এমিবা এককোষী ক্ষুদ্ৰ প্ৰাণী। অণুবীক্ষণ যন্ত্ৰৰ সহায়ত ইয়াৰ স্থিতি স্পষ্টকৈ ধৰিব পাৰি। ইয়াৰ দেহৰ আকাৰ সাধাৰণতে ০.২৫-০.৬ mm পৰ্যন্ত। কিছুমান বৃহৎ আকৃতিৰ এমিবাৰ দেহৰ ব্যাস ১-১.৫ mm পৰ্যন্ত হয় আৰু এইবোৰ প্ৰাণীক খালি চকুৰে ক্ষুদ্ৰ ধোঁৱাবৰণীয়া বিন্দু এটাৰ দৰে দেখা যায়।
বিভিন্ন দিশত,বিভিন্নভাৱে কূটপদ সৃষ্টি হোৱাৰ ফলত এমিবাৰ দেহৰ কোনো নিৰ্দিষ্ট আকৃতি নাই,জীৱিত এমিবাৰ দেহৰ আকাৰ ক্ষণে ক্ষণে পৰিৱৰ্তন হৈ থাকে। ইয়াৰ দেহ বৰণহীন,অৰ্দ্ধস্বচ্ছ,দানাযুক্ত প্ৰ'ট'প্লাজমৰ দ্বাৰা গঠিত। দেহৰ কোনো পৃষ্ঠীয় আৰু অংকীয় ভাগ নাথাকে।[1]
বহি:প্লাজমা (Ectoplasm;ektos-outside): প্লাজমাৱৰণৰ ঠিক তলৰ স্বচ্ছ আৰু দানাহীন অংশটোক বহি:প্লাজমা বোলে। কূটপদৰ সন্মুখপ্ৰান্তত ই কিছু পৰিমাণে ডাঠ আৰু পশ্চাদপ্ৰান্তত পাতল।
অন্ত:প্লাজমা (Endoplasm): বহি:প্লাজমৰ দ্বাৰা পৰিবেষ্টিত এমিবাৰ দেহৰ অভ্যন্তৰ অংশক অন্ত:প্লাজম বোলে। এই অংশ জুলীয়া,অৰ্দ্ধস্বচ্ছ আৰু দানাযুক্ত। অন্ত:প্লাজম দুটা ভাগত বিভক্ত-বহি:প্লাজমৰ তলত থকা কিছু ডাঠ,দানাযুক্ত জেলীৰ দৰে অংশক প্লাজমাজেল (plasmagel) আৰু প্লাজমাজেলেৰে আবৃত অভ্যন্তৰীণ পনীয়া দানাযুক্ত অংশক প্লাজমাছল (plasmasol) বোলা হয়। প্লাজমাছল অংশত ব্ৰাউনিয়ান গতি দেখা যায়। সময়বিশেষে প্লাজমাছল প্লাজমাজেললৈ নাইবা প্লাজমাজেল প্লাজমাছললৈ পৰিৱৰ্তিত হয়।[1]
আন্তঃপ্লাজমীয় অংগাণু
এমিবাৰ আন্তঃপ্লাজমত কোষকেন্দ্ৰ,সংকোচনশীল ৰিক্তিকা বা ভেকুঅ'ল,খাদ্যৰিক্তিকা,পানীৰ ৰিক্তিকা,অন্ত:কোষীয় জালিকা,মাইটকণ্ড্ৰিয়া,গলগি বডি আদি দেখা যায়।
কোষকেন্দ্ৰ (Nucleus): এমিবা প্ৰ'ট্ৰিয়াছৰ দেহত এটা উভউত্তল (biconvex) থালৰ আকৃতিৰ ঘূৰণীয়া কোষকেন্দ্ৰ থাকে। এচিট'কাৰমাইন (acetocarmine) নাইবা মিথাইল গ্ৰিনএচেটিক এচিডৰ দ্বাৰা ৰঞ্জিত কৰিলে কোষকেন্দ্ৰটো ডাঠ ৰঙৰ দেখা যায়। কোষকেন্দ্ৰটো কোষকেন্দ্ৰ আৱৰণৰদ্বাৰা আবৃত হৈ থাকে। নিউক্লিঅ'প্লাজমত কেইবাটাও অতিকেন্দ্ৰ (nucleoli) আৰু প্ৰায় ৫০০ ডাল ক্ৰ'ম'জ'ম থাকে।
সংকোচনশীল ৰিক্তিকা (Contractile):অন্ত:প্লাজমৰ পশ্চাৎ দিশত ঘূৰণীয়া জুলীয়া পদাৰ্থৰে পূৰ্ণ,সদায় স্পন্দিত হৈ থকা অংশ এটা দেখা যায়। ইয়াক সংকোচনশীল ৰিক্তিকা বোলে। এই ৰিক্তিকাটো এখন পাতল আৱৰণেৰে আবৃত। এমিবাৰ দেহত ইয়াৰ কোনো নিৰ্দিষ্ট স্থান নাই। এণ্ড'প্লাজমৰ যি কোনো অংশত ইয়াৰ সৃষ্টি হ'ব পাৰে। সংকোচনশীল ৰিক্তিকা সংকোচন আৰু প্ৰসাৰণ গুণবিশিষ্ট। সৃষ্টি হোৱাৰ পিছত বৰ্জিত পদাৰ্থ শোষণ কৰাৰ বাবে ইয়াৰ আকাৰ ক্ৰমে বৃদ্ধি হয় আৰু ই ক্ৰমে কোষপৃষ্ঠৰ পিনে গতি কৰে। কোষপৃষ্ঠৰ ওচৰত ই সংকুচিত হৈ ফাটি যায় আৰু ইয়াৰ ফলত তাত থকা জলীয় পদাৰ্থখিনি কোষৰ বাহিৰত নিক্ষিপ্ত হয়। সংকোচনশীল ৰিক্তিকাই ৰেচন,আস্ৰাবন চাপৰ ভাৰসাম্য ৰক্ষা কৰা কাৰ্য (osmoregulation) আৰু শ্বাসকাৰ্য সমাধা কৰে।
খাদ্য গহ্বৰ (Food vacuole):আন্তঃপ্লাজমত একাধিক সৰু তথা ডাঙৰ আকৃতিৰ খাদ্যগহ্বৰ থাকে আৰু ইয়াত পানী নাইবা বিভিন্ন আকৃতিৰ খাদ্যবস্তু থাকে। খাদ্যগহ্বৰৰ ভিতৰত প্ৰাণীটোৰ পাচনক্ৰিয়া সম্পন্ন হয়। হজম নোহোৱা খাদ্যদ্ৰব্যবোৰ খাদ্যগহ্বৰে নিষ্কাশন কৰে।
পানী গহ্বৰ (Water vacuole) :ইয়াৰ দেহত একাধিক পানী গহ্বৰ থাকে। ইহঁত স্বচ্ছ আৰু ইহঁতৰ আকাৰ নিৰ্দিষ্ট।[1]