পুৱতি নিশাৰ সপোন
পুৱতি নিশাৰ সপোন (ইংৰাজী: Puwati Nishar Sapon) ১৯৫৯ত মুক্তি পোৱা এখন অসমীয়া কথাছবি। ফণী শৰ্মাই ছবিখন পৰিচালনা কৰাৰ উপৰিও কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। ৰূপজ্যোতি প্ৰডাকচনৰ বেনাৰত গামা প্ৰসাদ আগৰৱালাই ছবিখন প্ৰযোজনা কৰিছিল। এজন মৌজাদাৰ, এটা চাহ খেতিয়কৰ পৰিয়াল আৰু এজন ভণ্ড তপস্বী মাৰোৱাৰী মহাজনক কেন্দ্ৰ কৰি জাল-জুৱাচুৰি, হত্যা, প্ৰবঞ্চনা আদিৰ মাজেৰে কাহিনীভাগ আগবাঢ়িছে আৰু অৱশেষত পুৱতি নিশাৰ সপোন বাস্তৱায়িত হয়।[1] অভিনয় কৰিছিল ইভা আচাও, জ্ঞানদা কাকতি, তচদ্দুক ইউচুফ, দুৰ্গা গোস্বামী, ফণী শৰ্মা, নিত্য মহন্ত, প্ৰবীন ফুকন, কুলেন গোস্বামী, নবীন গোস্বামী আদিয়ে। মুখত হৰে কৃষ্ণ, হৰে ৰাম নুগুচা এজন কুখ্যাত মাৰোৱাৰী চোৰাং বেপাৰীৰ ভাওত অভিয়ত কৰা বিৰাজ দাসৰ অভিনয় প্ৰশংসনীয় হৈছিল। সঙ্গীতভূপেন হাজৰিকাই ছবিখনৰ সঙ্গীত পৰিচালনা আৰু গীত ৰচনা কৰিছিল। কণ্ঠ দিছিল ভূপেন হাজৰিকা, ইলা চক্ৰৱৰ্তী আৰু বিৰজা দাসে।[1][2]
তথ্য উৎস
|