পৰিণীতা বৰঠাকুৰ
পৰিণীতা বৰঠাকুৰ (জন্ম- ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা।[1] অসমীয়া আৰু হিন্দী ভাষাৰ বহুকেইখন চলচ্চিত্ৰ, দূৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰা পৰিণীতাই কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু এলবামৰ গীতত কণ্ঠদান কৰিছে। জন্ম আৰু শিক্ষা১৯৮৭ চনত অসমত জন্মলাভ কৰা পৰিণীতাই কেন্দ্ৰীয় বিদ্যালয়, দুলিয়াজানৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰি কটন কলেজত অধ্যয়ন কৰে। মুম্বাইৰ ছ'ফিয়া কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰপৰা দৰ্শনশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[1] কেৰিয়াৰনৱজীৱন নামৰ টেলিফিল্মত অভিনয় কৰি পৰিণীতাই নিজৰ অভিনয় কেৰিয়াৰৰ সূচনা কৰে। প্ৰথম বোলছবি হিচাপে ২০০১ চনত মুনিন বৰুৱা পৰিচালিত নায়ক চলচ্চিত্ৰত তেওঁ অভিনয় কৰে। ইয়াৰ পাছত তেওঁ বাৰুদ (২০০৪), বৰলাৰ সংসাৰ, জীৱন বাটৰ লগৰী (২০০৯), পলে পলে উৰে মন (২০১১) আৰু গানে কি আনে (২০১৬) বোলছবিত অভিনয় কৰে। ইয়াৰ উপৰিও তেওঁ হিন্দী চলচ্চিত্ৰ চল' দিল্লী (২০১১), চাচ বহু ঔৰ চেনচেক্স (২০১১), হৰ পল (মুক্তি হোৱা নাই), কোৰবান (২০০৯) আদিত অভিনয় কৰাৰ সুযোগ পায়। অভিনয়ৰ লগতে পৰিণীতাই নিজৰ সংগীতৰ কেৰিয়াৰো আগবঢ়াই লৈ যায় আৰু দুই-এখন অসমীয়া চলচ্চিত্ৰত গীত গোৱাৰ লগতে তেওঁ পৰিণীতা শীৰ্ষক নিজৰ এক এলবাম উলিয়ায়।[1] অভিনীত চলচ্চিত্ৰ
টেলিফিল্ম
দূৰদৰ্শন ধাৰাবাহিক
চুটি ছবি
বিজ্ঞাপন ছবি
কণ্ঠদান
সন্মান
তথ্যসূত্ৰ
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia