বেক্টেৰিয়া
বেক্টেৰিয়া (ইংৰাজী: Bacteria) এবিধ সৰল আৰু অতি ক্ষুদ্ৰ এককোষী জীৱ। এণ্টন ফন লিউৱেনহ'ক(Anton von Leeuwenhoek,1676) নামৰ এজন ওলন্দাজ বিজ্ঞানীয়ে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পোনপ্ৰথমে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱৰ অস্তিত্ব পায়। বিজ্ঞানী এহৰনবাৰ্গ(Ehrenberg,1828)-এ এই জীৱবোৰক "বেক্টেৰিয়া" নাম দিয়ে। পৰৱৰ্তী সময়ত ফৰাচী বিজ্ঞানী লুই পাস্তৰ (Louis Pasteur,1822-1895) আৰু জাৰ্মান বিজ্ঞানী ৰবাৰ্ট কক (Robert Koch,1863-1910) এ নানা পৰীক্ষা-নিৰীক্ষাৰ সহায়ত প্ৰমাণ কৰে যে,উদ্ভিদ আৰু প্ৰাণীৰ বিভিন্ন ৰোগৰ কাৰণ হ'ল বেক্টেৰিয়া। ফৰাচী সেনাবাহিনীৰ শল্য চিকিৎসক ছেডিলট (Sedillot,1878 ) এ বেক্টেৰিয়াক অণুজীৱ বা মাইক্ৰ'বছ (microbes) আখ্যা দিয়ে। [2]। ![]() ![]() ![]() বেক্টেৰিয়াৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ
বাসস্থানবেক্টেৰিয়াই মাটি,পানী,বতাহ,মহাকাশ সকলো ঠাইতে বাস কৰে। তদুপৰি বিভিন্ন খাদ্যবস্তু,ফল-মূল,বস্ত্ৰ,উদ্ভিদ আৰু প্ৰাণীদেহ,মানুহৰ মুখগহ্বৰ,অন্ত্ৰ,জনন অংগ আদিত বেক্টেৰিয়াৰ উপস্থিতি দেখা যায়। বেক্টেৰিয়াই গৰম আৰু ঠাণ্ডা - দুয়োটা পৰিবেশত বাস কৰিব পাৰে। কিছুমান বেক্টেৰিয়াই যেনেকৈ সৰ্বনিম্ন -১৯০° C-ত বাচি থাকিব পাৰে ,ঠিক তেনেকৈ আন কিছুমানে ৭৬° C উষ্ণতাত নমৰাকৈ থাকে। অৰ্থাৎ বেক্টেৰিয়াৰ উষ্ণতা-তাৰতম্য সহ্য কৰা ক্ষমতা অত্যন্ত বেছি। ![]() আকৃতিআকৃতি অনুসৰি বেক্টেৰিয়াক চাৰিটা ভাগত ভগাব পাৰি।
কক্কাছ (coccus) এই এককোষী বেক্টেৰিয়াবিলাক দেখিবলৈ প্ৰায় গোলাকাৰ বা ডিম্বাকাৰ হয়। গোলাকাৰ বেক্টেৰিয়াক কক্কাছ,বহুবচনত কক্কি (cocci)বোলে। কক্কাছবোৰ এককভাৱে অৰ্থাৎ পৃথক পৃথক ভাৱে থাকিলে ইহঁতক মাইক্ৰ'কক্কাছ (micrococcus)বোলে। যেনে - মাইক্ৰ'কক্কাছ ফ্লেভাছ(Micrococcus)। দুটা কক্কাছ অৰ্থাৎ দুটা গোলাকাৰ কোষ একেলগে থাকিলে তাক ডিপ্ল'কক্কাছ (diplococcus) বোলে। যেনে - ডিপ্ল'কক্কাছ নিউম'নি(Diplococcus pneumoniae)। বহুতো কক্কাছ লগ হৈ শিকলিৰ দৰে হ'লে তাক ষ্ট্ৰেপ্ট'কক্কাছ (streptococcus) বোলে। যেনে - ষ্ট্ৰেপ্ট'কক্কাছ পায়'জেনছ(Streptococcus pyogens)। বহুতো কক্কাছ থুপ খাই আঙুৰৰ থোপাটোৰ দৰে হ'লে,তাক ষ্টেফাইল'কক্কাছ (staphylococcus) বোলে। যেনে - ষ্টেফাইল'কক্কাছ অ'ৰিয়াছ(Staphylococcus aureus)। ৮,১৬ বা ততোধিক কক্কাছ লগ হৈ ঘনকৰ আকৃতি ধাৰণ কৰিলে তাক ছাৰচিনি (sarcinae) বোলে। বেচিলাছ(Bacillus) এইবিলাক বেক্টেৰিয়া দেখাত সৰু সৰু পোন দণ্ডৰ দৰে। দণ্ডাকাৰ বেক্টেৰিয়াক বেচিলাছ ,বহুবচনত বেচিলি (bacilli) বোলে। কক্কাছৰ দৰে বেচিলি বিভিন্ন প্ৰকাৰৰ হয় -
![]() আকাৰকোষীয়(cellular) জীৱৰ ভিতৰত বেক্টেৰিয়াই আটাইতকৈ ক্ষুদ্ৰতম জীৱ। সাধাৰণতে বেক্টেৰিয়াৰ আকাৰ ০.৫-১.০×২.০-৫.০μm আৰু বহলে ২-৩μm। আটাইতকৈ ক্ষুদ্ৰতম বেক্টেৰিয়াটো হ'ল ডায়ালিষ্টাৰ নিউম'ছিণ্টছ(Dialister pneumosintes),যি দীঘলে প্ৰায় ০.১৫μm হয়। আনহাতে বৃহৎ বেক্টেৰিয়াটো হ'ল বেচিলাছ বুটছচিল্লী(Bacillus butshilli),যি দীঘলে প্ৰায় ৮০μm। ![]() প্ৰজননবেক্টেৰিয়াই অংগজ,অযৌন আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰে। অংগজ প্ৰজনন(Vegetative reproduction) বেক্টেৰিয়াই দ্বি-বিভাজনআৰু মুকুলোদগম পদ্ধতিৰদ্বাৰা অংগজ প্ৰজনন কৰে।
অযৌন প্ৰজনন(Asexual reproduction) প্ৰতিকূল পৰিবেশত কিছুমান বেক্টেৰিয়াই (যেনে-বেচিলাছ আৰু ক্লছট্ৰিডিয়াম) কোষত কোষপ্ৰৰসখিনি সংকুচিত হয় আৰু ইয়াৰ চাৰিওফালে এখন ডাঠ আৱৰণৰ সৃষ্টি হয়। ডাঠ আৱৰণেৰে সৈতে কোষস্থ সংকুচিত কোষপ্ৰৰসখিনিক অন্ত:ৰেণু(endospore) বোলে। অনুকূল পৰিবেশত অন্ত:ৰেণু বেক্টেৰিয়া কোষবেৰ ফাটি ওলাই আহে আৰু অংকুৰিত হৈ অপত্য বেক্টেৰিয়াৰ সৃষ্টি কৰে। ইয়াৰ বাহিৰেও কিছুমান বেক্টেৰিয়া কোষৰ কোষপ্ৰৰসখিনি খণ্ডিত হৈ কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ ফ্লেজেলাযুক্ত অন্ত:ৰেণুৰ সৃষ্টি হয়। এই অন্ত:ৰেণুবোৰক গনিডিয়া(gonidia)বোলে। গনিডিয়াবোৰ মাতৃ কোষবেৰ ধ্বংস হোৱাৰ পিছত বাহিৰলৈ ওলাই আহি অপত্য বেক্টেৰিয়াৰ সৃষ্টি কৰে। আনহাতে,সূত্ৰকাৰ বেক্টেৰিয়া টুকুৰা-টুকুৰ হৈ ৰেণু বা কনিডিয়া (conidia) গঠন কৰে। এইবিলাক অনুকূল পৰিবেশত অংকুৰিত হৈ অপত্য বেক্টেৰিয়াৰ সৃষ্টি হয়। যৌন প্ৰজনন(Sexual reproduction) বেক্টেৰিয়াৰ যৌন প্ৰজনন প্ৰক্ৰিয়া সংকোষকেন্দ্ৰীয়(eukaryotic) জীৱতকৈ বেলেগ। এইবিলাকৰ যৌন প্ৰজননৰ সময়ত সংকোষকেন্দ্ৰীয় জীৱৰ দৰে কোনো ধৰণৰ জননকোষ(gamete) বা যোজনকোষ(zygote) ৰ সৃষ্টি নহয়,তাৰ সলনি বংশগতি নিৰ্ণায়ক পদাৰ্থৰ কোনো অংশ এটা কোষ দাতা(donor) ৰপৰা আন এটা কোষ গ্ৰহীতা(recipient) লৈ স্থানান্তৰ হয়। ফলত গ্ৰহীতা বেক্টেৰিয়া কোষৰ গুণগত পাৰ্থক্য দেখা যায়। এই প্ৰক্ৰিয়াটোক জিনগত পুনৰ সংযোজন(genetic recombination) বোলে। পিছত গ্ৰহীতা বা পুনৰ সংযোজিত বেক্টেৰিয়া কোষটোৱে দ্বি-বিভাজন পদ্ধতিৰে প্ৰজনন কৰে।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia