পবিত্ৰ কুমাৰ ডেকা
পবিত্ৰ কুমাৰ ডেকা (ইংৰাজী: Pabitra Kumar Deka, ২৯ জানুৱাৰী ১৯৪০ – ৫ জানুৱাৰী ২০১০) অসম,ভাৰতৰ এগৰাকী চলচ্চিত্ৰ আৰু সাংস্কৃতিক সাংবাদিক, স্তম্ভলেখক, প্ৰকাশক আৰু মাহেকীয়া আলোচনীৰ সম্পাদক, চলচ্চিত্ৰ সমালোচক আৰু চিত্ৰনাট্যকাৰ। তেখেতে আশীৰ দশকত আৰম্ভ কৰা ৰূপকাৰ নামৰ সাংস্কৃতিক আলোচনীখনে অসমত পেছাদাৰী চলচ্চিত্ৰ-সাংবাদিকতাৰ গুৰি ধৰে। পবিত্ৰ কুমাৰ ডেকাই জীৱনৰ শেষ মুহূৰ্তলৈকে 'অসম চিনে-জাৰ্ণেলিষ্ট সংস্থা'ৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। অসমীয়া চলচ্চিত্ৰৰ ইতিহাস সামৰি লিখা সাতোটা দশকৰ অসমীয়া চলচ্চিত্ৰ শীৰ্ষক গ্ৰন্থখন তেখেতৰ এক গুৰুত্বপূৰ্ণ অৱদান।[2] সূৰ্য তেজৰ অন্য নাম, হস্তীৰ কন্যা, জখম, ধনীৰামৰ ধন আদি একাধিক চলচ্চিত্ৰ আৰু ধাৰাবাহিকৰ বাবে তেখেতে চিত্ৰনাট্য লিখিছে। ইয়াৰ লগতে ডেকাই জাহ্নু বৰুৱাৰ হালধীয়া চৰায়ে বাওধান খায়কে প্ৰমুখ্য কৰি একাংশ অসমীয়া চলচ্চিত্ৰত অভিনয়ো কৰিছে। অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী শাখাৰ বাবে তেখেতে মৃণাল সেন, ভবেন্দ্ৰ নাথ শইকীয়াৰ দৰে চলচ্চিত্ৰকাৰসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল। তেখেতক ১৯৮৮ চনত ইষ্টাৰ্ণ ইণ্ডিয়া চলচ্চিত্ৰ সন্থাৰ পৰা শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা প্ৰদান কৰা হয়। অসম চৰকাৰে তেখেতৰ মৃত্যুৰ পিছত ২০১০ চনৰ পৰা ৰাজ্যিক শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক বঁটা প্ৰতিষ্ঠা কৰিছে।[3][4][5] সংক্ষিপ্ত জীৱনঅসমৰ নগাঁও জিলাৰ হয়বৰগাঁৱত মহেন্দ্ৰ নাথ ডেকা আৰু স্বৰ্ণলতা ডেকাৰ ঘৰত পবিত্ৰ কুমাৰ ডেকাৰ জন্ম হৈছিল। কামপুৰৰ কৃষক দুৰ্গাপ্ৰসাদ ডেকাৰ পুত্ৰ মহেন্দ্ৰ নাথ ডেকা কৃষি বিভাগৰ চৰকাৰী বিষয়া আছিল। ষাঠিৰ দশকৰ আৰম্ভণিতে মহেন্দ্ৰ নাথ ডেকাক তেতিয়াৰ ৰাজধানী চহৰ শ্বিলঙলৈ আৰু পিছলৈ গুৱাহাটীলৈ বদলি কৰা হৈছিল। পাছত পৰিয়ালটোৱে গুৱাহাটীতে বসতি স্থাপন কৰে। কাৰ্যভাৰৰ পৰা অৱসৰ লোৱাৰ পিছত মহেন্দ্ৰ নাথ ডেকাই সত্তৰৰ দশকত বহু অসমীয়া আৰু বাংলা ছবি মুক্তি দিয়া চলচ্চিত্ৰ বিতৰণ কোম্পানী এম.এন. ডেকা ফিল্মছৰ আৰম্ভ কৰে। পবিত্ৰ কুমাৰ ডেকাই নগাঁও চৰকাৰী হাইস্কুলত পঢ়ি নগাঁও মহাবিদ্যালয়ৰ পৰা বাণিজ্য শাখাত ডিগ্ৰী লাভ কৰে। কলেজীয়া দিনত নগাঁৱত কেইবাখনো একক আৰু পূৰ্ণদৈৰ্ঘ্যৰ নাটকত তেওঁ অভিনয় আৰু পৰিচালনা কৰিছিল। নগাঁও নাট্য মন্দিৰত অনুষ্ঠিত সদৌ অসম একক নাট প্ৰতিযোগিতাত কোদো বাহত জুই (১৯৫৮), ফটিক মহাজনৰ দোকান (১৯৫৯), আদৰ্শ হোমিঅ' হল (১৯৬০) আৰু মৰা সুঁতিৰ জীয়া সাঁকো (১৯৬০) আদি নাটকৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। সেই সময়তে তেওঁ মণিদীপ আৰু নৱযুগ আলোচনীৰ বাবে বিদেশী লেখকৰ চুটিগল্প অসমীয়াত অনুবাদ কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ আছিল মণিদীপত প্ৰকাশিত এডগাৰ এলান প’ৰ গল্পৰ অসমীয়া অভিযোজন। ১৯৬০ চনত ডেকাই শ্ৰী ভূমি পাব্লিছিং কোম্পানীয়ে কলকাতাৰ পৰা প্ৰকাশ কৰা আৰু ড° ভূপেন হাজৰিকাই সম্পাদনা কৰা আমাৰ প্ৰতিনিধি আলোচনীৰ সহযোগী সম্পাদক হিচাপে কাম কৰিছিল। আমাৰ প্ৰতিনিধিৰ ‘ধনঞ্জয়ৰ ডায়েৰী’ স্তম্ভত তেওঁ সমাজ আৰু মানুহৰ বহু সমালোচনা লিখি হাস্য-ব্যংগৰ ৰূপত লিখি খ্যাতি অৰ্জন কৰিছিল। কিছু ব্যংগ লেখা পিছলৈ সত্তৰৰ দশকত ধনঞ্জয়ৰ ডায়েৰী আৰু মৰা মানুহ বচাবৰ উপায় নামৰ দুখন গ্ৰন্থৰ ৰূপত প্ৰকাশ পায়। ১৯৬৫ চনত গুৱাহাটীত ডেকাই আছাম ট্ৰিবিউন সংবাদ গোটত বিজ্ঞাপন প্ৰবন্ধক হিচাপে যোগদান কৰে। ইয়াৰ পিছত তেওঁ সাদিন-প্ৰতিদিন গোটত যোগদান কৰে আৰু মৃত্যু পৰ্যন্ত তাতেই থাকে। এই সময়ছোৱাত তেওঁ বহুতো সামাজিক আৰু কল্পবিজ্ঞান উপন্যাস ৰচনা আৰু অনুবাদ কৰিছিল। ১৯৭৫ চনৰ পৰা ডেকাই নিজৰ মনোযোগ চলচ্চিত্ৰ আৰু থিয়েটাৰলৈ স্থানান্তৰিত কৰে। তেওঁ ৰূপকাৰ নামৰ এখন চলচ্চিত্ৰ আৰু সাংস্কৃতিক আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰে, যিখন এনে বিষয়ক উত্তৰ-পূব ভাৰতৰ প্ৰথমখন আলোচনী। আলোচনীখন ১৯৯০ চনৰ আৰম্ভণিলৈকে প্ৰকাশ পাইছিল।[6] সমান্তৰালভাৱে তেওঁ ঐক্যন নামৰ অপেছাদাৰী নাট্যদল এটাও আৰম্ভ কৰে য'ত তেওঁ দুটা দশক ধৰি নাট প্ৰযোজনা কৰে। কেইখনমান নাটক হৈছে-জননী, সুৰজস্তক, সিংহাসন খালী, পঞ্চতন্ত্ৰ, কয়লা কটা, উপহাৰ, ১৬ জানুৱাৰীৰ নিশা, পুতলা ঘৰ আদি। হিন্দুস্তানী শাস্ত্ৰীয় কণ্ঠ, তবলা আৰু পশ্চিমীয়া গীটাৰ, ভায়লিন আৰু মেণ্ডোলিনৰ ক্লাছ প্ৰদানৰ বাবে ঐক্যতন সংগীত বিদ্যালয় নামৰ এখন সংগীত বিদ্যালয়ো আৰম্ভ কৰা হৈছিল। ঐক্যনৰ উপৰি তেওঁ আইপিটিএ, অসম অধ্যায়ৰ সৈতেও ওতপ্ৰোতভাৱে জড়িত আছিল। সাহিত্যৰ ক্ষেত্ৰত ডেকাই ১৯৭০ চনৰ শেষৰ ফালে আৰু আশীৰ দশকৰ আৰম্ভণিতে অসমীয়া সাপ্তাহিক অসম বাণীৰ বাবে ৰসেশ্বৰ হাজৰিকাৰ টোকাবাহী নামৰ নিয়মীয়া হাস্যৰস আৰু ব্যংগ স্তম্ভ লিখিছিল। ১৯৬০-৭০ৰ দশকত ডেকা বাওঁপন্থী চিন্তা আৰু কাৰ্যকলাপৰ প্ৰতি আকৰ্ষিত হৈছিল। ১৯৬৭ চনত তেওঁ আছাম ট্ৰিবিউন গোটৰ কৰ্মচাৰী গোবিন্দ চন্দ্ৰ গগৈ আৰু অমল বৰুৱাৰ সৈতে সমকালীন নামৰ এখন প্ৰগতিশীল আলোচনী প্ৰকাশ কৰে। আলোচনীখন বন্ধ হোৱাৰ পিছত ডেকাই নিত্য বৰাৰ সৈতে ১৯৭০ চনত নক্সা নামৰ এখন সৰু আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰে য’ত মুখ্য উপদেষ্টা আছিল ড° হীৰেন গোহাঁই। সেই সময়ত নাক্সা আলোচনীখন বিতৰ্কিত আছিল আৰু কিছু বছৰৰ পাছতো প্ৰকাশ বন্ধ হৈ পৰিছিল। এই সময়ছোৱাত তেওঁ নক্সা নাট্য পৰিষদ নামৰ এটা অপেছাদাৰী নাট্যগোষ্ঠীও আৰম্ভ কৰে য’ত তেওঁ মেক্সিম গৰ্কীৰ শত্ৰু, সুৰজাহাৰা আৰু বাৰ্টল্ট ব্ৰেচ্টৰ মাকে ধৰি একাংশ নাট্যকৰ্ম কৰা হয়। গৰ্কীৰ উপন্যাস ‘মা’ৰ আধাৰত নিৰ্মিত মা নাটকখন ১৯৭৪ চনত মঞ্চস্থ কৰা হৈছিল, য’ত সংগীত পৰিচালনা ড° ভূপেন হাজৰিকাই কৰিছিল।[7] কলকাতাৰ পিপলছ আৰ্ট থিয়েটাৰে সত্তৰৰ দশকত নক্সা নাট্য পৰিষদৰ অধীনত অসমত তেওঁলোকৰ কিছুমান নাটক প্ৰদৰ্শন কৰিছিল। চলচ্চিত্ৰ সমালোচক আৰু চিত্ৰনাট্যকাৰ হিচাপেপবিত্ৰ কুমাৰ ডেকাই আশীৰ দশকৰ শেষৰ ফালে সাদিন-প্ৰতিদিন কাকত গোটত সাংস্কৃতিক সম্পাদক হিচাপে যোগদান কৰে আৰু সাংস্কৃতিক শিতান সম্পাদনা কৰে। ইয়াৰ উপৰি তেওঁ দৈনিক কাকত আজিৰ বাতৰি, দৈনিক অগ্ৰদূত আৰু ছবি আলোচনী চিত্ৰ সংবাদৰ বাবে স্তম্ভ লিখিছিল। ভবেন্দ্ৰ নাথ শইকীয়াৰ চলচ্চিত্ৰ আৰু সাতোটা দশকৰ অসমীয়া চলচ্চিত্ৰ নামৰ দুখন চলচ্চিত্ৰ সম্বন্ধীয় গ্ৰন্থ তেওঁৰ জীৱনৰ উল্লেখনীয় কৰ্ম। ডেকাই অসম চিনে-সাংবাদিক সন্থা গঠন কৰিছিল, আৰু মৃত্যুৰ আগলৈকে ইয়াৰ সভাপতি আছিল। তেওঁৰ নিজৰ বাসগৃহত অৱস্থিত এছ’চিয়েশ্যনৰ কাৰ্যালয়ত নিয়মিতভাৱে চলচ্চিত্ৰ আৰু নাট্য সন্মিলন, সংবাদ সভা, আলোচনা চক্ৰ, চলচ্চিত্ৰ অনুষ্ঠান আদি অনুষ্ঠিত হৈছিল। এই সময়ছোৱাত তেওঁ সূৰ্য তেজৰ অন্য নাম, হস্তিৰ কন্যা (১৯৯৭ চনত শ্ৰেষ্ঠ জীৱনীমূলক ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা বিজয়ী), জখম, ত্যাগ ইত্যাদি ছবিৰ বাবে চিত্ৰনাট্য ৰচনা কৰে। ইয়াৰ লগতে তেওঁ আই চহৰতে, তদন্ত, ধনীৰামৰ ধন, শাহুআই, হনুমানৰ সাধু, নিশাৰ নায়ক, ছাৰ আদি টিভি ধাৰাবাহিকৰ বাবে চিত্ৰনাট্য লিখে। ষাঠি-সত্তৰৰ দশকত তেওঁ গুৱাহাটীৰ অল ইণ্ডিয়া ৰেডিঅ’ৰ সৈতে জড়িত হৈ পৰিছিল য’ত তেওঁ আকাশবাণীৰ বাবে চলচ্চিত্ৰ নিৰ্মাতা মৃণাল সেন, ড° ভবেন্দ্ৰ নাথ শইকীয়া, গায়ক উষা মংগেশকাৰ, ৰীতা কোথাৰী গাংগুলী আদি বহু বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ লৈছিল। .[8] ভ্ৰাম্যমাণৰ জগততডেকা অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল। তেওঁ ঠিকনা, ৰাজদ্ৰোহী, অভাৰকোট, নাগিনীৰ অমৃত দংশন, ই টি (ষ্টিভেন স্পিলবাৰ্গৰ ছবিৰ অভিযোজন), লাইলা মাজনু, ড° বেজবৰুৱা, গডফাদাৰ (কপোলাৰ ছবিৰ অভিযোজন)কে ধৰি কেইবাখনো নাটক ৰচনা কৰিছিল, যিবোৰ নাটক কহিনুৰ থিয়েটাৰ, হেঙুল থিয়েটাৰ, ৰাজশ্ৰী থিয়েটাৰ, শংকৰদেৱ থিয়েটাৰ আৰু বৰদৈচিলা থিয়েটাৰ আদি গোটৰ দ্বাৰা পৰিৱেশন কৰা হৈছিল। [9] পৰৱৰ্তী বৰ্ষসমূহত২০০০ চনৰ আৰম্ভণিতে ডেকা হৃদযন্ত্ৰৰ লগত জড়িত গুৰুতৰ ৰোগত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰে। তৎসত্ত্বেও তেওঁ কাম কৰি থাকিল। সাদিনৰ চাকৰিৰ উপৰিও দৈনিক অসমীয়া প্ৰতিদিনৰ সৈতে প্ৰকাশিত দেওবাৰৰ পৰিপূৰক সম্ভাৰৰ বাবে তেওঁ প্ৰায় দহ বছৰ ধৰি বিশ্ব চিনেমাৰ ইতিহাসৰ বিষয়ে লিখিছিল। পৰৱৰ্তী সময়ত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত ভাৰতীয় সমান্তৰাল ধাৰাৰ ছবি আৰু বিশ্ব চলচ্চিত্ৰ নামৰ দুটা বৃহৎ খণ্ডত লেখা প্ৰকাশ কৰা হয়। ইয়াৰ বাহিৰেও তেওঁ সাদিনৰ বাবে বীৰবলৰ চিন্তা আৰু সৌকাধাৰাৰ চেমচেমিয়া শিতান নামৰ স্তম্ভত ব্যংগ লেখা আগবঢ়াই নিছিল। মৃত্যু২০১০ চনৰ ৫ জানুৱাৰীত পবিত্ৰ কুমাৰ ডেকাই হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ জিএনআৰচি চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ। ২০১৮ চনত প্ৰয়াত ডেকাৰ স্মৃতিত পবিত্ৰ কুমাৰ ডেকা আৰ্কাইভ নামেৰে গুৱাহাটী শৰনিয়াৰ তেওঁলোকৰ বাসগৃহত এখনি আৰ্কাইভ নিৰ্মাণ কৰা হয়। তেওঁৰ স্মৃতিত প্ৰতি বছৰে মঞ্চ, চলচ্চিত্ৰ আৰু সংবাদ মাধ্যমৰ পৰাও এজন বিখ্যাত ব্যক্তিক ৰূপকাৰ বঁটা প্ৰদান কৰা হয়।[10][11][12][13][14][15] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia