২০১৬ৰ অসম বিধানসভা নিৰ্বাচন
চতুৰ্দশ অসম বিধানসভাৰ নিৰ্বাচন ৪ আৰু ৫ এপ্ৰিল, ২০১৬ তাৰিখে অসমৰ মুঠ ১২৬টা বিধানসভা সমষ্টিৰ বাবে দুটাটা পৰ্যায়ত অনুষ্ঠিত হয়। ফলাফল ঘোষণা কৰা হয় ১৯ মে', ২০১৬ তাৰিখে।[1] এই নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮৪.৭২%।[2][3] ইয়াৰ পূৰ্বৱতী অসম বিধানসভাৰ নিৰ্বাচনতকৈ এই নিৰ্বাচনত ভোটদানৰ হাৰ যথেষ্ট বৃদ্ধি পায়, ২০১১ চনত ভোটদানৰ হাৰ আছিল ৭৫%।[4] ২০১৬ চনত হোৱা এই নিৰ্বাচনত, ২০০১ চনৰ পৰা শাসনত থকা তৰুণ গগৈৰ নেতৃত্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰক পৰাজিত কৰি সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ভাৰতীয় জনতা দলৰ চৰকাৰ গঠন হৈছিল। পৃষ্ঠভূমিইয়াৰ পূৰ্বৰ ত্ৰয়োদশ অসম বিধানসভাৰ নিৰ্বাচন ৪ আৰু ১১ এপ্ৰিল, ২০১১ তাৰিখে ১২৬টা সমষ্টিৰ বাবে দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। ফলাফল ঘোষণা কৰা হৈছিল ১৩ মাৰ্চ, ২০১১ তাৰিখে।[5] সেই নিৰ্বাচনত ৭৮খন আসম লাভ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছে নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল আৰু তৰুণ গগৈয়ে একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰিছিল।[6] ফলাফল
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia