প্ৰটিষ্টা
কিছুমান জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন পদ্ধতি অনুসৰি প্ৰটিষ্টবোৰ (/ˈproʊtɨst/) হ'ল সংকোষকেন্দ্ৰীয় অনুজীৱৰ বৃহৎ গোট, যিবিলাক প্ৰটিষ্টা নামৰ জগতৰ অন্তৰ্গত। আধুনিক বৰ্গীকৰণৰ পৰা এই জগৎ খন আঁতৰোৱাৰ চেষ্টা কৰা হৈছে যদিও এতিয়াও ই বহুলভাৱে প্ৰচলিত হৈ আছে।[1][2][3]আধুনিক বৰ্গীকৰণত ভিন্ন আৰু দুৰ সমন্ধীয় পৰ্ব হিচাপে এই গোটটো পুনঃ পৰিভাষিত কৰিবলৈ আনবিক তথ্য ব্যৱহাৰ কৰা হয়। বৰ্তমান প্ৰটিষ্টাক, বিবৰ্তনিক ভাৱে ওচৰ সমন্ধীয় নোহোৱা, ভিন্ন জীৱন চক্ৰ, পোষণৰ স্তৰ, চলনৰ প্ৰকাৰ আৰু কোষীয় গঠনৰ অসম পৰ্ব (diverse phyla) হিচাপে বিবেচনা কৰা হয়।[4][5]প্ৰটিষ্টবোৰ এককোষী বা বিশেষ কলাহীন বহুকোষী, আৰু এই সৰল কোষীয় সংঘই প্ৰটিষ্টবোৰক ভেঁকুৰ, প্ৰাণী আৰু উদ্ভিদৰ দৰে অন্য সংকোষকেন্দ্ৰীয় জীৱবোৰৰ পৰা পৃথক কৰিছে। প্ৰটিষ্টা পদটো প্ৰথম আৰ্নষ্ট হেকেলে ১৮৬৬ চনত ব্যৱহাৰ কৰিছিল। পৰম্পৰাগতভাৱে প্ৰটিষ্টবোৰক উচ্চ জগতৰ সাদৃশ্যৰ ওপৰত ভিত্তি কৰি কেইবাটাও গোটত ভাগ কৰা হৈছে: এককোষী প্ৰাণী সদৃশ "প্ৰ'ট'য'ৱা, উদ্ভিদ সদৃশ "প্ৰ'ট'ফাইটা, (বেছিভাগ এককোষী শেলাই), আৰু ভেকুঁৰ সদৃশ স্লাইম মল্ড (slime mold) আৰু ৱাটাৰ মল্ড (water mold)। এই চুপাৰফিচিয়েল কমনেলিটিজৰ (superficial commonalities) ওপৰত ভিত্তি কৰি গঠন কৰা পৰম্পৰাগত উপবিভাগবোৰৰ বেছিভাগেই , ফাইল'জেনেটিক (জীৱৰ মাজৰ বিৱৰ্তনিক সম্পৰ্ক)ৰ ওপৰত ভিত্তি কৰি কৰা শ্ৰেণীবিভাজনেৰে প্ৰতিস্থাপন কৰা হৈছিল। বহুতো প্ৰটিষ্টৰ গঠন আৰু পৰিস্থিতি বৰ্ণনা কৰিবলৈ এতিয়াও পুৰনা পদবোৰ অনানুষ্ঠানিক নাম হিচাপে ব্যৱহাৰ কৰা হয়। পানী থকা সকলো পৰিৱেশতে প্ৰটিষ্টবোৰ জীয়াই থাকিব পাৰে। শেলাইৰ দৰে বহুটো প্ৰটিষ্টে, সালোক সংশ্লেষন কৰে আৰু পৰিৱেশ তন্ত্ৰৰ বিশেষকৈ সাগৰত প্লাংটনৰ (plankton) এটা অংশৰ দৰে প্ৰাথমিক উৎপাদক। প্ৰটিষ্টাৰ বহু প্ৰজাতি বিভিন্ন ৰোগৰ কাৰক বুলি চিনাক্ত কৰা হৈছে। যেনে - মেলেৰিয়া সৃষ্টিকাৰি এপিকমপ্লেক্সান প্লাছম'ডিয়াম (apicomplexan Plasmodium)। তথ্য সংগ্ৰহ
|