জ্ঞানদা কাকতি
জ্ঞানদা কাকতি (ইংৰাজী: Gyanada Kakati) এগৰাকী অসমীয়া অভিনেত্ৰী আৰু কণ্ঠশিল্পী। ১৯৪৯ চনত পাৰঘাট ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰা কাকতিয়ে অসমীয়াৰ উপৰিও বঙালী ছবিতো অভিনয় কৰিছে। পূবেৰুণ ছবিৰে দৰ্শকৰ মাজত জনপ্ৰিয় হোৱা কাকতিয়ে ১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোসৎৱত অংশগ্ৰহণ কৰে। ২০০২ চনত তেওঁ অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা লাভ কৰে। চমু জীৱনী১৯৩২ চনত অবিভক্ত অসমৰ শ্বিলঙত জ্ঞানদা কাকতিৰ জন্ম হয়। তেওঁ পিতৃ আছিল দেৱেন দাস আৰু মাতৃ বিৰজা দাস। তেওঁৰ পিতৃগৃহ পাণবজাৰত আছিল যদিও পিতৃ চাকৰিসূত্ৰে শ্বিলঙত থকাত লাবানত তেওঁলোক স্থায়ীভাৱে বসবাস কৰিছিল। তেওঁ লোহিত কাকতিৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। অভিনয় জীৱনপিতৃ দেৱেন দাস এগৰাকী মঞ্চাভিনেতা হোৱা সূত্ৰে জ্ঞানদা কাকতিয়ে সৰুৰে পৰা এক অভিনয়ৰ পৰিৱেশ পাইছিল। দেৱেন দাসে শ্বিলঙৰ অসম ক্লাৱ নামৰ সাংস্কৃতিক অনুষ্ঠানটিৰ উদ্যোগত হোৱা নাটকত অভিনয় কৰিছিল। তেওঁ সৰু থাকোঁতে সতী বেউলা নামৰ নাটক এখনত আকৰ্ষণীয় নৃত্য পৰিৱেশন কৰিছিল। এই নৃত্য দেখি বিষ্ণু ৰাভাই তেওঁৰ প্ৰশংসা কৰিছিল। সেই সময়ত শ্বিলঙৰ প্ৰখ্যাত 'কামৰূপী নৃত্য সংঘ'ত জীৱেশ্বৰ গোস্বামীৰ অধীনত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লয়। কাকতিয়ে বিবাহৰ পিছতহে প্ৰথমবাৰৰ বাবে ছবিত অভিনয় কৰে। ১৯৪৮ চনত মুক্তি লাভ কৰা পাৰঘাট ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ প্ৰশংসা বোটলে। ইয়াৰ পিছত তেওঁ পিয়লি ফুকন, সৰাপাত, লখিমী, ৰঙা পুলিচ, পূবেৰুণ, চাকনৈয়া, প্ৰথম ৰাগিনী, পুৱতি নিশাৰ সপোন, নৰকাসুৰ, ওপৰ মহলা, শেষ বিচাৰ, প্ৰিয়জন, ৰাগ-বিৰাগ আদি জনপ্ৰিয় ছবিত অভিনয় কৰে। ইয়াৰে ১৯৫৯ চনৰ পূবেৰুণত কৰা অভিনয় দৰ্শকৰ মাজত জনপ্ৰিয় হয়। ১৯৬০ চনৰ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত পূবেৰুণ প্ৰদৰ্শিত হয়।[1] এই মহোৎৱত অংশগ্ৰহণ কৰি কাকতিয়ে কেৰী গ্ৰাণ্ট, ছ'ফিয়া লৰেন আদি হলীউদৰ শিল্পীক ঘনিষ্ঠভাৱে লগ পায়।[2] তেওঁ নীলাচলেৰ মহাপ্ৰভু, গড়েৰ মাঠে, বৰমা আদি বঙালী ছবিতো অভিনয় কৰে। বন্দীনী নামৰ হিন্দী ছবিত নায়িকাৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও সেই প্ৰস্তাৱ তেওঁ প্ৰত্যাখান কৰে।[2] কাকতি আকাশবাণী গুৱাহাটী আৰু শ্বিলং কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী আছিল। দুয়োটা কেন্দ্ৰতে গীত পৰিৱেশন কৰাৰ লগতে তেওঁ গ্ৰামোফোন ৰেকৰ্ডতো গীত বাণীবদ্ধ কৰিছে। বঁটা আৰু সন্মান
চলচ্চিত্ৰপঞ্জী
তথ্য সংগ্ৰহ
লগতে চাওকবাহ্যিক সংযোগ |