যাত্ৰা (নাট্য পৰম্পৰা)যাত্ৰা (ইংৰাজী: Jatra; মূল: সংস্কৃতত যাত্ৰা বা শোভাযাত্ৰাযাত্ৰা)[1]) ভাৰত উপমহাদেশৰ বঙালীভাষী লোকৰ বিস্তৃতি থকা বাংলাদেশ, পশ্চিম বংগ, ত্ৰিপুৰা, অসম আৰু উৰিষ্যাৰ এক জনপ্ৰিয় বঙালী মূলৰ লোকনাট্য ৰূপ।[2][3] ২০০৫ চনৰ হিচাপত কলিকতাৰ চিটপুৰ ৰোডত প্ৰায় ৫৫টা দল আছিল। আৰু সকলো মিলি জাতৰা হৈছে বছৰি ২১ মিলিয়ন ডলাৰৰ উদ্যোগ। কেৱল পশ্চিম বংগত প্ৰায় ৪,০০০ মঞ্চত যাত্ৰা পৰিবেশিত হয়।[4] ২০০১ চনত ৩০০ৰো অধিক যাত্ৰা কোম্পানীত বিশহাজাৰৰো অধিক লোক নিয়োজিত হৈ আছিল; যিটো স্থানীয় চলচ্চিত্ৰ উদ্যোগ আৰু নগৰীয়া থিয়েটাৰৰ ২০,০০০ৰো অধিক লোকক নিয়োগ কৰিছিল, যিটো স্থানীয় চলচ্চিত্ৰ উদ্যোগ আৰু নগৰীয়া থিয়েটাৰত নিয়োজিত হৈ থকা লোকতকৈও অধিক। যাত্ৰা পৰিবেশনযাত্ৰা সাধাৰণতে চাৰি ঘণ্টা জুৰি চলা মহাকাব্যিক নাটক। ইয়াৰ পূৰ্বে দৰ্শকক আকৰ্ষণ কৰিবলৈ প্ৰায়ে এঘণ্টা ধৰি সুৰৰ ঝংকাৰ (music concert) চলে। নাটকৰ মাজেমাজে একক কথন (স্বগঃতোক্তি), গীত, যুগল-নৃত্যৰ অন্তৰ্ভূক্তিয়ে প্ৰায়ে দৃশ্য পৰিবৰ্তনৰ সূচক ৰূপে কাম কৰে। সাধাৰণতে মুকলি আকাশৰ তলত, চৌদিশে মুকলি হৈ থকা মঞ্চত যাত্ৰা নাট পৰিবেশন কৰা হৈছিল। মঞ্চখনত প্ৰায়ে নূন্যতম আচবাবহে আছিল বা কোনো আচবাব নাছিল। অভিনয়েৰে দৃশ্যৰ ধাৰণা দিবলৈ চেষ্টা কৰা হৈছিল। আনকি প্ৰচেনিয়াম থিয়েটাৰত পৰিবেশন হ’বলৈ আৰম্ভ হোৱাৰো বহু পিছতহে ঊনবিংশ শতিকাৰ শেষৰ ফালে যাত্ৰালৈ চেট, আচবাব আৰু লাইটিং আহিছিল, যেতিয়া পশ্চিমীয়া থিয়েটাৰৰ সৈতে পৰিচিত চহৰীয়া শিক্ষিত যুৱকসকলেও যাত্ৰা পৰম্পৰাত যোগদান কৰিবলৈ আৰম্ভ কৰিছিল।[5] ইতিহাসযাত্ৰাৰ উৎপত্তি আৰু বৈষ্ণৱবাদৰ উত্থানৰ এক সম্পৰ্ক আছে। ষোড়শ শতিকাত চৈতন্য মহাপ্ৰভুৰ ভক্তি আন্দোলনৰ সমান্তৰালকৈ কৃষ্ণযাত্ৰাৰ বিকাশ ঘটিছিল। ভক্তি আন্দোলন ৰাসলীলা আৰু দ্বাদশ শতিকাৰ জয়দেৱ ৰচিত গীত গোবিন্দ আৰু পঞ্চদশ শতিকাৰ ৰচিত শ্ৰীকৃষ্ণকীৰ্তন আদিৰ দৰে নাট্যধৰ্মী কাব্যৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। ইতিহাসবিদসকলেও মধ্যযুগীয় বংগত গায়ন, নৃত্য আৰু সংলাপযুক্ত নাটগীতৰ অস্তিত্বৰ উল্লেখ কৰিছে, যিয়ে কৃষ্ণযাত্ৰাৰ প্ৰাৰম্ভিক আৰ্হি প্ৰদান কৰিছিল।[6] চৈতন্যৰ পিছত ৰামানন্দ ৰায় আৰু ৰূপ গোস্বামীৰ দৰে তেওঁৰ অনুগামীসকলে শ্ৰীকৃষ্ণৰ জীৱনৰ আধাৰত নাটক ৰচনা কৰিছিল আৰু বহুতে পুৰীৰ ৰজা প্ৰতাপ ৰুদ্ৰবেৱৰ পৰাও ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল; যিয়ে এই নাট্যশৈলীটোক আৰু অধিক বিকশিত কৰাত সহায় কৰিছিল। ক্ৰমান্বয়ে ই ৰামায়ণ, মহাভাৰত, পুৰাণ, বিভিন্ন ঐতিহাসিক কাহিনী আৰু লোককথাৰ পৰা লোৱা ৰাম (ৰামযাত্ৰা), সীতা, কৃষ্ণ আৰু শিৱৰ (শিৱযাত্ৰা) কাহিনীৰে পৰম্পৰাগত পৌৰাণিক নাট প্ৰদৰ্শিত হ’ব লয়। সোনকালেই এই শৈলীটো অন্য পন্থৰ অনুগামীসকলেও গ্ৰহণ কৰিলে; যেনে চণ্ডী ভক্তসকলে চণ্ডী মংগল, মুকুন্দ চক্ৰৱৰ্তীৰ আখ্যানমূলক কবিতাৰে, চণ্ডীযাত্ৰাৰ সুচনা কৰিলে। বেউলাৰ কাহিনীৰ পৰা ভাসন-যাত্ৰাৰ জন্ম হ’ল। আনহাতে সৰ্পৰদেৱী মনসাৰ কাহিনীয়ে ৰূপ ল’লে বিষহৰ-যাত্ৰা।[7] যাত্ৰা আন্দোলনে ক্ৰমান্বয়ে চহৰ অঞ্চললৈ গতি কৰে; আনকি সেই সময়ত প্ৰধানকৈ নিৰক্ষৰ গ্ৰাম্য জনসাধাৰণৰ মাজতও সাহিত্য-কৰ্মৰ প্ৰচলন হ’বলৈ ধৰে। অৱশ্যে তেতিয়াও কাহিনী বা আখ্যানভাগ সহজ-সৰল আৰু নীতিমূলক হৈয়ে আছিল।[8] ঊনবিংশ শতিকাত এই নাট্যধাৰাত সংঘটিত হোৱা আন এটা পৰিবৰ্তন হ’ল- সংগীতপ্ৰধান কৃষ্ণযাত্ৰাৰ শৈলীৰ পৰা ইয়াৰ বিচ্যুতি; কিয়নো আগন্তুক বছৰবোৰত যাত্ৰাত নৃত্যৰ প্ৰাধান্য বাঢ়ি গৈছিল আৰু গদ্য আৰু অমিত্ৰাক্ষৰ ছন্দৰ সংলাপ পৰম্পৰাগত নাট্য শৈলীত প্ৰৱেশ কৰিছিল। এনেকৈ আৰম্ভ হৈছিল নতুন যাত্ৰালৈ উত্থান।[9] এই সময়ছোৱাত যাত্ৰাৰ আন এটা নতুন শৈলী আছিল ধৰ্মনিৰপেক্ষ বিষয়বস্তুৰ প্ৰৱৰ্তন। ইয়াৰ পূৰ্বে পৰম্পৰাগতভাৱে যাত্ৰাত ধৰ্মীয় বিষয়বস্তুৱেহে ঠাই পাইছিল। শেহতীয়া দশকবোৰত যাত্ৰত দেখা পোৱা এই পুনৰুজ্জীৱন, ১৯৬০ চনৰ প্ৰথমভাগতে আৰম্ভ হৈছিল। বিভিন্ন নাট্যগোষ্ঠীয়ে যাত্ৰাত বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি চৰকাৰী স্বীকৃতিৰ লগতে গুৰুত্বপূৰ্ণ নাট্য পৃষ্ঠপোষককো আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। ১৯৬১ চনত কলকাতাত আৰু তাৰ পিছৰ পৰা প্ৰতি বছৰে যাত্ৰা উৎসৱৰ আয়োজন কৰা হয় আৰু ১৯৬৮ চনত ফণীভূষণ বিদ্যাবিনোদ সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথমজন যাত্ৰা শিল্পী হিচাপে পৰিগণিত হয়। আগতে বেছিভাগ যাত্ৰা কোম্পানী অভিনেতা, পৰিচালক বা গায়কৰ মালিকানাধীন আছিল। বৰ্তমান বেছিভাগ যাত্ৰাদলেই ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিকানাধীন। বিষয়বস্তুৰ লগতে উপস্থাপনৰ ক্ষেত্ৰতো বাণিজ্যিকীকৰণৰ প্ৰৱণতা অধিক। আজিও বেছিভাগ ক্ষেত্ৰতে উপস্থাপন শৈলী এতিয়াও অঞ্চলসমূহৰ চিনেমা আৰু টেলিভিচন ধাৰাবাহিকৰ দ্বাৰা প্ৰভাৱিত।[10] তথাপিও সংগীতপ্ৰধান এই নাট্যশৈলীটো দ্ৰুতগতিত বিকশিত হৈ আছে। বৰ্তমান বহু কেইটা যাত্ৰাদলে লণ্ডনৰ বোমা বিস্ফোৰণ, ইৰাকৰ যুদ্ধৰ লগতে স্থানীয় সমসাময়িক ঘটনাবোৰৰ নাট্যৰূপ দিয়ে। ১৯৮০-ৰ দশকত যেতিয়া ফুলন দেৱীৰ কাহিনীয়ে জনমানস উদ্বেলিত কৰিছিল, তেতিয়াই ফুলন দেৱীৰ কাহিনীৰে ৰচনা কৰা যাত্ৰানাটে প্ৰভুত জনপ্ৰিয়তা অৰ্জন কৰিছিল।[11] তথ্য উৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia