্মক ভাবে বনাঞ্চল অতি মূল্যৱান। বন্যজীৱ বুলিলে মানুহে কৰ্ষণ বা পোহনীয়া নকৰা উদ্ভিদ, প্ৰাণী বা অন্য জীৱক বুজায। মানুহে নিজৰ লাভৰ বাবে বনৰীয়া উদ্ভিদ বা প্ৰাণী প্ৰজাতিসমূহ ঘৰুৱা কৰাৰ ফলত পৰিবেশৰ ওপৰত ধনাত্মক আৰু ঋণাত্মক দুয়ো প্ৰকাৰৰ প্ৰভাৱ পৰে। সকলো পৰিৱেশতে বন্যজীৱ পোৱা যায়। মৰুভূমি, বৰ্ষৰণ্য, সমভূমি আৰু অতি উন্নত নগৰীয়া অঞ্চলকে ধৰি যিকোনো অঞ্চলতেই কিছুমান নিৰ্দিষ্ট বন্যজীৱ পোৱা যায়। বন্যজীৱ বুলিলে যদিও মানৱ সভ্যতাই স্পৰ্ষ নকৰা জীৱসমূহক বুজায়, তথাপি বৰ্তমান মানুহৰ কাৰ্যৰ দ্বাৰা এইবোৰ কিছু পৰিমাণে হ'লেও প্ৰভাৱিত হৈছে। প্ৰত্যাহ্বানসমূহতথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia