প্ৰভাতী পখীৰ গান
প্ৰভাতী পখীৰ গান (ইংৰাজী: Prabhati Pokhir Gaan) ১৯৯২ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালক মুনিন বৰুৱা। কাহিনী- অমূল্য কাকতিৰ। ৰাজকুমাৰ পিকচাৰ্ছৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন প্ৰযোজনা কৰিছিল বিজয় নাৰায়ণ তিৱাৰী আৰু অমৰ নাথ তিৱাৰীয়ে। সংগীত জে পি দাসৰ। প্ৰভাতী পখীৰ গানৰ মাজেৰে নিবনুৱা সমস্যা, দুৰ্নীতি আদি সামাজিক বিষয়ক কেন্দ্ৰ কৰি গঢ় লৈ উঠা যুৱপ্ৰজন্মৰ হতাশা আৰু আশাৰ এখন নিৰ্মোহ ছবি অংকন কৰা হৈছে।[1][2] কাহিনীৰ সাৰাংশ‘সেউজপুৰ মিলন সংঘ’- এসময়ৰ কলা-সংস্কৃতিৰ চৰ্চা হৈছিল। কিন্তু এতিয়া সংঘৰ ঘৰটো উৱলি গৈছে। তথাপি তাতেই ডেকা ল’ৰাজাকে আড্ডা মাৰে। কোনোবাই কেৰম খেলে। কেইজনমানে আকৌ গীটাৰত টুংটুঙাই সংগীতৰো চৰ্চা কৰে। চাকৰিৰ দৰ্খাস্ত দি দি ভাগৰি পৰা কোনোবাই আকৌ তাতে আহি অলপ জিৰায়। ছবি পৰিচালক হোৱাৰ সপোন দেখা কোনোবাই আকৌ পেটৰ তাড়নাত ধনী ঠিকাদাৰৰ সহকাৰী ৰূপে কাম কৰে আৰু সংঘলৈ আহি মনৰ দুখখিনি উজাৰি দিয়ে। কেতিয়াবা নিৰাশ হয় তেওঁলোক। কিন্তু তাৰ মাজতে তেওঁলোকে পোহৰৰ সপোন দেখে।[2][1] অভিনয় শিল্পী
সঙ্গীত
তথ্যউৎস
|
Portal di Ensiklopedia Dunia