শিশুশিশু হৈছে ভূমিষ্ঠকালীন ব্যক্তিৰ প্ৰাথমিক ৰূপ। যি যৌৱনপ্ৰাপ্ত হোৱা নাই বা বয়সন্ধিক্ষণত প্ৰৱেশ কৰা নাই তেওঁকে সমাজ তথা ৰাষ্ট্ৰই শিশু হিচাপে চিহ্নিত কৰিছে।[1][2]সচৰাচৰ যি ল'ৰা বা কন্যা ১৮ বছৰৰ তলত অৱস্থান কৰে, তেওঁকেই শিশু হিচাপে চিহ্নিত কৰা হয়।[3] আকৌ অনাগত সন্তান অৰ্থাৎ যি সন্তান এতিয়াও ভূমিষ্ঠ হোৱা নাই বা মাকৰ গৰ্ভত অৱস্থান কৰি আছে সেই ভ্ৰূণকো শিশুৰূপে মান্যতা দিয়া হয়। এজন ব্যক্তিক তেওঁৰ মাক-দেউতাকৰ ওচৰত ওৰেটো জীৱন সন্তান বা শিশু হিচাপেই চিহ্নিত হৈ থাকে। সেয়ে, নিৰ্দিষ্ট সময়, স্থান অথবা ঘটনাৰ পৰিপ্ৰেক্ষিতত 'শিশুসুলভ আচৰণ' বা 'সাত বছৰীয়া শিশু' আদি বিশেষণ সমূহ প্ৰয়োগ কৰা হয়।[4] জীৱবিজ্ঞানৰ ভাষাত - মনুষ্য সন্তানৰ জন্ম তথা বয়সন্ধিৰ মধ্যৱৰ্তী পৰ্যায়ৰ ৰূপ হৈছে শিশু। চিকিৎসা বিজ্ঞানৰ সংজ্ঞানুযায়ী মাতৃগৰ্ভত ভ্ৰুণ আকাৰে অ-ভূমিষ্ঠ সন্তানেই শিশু। বৈবাহিক জীৱনত কোনো ব্যক্তিৰ যদি পূৰ্ব সংসাৰৰ কোনো সন্তান থাকে তেনেহ'লে নুতন সংসাৰত ভূমিষ্ঠ শিশুটি আৰু পূৰ্বৰ সন্তানক পৰস্পৰৰ সতীয়া বুলি কোৱা হয়। মাক-দেউতাক উভয়ৰে মৃত্যুঁজনিত কাৰণত শিশুক ঘাট-মাউৰা বুলি কোৱা হয় আৰু মাক-দেউতাকৰ পৰিচয় নোহোৱা শিশুক অনাথ বা জহৰা বোলে। শিশু অধিকাৰশিক্ষাৰ সুযোগ লাভ কৰা শিশুৰ অন্যতম মৌলিক অধিকাৰ। অধিকাংশ দেশতেই সামাজিক দায়িত্বৰ অংশৰূপে তথা অভিভাৱকৰ দিকনিৰ্দেশনা আৰু ৰাষ্ট্ৰৰ বাধ্যতামূলক শিক্ষানীতিৰ প্ৰভাৱত শিশু সকল বিদ্যালয়লৈ যায়। , কম বয়সৰ শিশু সকল প্লে-গ্ৰুপত আনন্দ ও খেলাৰ চলেৰে শিক্ষাগ্ৰহণ কৰে এই প্ৰক্ৰিয়াই শৈশৱকালীন প্ৰাথমিক শিক্ষাক আলোকিত ও আনন্দময় কৰি তোলে। কিন্তু অনুন্নত দেশ বা পশ্চাদমুখী দেশত শিশুসকলে মাজে সময়ে বা প্ৰায়ে মাক-দেউতাকৰ সৈতে শ্ৰমকাৰ্যত অংশগ্ৰহণ কৰে অৰ্থ উপাৰ্জনত জড়িত হ'ব লগত পৰে। ই শিশুৰ অধিকাৰ খৰ্ব কৰে। শিশুকাল খেলা-ধূলা আৰু পঢ়া-শুনাৰ সময়। এয়ে শিশুৰ অধিকাৰ। শিশু মৃত্যুষোড়শ শতিকাৰ আৰম্ভণিতে ইংলেণ্ডৰ মানুহৰ গড় আয়ু আছিল মাত্ৰ ৩৫ বছৰ। ইয়াৰ প্ৰধান কাৰণ আছিল জন্মগ্ৰহণকাৰী দুই-তৃতীয়াংশ শিশু ৪ বছৰ বয়সফ পূৰ্বেই মৃত্যুৰ কবলত পৰে।[5] কিন্তু শিল্প বিপ্লৱৰ সময়ত অত্যন্ত নাটকীয়ভাবৱে শিশুৰ গড় আয়ু বৃদ্ধি পাইছিল।[6] জনসংখ্যাৰ চিত্ৰ জড়িত স্বাস্থ্য বিশেষজ্ঞই জানোৱা মতে শিশু মৃত্যুৰ হাৰ ১৯৯০-ৰ দশকতকৈ যথেষ্ট কমিবলৈ আৰম্ভ কৰে। মাত্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰতেই ৫ বছৰৰ কমবয়সী শিশুৰ মৃত্যু ৪২% কমি যায়। আকৌ মালয়েছিয়াৰ হাৰ আছিল প্ৰায় ৭০%।[7] শিশুৰ বিকাশবিকাশ এক অবিৰত প্ৰক্ৰিয়া।[8] যি জন্মৰ পৰা চলি থাকে। বিকাশ হৈছে এনে এক প্ৰক্ৰিয়া, যাৰ দ্বাৰা কোনো এটা বস্তু বা কোনো জীৱৰ বৃদ্ধি বা পৰিৱৰ্তন ঘটে আৰু পূৰ্বতকৈ আগবাঢ়ি যায়।[9] বিকাশৰ বিভিন্ন স্তৰবোৰ বয়স অনুসৰি সকলোৰে বাবে প্ৰায় একেই, ইয়াৰোপৰি বিকাশৰ প্ৰধান কাৰক দুটাও শিশুৰ বিকাশৰ ক্ষেত্ৰত একেই। এই প্ৰধান অভ্যন্তৰীণ আৰু বাহ্যিক কাৰক সমূহক আকৌ বিভিন্ন ভাগত ভগাব পাৰি। বিকাশৰ কাৰক
তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia