অংগিকা ভাষা
অংগিকা, অংগ, অংগিকাৰ বা ছিকা-ছিকী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ বিহাৰ, ঝাৰখণ্ড আৰু নেপালৰ কোনো কোনো অংশত কোৱা হয়। অংগিকা চুবুৰীয়া মৈথিলী, অসমীয়া, বাঙালী, ভোজপুৰী আৰু মগহীৰ সৈতে সম্বন্ধিত। ঐতিহাসিকভাৱে এই ভাষা অংগ লিপি ব্যৱহাৰ কৰি লিখা হৈছিল। পাছলৈ ই কৈথী লিপি আৰু অৱশেষত বৰ্তমানে দেৱনাগৰী লিপিৰে লিখা হয়। অঞ্চলঅংগিকা মূলতঃ বিহাৰৰ দক্ষিণ-পূব ভাগ (মুংগেৰ, ভগলপুৰ আৰু বাংকা জিলা) আৰু ঝাৰখণ্ডৰ সন্থল পৰগণা বিভাগত কোৱা হয়।[3] ভাৰতত এই ভাষা কোৱা লোকৰ সংখ্যা প্ৰায় ১ কোটি ৫০ লাখ।[4] ভাৰতৰ উপৰিও এই ভাষা নেপালৰ তৰাঈ অঞ্চলৰ মৰাং জিলাত কোনো কোনো লোকে ব্যৱহাৰ কৰে। মৰাঙৰ প্ৰায় ২% লোকে ২০১১ চনৰ লোকপিয়ল অনুযায়ী অংগিকা ভাষাক মাতৃভাষা জ্ঞান কৰিছিল।[5] মৈথিলী ভাষাৰ সৈতে সম্পৰ্ক১৯০৩ চনত প্ৰকাশিত ভাষাবিদ জৰ্জ আব্ৰাহম গ্ৰিয়েৰ্ছনৰ গ্ৰন্থ "লিংগুইষ্টিক চাৰ্ভে' অৱ ইণ্ডিয়া"ত অংগিকাক মৈথিলীৰ উপভাষা আখ্যা দিয়া হৈছিল।[6] পিচে, অংগিকা ভাষী লোকে বৰ্তমানে এই কথা মানি চলে যে ই এক সুকীয়া ভাষাহে। বিংশ শতিকাৰ আগৰ ভাগত যেতিয়া মৈথিলী ভাষী লোকে মৈথিলী ভাষাক প্ৰাথমিক শিক্ষাৰ মাধ্যম কৰাৰ দাবী তুলিছিল, অংগিকা ভাষী লোকে তাৰ বিৰোধ কৰি হিন্দী ভাষাকহে মাধ্যম কৰাৰ সমৰ্থন কৰিছিল।[7] যেতিয়া ১৯৬০ আৰু ৭০ৰ দশকৰ মৈথিলী ভাষী লোকে পৃথক মিথিলা ৰাজ্যৰ দাবী কৰিছিল, তেতিয়াও অংগিকা আৰু বজ্জিকা ভাষী লোকে তাৰ বিৰোধ কৰিছিল আৰু নিজৰ নিজৰ ভাষাৰ স্বীকৃতি দাবী কৰিছিল।[8] মৈথিলী ভাষাক সমৰ্থন কৰা অনেকে বিশ্বাস কৰে যে বিহাৰ চৰকাৰ আৰু হিন্দীবাদী বিহাৰ ৰাষ্ট্ৰভাষা পৰিষদেহে অংগিকা আৰু বজ্জিকাক পৃথক ভাষা বুলি দাবী কৰিবলৈ উক্ত ভাষা কোৱা লোকসকলক প্ৰৰোচিত কৰিছিল যাতে মৈথিলী ভাষা আন্দোলনৰ শক্তি হ্ৰাস পাওক। তাৰেই অনেকে বৰ্তমানেও অংগিকাক মৈথিলীৰ উপভাষা বুলি মানি চলে।[7] মুখ্যতঃ মৈথিল ব্ৰাহ্মণ আৰু কৰণ কায়স্থ জাতৰ লোকে মৈথিলী ভাষা আন্দোলনক সমৰ্থন কৰি আহিছে, যাৰ বিপৰীতে অঞ্চলটোৰ অন্য জাতৰ লোকে অংগিকা বা বজ্জিকাকহে নিজৰ মাতৃভাষা বুলি কৈ আহিছে আৰু মৈথিলী পৰিচয়ৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰিছে।[9] আনুষ্ঠানিক স্থিতিঅংগিকা ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত অন্তৰ্ভুক্ত নহয়।[10] ২০১৮ চনৰ পৰা, ঝাৰখণ্ড ৰাজ্যত অংগিকাক "দ্বিতীয় ৰাজ্য ভাষা"ৰ স্থান দিয়া হৈছে। অংগিকাৰ উপৰিও ঝাৰখণ্ডত ১৫ অন্য ভাষাৰ এই স্থান আছে।[2][11] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia