সৰাপাত (চলচ্চিত্ৰ)
সৰাপাত (ইংৰাজী: Sarapat) ১৯৫৬ চনত মুক্তি পোৱা আৰু আনোৱাৰ হুছেইনৰ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। এইখন পৰিচালকগৰাকীৰ প্ৰথম ছবি। ছবিখন মুক্তি পোৱাৰ সময়ত পৰিচালকগৰাকীৰ বয়স হৈছিল ২১ বছৰ। ভাৰতত তেতিয়ালৈ ইমান কম বয়সতে ছবি পৰিচালনা কৰাৰ উদাহৰণ নাছিল। আনোৱাৰ ফিল্মচৰ বেনাৰত হুচেইনে ছবিখন প্ৰযোজনাও কৰিছিল।[1] সৰাপাত আছিল এখন নাৰীকেন্দ্ৰিক সামাজিক ছবি।[2][3] কাহিনীৰত্নকান্ত মৌজাদাৰৰ একমাত্ৰ পুত্ৰ জীৱন। মৌজাদাৰৰ ঘৰতে আশ্ৰয় লৈছিল এজনী ঘাট-মাউৰা ছোৱালী শেৱালী। আশ্ৰিতা যদিও আপোন জীয়ৰীৰ দৰে শেৱালী মৰম আৰু লাহ-বিলাহত ডাঙৰ হ'বলৈ ধৰিলে আৰু জীৱনৰ সৈতে এক প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল। উচ্চশিক্ষাৰ বাবে জীৱন গুৱাহাটীলৈ গ'ল। ইতিমধ্যে মৌজাদাৰনীৰ মৃত্যু হোৱা মৌজাদাৰে সাবিত্ৰী নামৰ আন এজনী ছোৱালী বিয়া কৰালে। তাই জীৱন আৰু শেৱালীৰ মাজত বাধা হৈ থিয় দিলে। তাইৰ চক্ৰান্তত জীৱন আঘাটপ্ৰাপ্ত হৈ হাস্পাতালত পৰি থাকিল আৰু শেৱালী গৈ কাৰ্তিক নামৰ দ্ৰৰিদ্ৰ আৰু পঙ্গু লোক এজনৰ ঘৰত আশ্ৰয় ল’লে। তাতেই শেৱালীয়ে জীৱনৰ সৈতে হোৱা দৈহিক সম্পৰ্কৰ পৰিণতি স্বৰূপে এটা ল'ৰাৰ জন্ম দিলে।[1] এফালে সাবিত্ৰী আছিল অসৎ চৰিত্ৰৰ তিৰোতা। তাই বিয়া হৈ অহাৰ পিছতো পূৰ্বৰ প্ৰেমিক হেমেনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল। ঘটনাক্ৰমে মৌজাদাৰে তাইক হেমেনৰ সৈতে অসংযত অৱস্থাত ধৰা পেলালে আৰু খঙৰ ভমকত গুলীয়াই মাৰি জেইললৈ গ'ল।[1] জীয়াই থকাৰ তাড়নাত শেৱালীয়ে শিল ভাঙিবলৈ ল'লে। এদিন কাম কৰি থাকোঁতে হঠাৎ তাইৰ ল'ৰা সোণটি নাইকীয়া হ'ল। তাৰপিছতে এক দীঘলীয়া অনুসন্ধানৰ পৰিক্ৰমা। মৌজাদাৰে বিচাৰি ফুৰিছে জীৱনক, জীৱনে বিচাৰি ফুৰিছে শেৱালীক আৰু শেৱালীয়ে বিচাৰি ফুৰিছে সোণটিক। এদিন প্ৰত্যেকে প্ৰত্যেকক লগ পালে যদিও শেৱালী তেতিয়া ৰুগ্ন অৱস্থাত হাস্পাতালত ভৰ্তি হৈ আছে। তাতেই তাইৰ মৃত্যু হ'ল। তাই আৰু আকৌ জোৰা লগা ঘৰখনলৈ উভতি যাব নোৱাৰিলে।[1] অভিনয় শিল্পী
সংগীতসৰাপাতৰ সঙ্গীত পৰিচালনা কৰিছে মুকুল বৰুৱাই। ছবিখনত ছটা গীত অন্তৰ্ভূক্ত হৈছে। গীত লিখিছে মুকুল বৰুৱা আৰু লক্ষহীৰা দাসে। কণ্ঠদান কৰিছে বীৰেণ দত্ত, লক্ষহীৰা দাস, জ্যোতিৰ্ময় কাকতি আৰু গুণদা দাসে।[4]
তথ্য উংস
|
Portal di Ensiklopedia Dunia