বদৰুদ্দিন আজমল
বদৰুদ্দিন আজমল (Badruddin Ajmal)[1](জন্ম-১২ ফেব্ৰুৱাৰী, ১৯৫০) অসমৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ।[2] ২০০৯ , ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ একেৰাহে তিনিবাৰ ধুবুৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে।[3] তেওঁ ২০০৪ চনত "অসম সংযুক্ত গণতান্ত্ৰীক মৰ্চা", পিছলৈ ২০০৯ চনত সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা নামৰ ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰে। [4] তেতিয়াৰে পৰা তেওঁ প্ৰত্যক্ষ ভাবে ভাৰতীয় ৰাজনীতিত, বিশেষকৈ অসমৰ ৰাজনীতিত জড়িত হৈ পৰে। তাৰোপৰি তেওঁ অসম ৰাজ্যিক জামিয়েত-উলেমা-ই-হিন্দৰ সভাপতি।[5] আৰু দাৰুল উলুম দেউবন্দ ইছলামিক বিশ্ববিদ্যালয়ৰ উপদেষ্টা মণ্ডলীৰ সদস্য। জৰ্ডানৰ ৰয়েল ইছলামিক ষ্ট্ৰেজিক ষ্টাডীছ চেণ্টাৰে প্ৰকাশ কৰা ২০১৫-১৬ বৰ্ষৰ "পৃথিৱীৰ ৫০০ জন আটাইতকৈ প্ৰভাৱশালী মুছলমান"ৰ তালিকাত আজমলৰ নাম অন্তৰ্ভুক্ত হৈছে। [6] তথ্য সংগ্ৰহ
|