গানে কি আনে
গানে কি আনে হৈছে ২০১৬ চনৰ ১৪ অক্টোবৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ৰাগা ফিল্ম্ছৰ বেনাৰত গৌতম চক্ৰৱৰ্তী, সুনীল গগৈ আৰু ৰাজেশ যশপালে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্য ৰাজেশ যশপালৰ। চিত্ৰনাট্য সহযোগী ইবছন লাল বৰুৱা। এজন সংগীতশিল্পীৰ জীৱনৰ কাহিনীৰে নিৰ্মিত বোলছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে জুবিন গাৰ্গ, পৰিণীতা বৰঠাকুৰ আৰু ৰিম্পী দাসে। সংগীত পৰিচালনা আৰু আৱহ সংগীত জুবিন গাৰ্গৰ। অসম আৰু মুম্বাইকে ধৰি বিভিন্ন ঠাইত চলচ্চিত্ৰখনৰ শ্বুটিং হয়। জুবিনৰ জীৱনৰ লগত বোলছবিখনৰ কাহিনীৰ যথেষ্ট মিল থকা বুলি জুবিনে নিজে স্বীকাৰ কৰে[1][2][3] কাহিনীবোলছবিখনৰ কাহিনী নীলাভ জোনাক বৰুৱা নামৰ এজন সংগীতশিল্পীৰ জীৱনৰ প্ৰেম আৰু সংঘাতৰ ওপৰত নিৰ্মিত। অভিনয়ত
কলা-কুশলী
সংগীত
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে জুবিন গাৰ্গে। গীতৰ কথা জুবিন গাৰ্গ, হীৰেণ ভট্টাচাৰ্য আৰু শশাংক সমীৰৰ। জুবিনৰ অনামিকা এলবামৰ হীৰেণ ভট্টাচাৰ্যই লিখা 'গানে কি আনে' শীৰ্ষক গীতটি ৰিমেক্ কৰা হৈছে। দুটি গীতৰ সংগীত ব্যৱস্থাপনা অনুৰাগ শইকীয়াৰ।[2] ২০১৫ চনৰ ১৩ মাৰ্চ তাৰিখে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত শ্ৰব্য এলবামটি উন্মোচন কৰা হয়।[4] জুবিন গাৰ্গে লিখা 'শালিকী পুৱাৰ' গীতটি তেওঁৰ জীৱনৰ এটি অন্যতম শ্ৰেষ্ঠ সৃষ্টি বুলি অভিহিত কৰিব পাৰি।
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|