ৰাগ-বিৰাগ
ৰাগ-বিৰাগ (ইংৰাজী: Rag-Birag) ১৯৯৬ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। ভবেন বৰুৱা আৰু খনিন বৰুৱা প্ৰযোজিত আৰু বিদ্যুৎ চক্ৰৱৰ্তী পৰিচালিত ছবিখনৰ সঙ্গীত পৰিচালনা কৰিছে শ্বেৰ চৌধুৰীয়ে। মূল চৰিত্ৰত অভিনয় কৰিছে জ্ঞানদা কাকতি, প্ৰাঞ্জল শইকীয়া, সাগৰ সংগম সৰকাৰ, চিমি আদিয়ে। ছবিখনত কোনো গীত অন্তৰ্ভুক্ত কৰা হোৱা নাই।[1] ৪৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাগ বিৰাগে পৰিচালকৰ শ্ৰেষ্ঠ প্ৰথম ছবিৰ ইন্দিৰা গান্ধী বঁটা লাভ কৰিছিল।[2] কাহিনীৰ সাৰাংশনব্বৈৰ দশকৰ এটা নগৰীয় মধ্যবিত্তীয় পৰিয়ালৰ কাহিনী। প্ৰতিজন সদস্যৰ মোক্ষ, মুক্তি আৰু সুখ সম্পৰ্কে নিজানিজা দৃষ্টিভঙ্গী। সুখৰ সন্ধান আৰু ই সৃষ্টি কৰা ভ্ৰমক এজন সন্ন্যাসী আৰু গাভৰুৰ মাজেৰে প্ৰতীকাত্মক ৰূপত উপস্থাপন কৰা হৈছে।[2] এই মধ্যবিত্তীয় পৰিয়ালটোৰ এজন সদস্য ভাৰ্গৱ, যিয়ে ভক্তিমাৰ্গী সন্ন্যাসী হৈ ঘৰৰ পৰা ওলাই গৈছিল। পোন্ধৰ বছৰ পিছত পুনৰ ঘৰখনত উৎকণ্ঠাৰ সৃষ্টি হয়, যেতিয়া ভাৰ্গৱৰ এজন ভতিজাক সুৰজিতে সন্ন্যাসী হোৱাৰ প্ৰস্তুতি চলায়। সুৰজিতকে ধৰি ভাৰ্গৱৰ ভতিজাক তিনিজন। এজন অৰ্ণৱ- সি ইতিমধ্যে বিপ্লৱী সংগঠনত যোগদান কৰি ঘৰৰ পৰা ওলাই গৈছে। আনজন মণ্টু, যিয়ে ৰোষ্টুৰাঁৰ ব্যৱসায়ত জড়িত।[1] ছবিখনত পৰী নামৰ নাৰী চৰিত্ৰ এটাৰ বিশিষ্ট ভূমিকা আছে। তাইৰ এসময়ত অৰ্ণৱৰ সৈতে অন্তৰঙ্গ সম্পৰ্ক আছিল যদিও সি বিদ্ৰোহী সংগঠনলৈ গুছি যোৱাৰ পিছত সেই সম্পৰ্ক সিমানতে শেষ হ’ল। পিছলৈ সুৰজিতৰ সৈতে তাইৰ বন্ধুত্ব হ’ল যদিও সন্যাসৰ প্ৰতি আকৰ্ষিত হোৱাৰ পিছত সি তাইক এৰি চলিবলৈ ধৰিলে।[1] সুৰজিতে সন্ন্যাস গ্ৰহণ কৰিবলৈ ওলোৱাত আইতাককে ধৰি সকলোৱে ঘৰ এৰি নাযাবলৈ বুজালে। কিন্তু বুজনিয়ে কাম নিদিয়াত আইতাকে সন্ন্যাসী ভাৰ্গৱক মাতি আনিবলৈ ক’লে, কিজানি ভাৰ্গৱে বুজালে কাম হয়েই। সেইমতে পৰীয়ে গৈ আশ্ৰমৰ পৰা তেওঁক ঘৰলৈ লৈ আহিল। সুৰজিতক বুজাওঁতে বুজাওঁতে ভাৰ্গৱে এদিন অনুভৱ কৰিলে যে তেওঁ নাৰীৰ প্ৰেম নাপালে। তেওঁ পৰীৰ প্ৰতি আকৰ্ষিত হৈ পৰিল আৰু পৰীক তেওঁৰ এই আসক্তিৰ কথা জনালে। কিন্তু তাইৰ বাবে এই প্ৰেম গ্ৰহণ কৰা সম্ভৱ নহয়।[1] ভাৰ্গৱৰ অনুশোচনা হ’ল। তেওঁৰ ইমান দিনৰ সাধনা ভ্ৰষ্ট হৈ গ’ল। পুনৰ নকৈ সাধনা কৰাৰ সংকল্পেৰে ভাৰ্গৱ আশ্ৰমলৈ যাত্ৰা কৰিলে। সুৰজিতেও ঘৰ ত্যাগ কৰি সন্যাস গ্ৰহণ কৰিবলৈ গুৰুদেৱৰ ওচৰলৈ গ’ল। আৰু পৰীয়েও কৰ্মৰ মাজেৰে জীৱনৰ সুখৰ সন্ধান কৰা মণ্টুৰ সৈতে এক নতুন পৰিক্ৰমাৰ আৰম্ভণি কৰিলে।[1] অভিনয় শিল্পী
বঁটা-বাহন
তথ্য উৎস
বাহ্যিক সংযোগ
|