লখিমী (চলচ্চিত্ৰ)
লখিমী (ইংৰাজী: Lakhimi) ১৯৫৬ত মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। প্ৰযোজনা লখিমী প্ৰডাকচনৰ। কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ভবেন দাসৰ।[1] ছবিৰ পৰিচালক ভবেন দাস কামৰূপ জিলাৰ ৰামপুৰ গাঁৱৰ সন্তান আছিল। তেওঁ বহুকেইখন অসমীয়া, বঙালী ছবিৰ সৈতে জড়িত আছিল। 'কানামাছি' নামেৰে বঙালী ছবি এখন পৰিচালনা কৰি তেওঁ বিশেষ খ্যাতি অৰ্জন কৰিছিল।[2] কাহিনীমধু মাষ্টৰৰ আদৰৰ বোৱাৰী লখিমীক কেন্দ্ৰ কৰি গাঁৱলীয়া সহজ-সৰল জীৱনৰ হাঁহি-কান্দোনৰ অপৰূপ ছবি বোলছবিখনৰ মাজেৰে ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে।[2] বিয়াৰ পিছতে স্বামীহাৰা হোৱা লখিমীয়ে দেওৰেক মাতৃহীন ভৱনাথ আৰু শহুৰেক মধু মাষ্টৰক মৰম আৰু পৰিচৰ্যাৰে উপচাই দিলে। সেইবাবেই লখিমীৰ প্ৰতি ঈৰ্ষাতুৰ হৈ পৰিল মধু মাষ্টৰৰ দ্বিতীয় পক্ষৰ স্ত্ৰী, অৰ্থাৎ লখিমীৰ মাহীশাহু। মাহীশাহুৱেকে চক্ৰান্ত কৰি লখিমীৰ সৈতে ভৱনাথৰ অবৈধ সম্পৰ্ক আছে বুলি ৰটনা কৰিলে। ঘটনা ইমানলৈ পালে যে তেওঁ মাকৰ ঘৰলৈ গুচি আহিবলগীয়া হ'ল। ভৱনাথ পিছদিনাই বৌৱেকক ঘূৰাই আনিব গ'ল। কিন্তু তেওঁ উভতি নাহিল। আনহাতে ভৱনাথৰ সৰুকালৰে লগৰী বকুলীয়েও মাহীশাহুৱেৰ চক্ৰান্তত ভৱনাথৰ পৰা আঁতৰি আহিল। লখিমী মাকৰ ঘৰতে টান নৰীয়াত পৰিল।[1] অৱশেষত মাহীশাহুৱেকৰ ভুলৰ অনুশোচনা হ'ল আৰু বোৱাৰীয়েকক আদৰি ল'লে। ভৱনাথেও মাতৃসম বৌয়েকক পুনৰ ঘূৰাই পালে।[1] অভিনয় শিল্পী
সঙ্গীতলখিমীৰ সঙ্গীত পৰিচালনা কৰিছে ব্ৰজেন বৰুৱাই। গীত লিখিছে কেশৱ মহন্তই।[3]
তথ্য উৎস
|
Portal di Ensiklopedia Dunia