এককোষী জীৱএককোষী জীৱ হল, সেইবোৰ জীৱ যিবোৰ জীৱৰ দেহ মাত্ৰ এটা কোষৰ দ্বাৰা গঠিত হয়, আনহাতে বহুকোষী জীৱবোৰৰ শৰীৰত একাধিক কোষ থাকে। ঐতিহাসিক ভাবে সৰল এককোষী জীৱ বোৰক ম'নাড বুলিও কয়।[1] বেক্টেৰিয়া, আৰ্কিয়া, প্ৰট'জৱা, এককোষী শেলাই আৰু এককোষী ভেঁকুৰ আদি এককোষী জীৱৰ প্ৰধান গোট। এককোষী জীৱবোৰক দুটা ভাগত ভাগ কৰা হৈছে: প্ৰকোষকেন্দ্ৰীক জীৱ আৰু সংকোষকেন্দ্ৰীক জীৱ। এককোষী জীৱবোৰক জীৱনৰ পুৰণা ৰূপ বুলি গণ্য কৰা হয়, সম্ভৱতঃ প্ৰায় ৩৮ নিযুত বছৰৰ আগৰ পৰাই বিদ্যমান।[2] সংকোষকেন্দ্ৰীক জীৱ, বেছিভাগ প্ৰটিষ্টা, আৰু কিছুমান ভেঁকুৰ এককোষী। যদিও এনে কিছুমান জীৱ সংঘবদ্ধ হৈ থাকে, তথাপি সিহঁত এককোষী। এনে জীৱ বোৰে একেলগে জীৱন নিৰ্বাহ কৰে। সিহঁত প্ৰত্যেকেই পৰস্পৰে নিৰ্ভৰশীল হৈ জীয়াই থাকে। আনহাতে, ডাইক্ট'ষ্টেলিয়ামৰ দৰে কিছুমান জীৱ, পৰিস্থিতি সাপেক্ষে এককোষী আৰু বহুকোষী দুয়োটা ৰূপতে পোৱা যায়। বেছিভাগ এককোষী জীৱ ইমান ক্ষুদ্ৰ যে সিহঁতক অণুবীক্ষণ যন্ত্ৰৰ যোগেদিহে দেখা পোৱা যায়, সেইবাবে সিহঁতক অণুজীৱ বোলে। অৱশ্যে, কিছুমান প্ৰটিষ্ট আৰু বেক্টেৰিয়া খালি চকুৰেও দেখা পোৱা যায়।[3] যেনে:
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia