২০০৬ৰ অসম বিধানসভা নিৰ্বাচন
২০০৬ৰ অসম বিধানসভা নিৰ্বাচন দ্বাদশ বিধানসভা গঠন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত দুটা পৰ্যায়ত ভোটগ্ৰহণ হয়; ৬৫টা বিধানসভা সমষ্টিৰ বাবে ৩ এপ্ৰিলত আৰু ৬১টা বিধানসভা সমষ্টিৰ বাবে ১০ এপ্ৰিলত। ৫৩খন আসনেৰে ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বাধিক সংখ্যক আসন লাভ কৰে। কিন্তু চৰকাৰ গঠন কৰিবলৈ এই সংখ্যা পৰ্যাপ্ত নোহোৱাত কংগ্ৰেছে তৰুণ গগৈৰ মুখ্যমন্ত্ৰিত্বত বড়োলেণ্ড পিপলছ ফ্ৰন্টৰ সমৰ্থনত চৰকাৰ গঠন কৰে। বিধানসভাত বি.পি.এফ.ৰ ১২জন বিধায়ক আছিল।[1] অৱশ্যে নবগঠিত বি.পি.এফ. দল নিৰ্বাচনৰ সময়লৈকে নিৰ্বাচন আয়োগৰ পঞ্জীভূক্ত নোহোৱাত তেওঁলোকে নিৰ্দলীয় সদস্য ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ২৪খন আসনেৰে অসম গণ পৰিষদ দ্বিতীয় স্থানত থাকে।[2][3] প্ৰেক্ষাপটইতিমধ্যে কংগ্ৰেছ চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌ দেখা গৈছিল। তৰুণ গগৈৰ নেতৃত্বৰ বিৰুদ্ধে দলৰ ভিতৰতে ভাবুকিৰ সৃষ্টি হয়। কংগ্ৰেছে এইটো নিৰ্বাচনত সৰ্বাধিক আসন পায় যদিও চৰকাৰ গঠন কৰিব পৰাকৈ নিৰংকুশ সংখ্যাগৰিষ্ঠতা পোৱা নাছিল। বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে লাভ কৰা ৩৯.৭৫ শতাংশ ভোটেৰে ৭১খন আসন লাভ কৰাৰ বিপৰীতে এইটো নিৰ্বাচনত লাভ কৰা আসনৰ সংখ্যা আছিল ৫৩খন, ভোটৰ শতাংশ ৩১.০৮। ২০০৫ চনত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বড়োলেণ্ড পিপলছ ফ্ৰন্ট (BPF) নামেৰে আঞ্চলিক দল এটা গঠিত হয়। ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত বিপিএফৰ ১২জন সদস্যই গোসাইগাঁও, কোকৰাঝাৰ পশ্চিম, কোকৰাঝাৰ পূব, চিদলী, বিজনী, তামুলপুৰ, বৰমা, চাপাগুৰি, পানেৰী, কলাইগাঁও, ওদালগুৰি আৰু মাজবাট বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে জিকি আহে আৰু এই সকল বিধায়কৰ সমৰ্থনত কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।[1][3] ২০০৬ৰ নিৰ্বাচনৰ পূৰ্বৰ সময়চোৱাত অসম গণ পৰিষদ দলৰ মাজতো বিস্তৰ উত্থান-পতন দেখা যায়। বৃন্দাবন গোস্বামীয়ে অগপৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে। অসম গণ পৰিষদৰ প্ৰথম স্থানৰ নেতা তথা দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক দলৰ পৰা নিলম্বন কৰা হয়। মহন্তই অগপৰ পৰা আঁতৰি গৈ অসম গণ পৰিষদ (প্ৰগতিশীল) নামেৰে নতুন দল এটা গঠন কৰে আৰু বিধানসভাৰ নিৰ্বাচনত ৯৩জন প্ৰাৰ্থী থিয় কৰায়। কিন্তু বৰহমপুৰ সমষ্টিৰ পৰা মহন্ত নিজে জিকি অহাৰ বাদে অগপ প্ৰগতিশীলৰ আন এজনো সদস্যক তেওঁ জিকাই আনিব নোৱাৰিলে।[4] অংশগ্ৰহণকাৰী ৰাজনৈতিক দল[2]
বিজয়ী প্ৰাৰ্থীসকল[2]
তথ্য সংগ্ৰহ
|