বেগম আখটাৰ
আখটাৰীবাঈ ফৈজাবাদী জনপ্ৰিয়ভাবে বেগম আখটাৰ (ইংৰাজী: Begum Akhtar, ১০ জানুৱাৰী ১৯১৪ – ৩০ অক্টোবৰ ১৯৭৪) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী তথা অভিনেত্ৰী। তেওঁক হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ গজল, দাদৰা আৰু থুমৰি ধাৰাৰ অন্যতম শ্ৰেষ্ঠ কণ্ঠশিল্পী হিচাপে গণ্য কৰা হয়।[3][1][4] তেওঁক 'মল্লিকা-এ-গজল' বুলি অভিহিত কৰা হয়। ১৯৭২ চনত কণ্ঠসংগীতৰ বাবে বেগম আখটাৰে সংগীত নাটক একাডেমী বঁটা লাভ কৰে। ১৯৬৮ চনত ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আৰু ১৯৭৫ চনত মৰণোত্তৰভাৱে তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।[5] প্ৰাৰম্ভিক জীৱন১৯১৪ চনৰ ৭ অক্টোবৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ইউনাইটেড প্ৰভিঞ্চ (বৰ্তমান উত্তৰ প্ৰদেশ) ফৈজাবাদত আখটাৰীবাঈ ফৈজাবাদীৰ জন্ম হৈছিল। তেওঁ উকীল আচগৰ হুছেইন আৰু তেওঁৰ দ্বিতীয় পত্নী মুস্তাৰীৰ কন্যা আছিল।[4] আচগৰ হুছেইনে পৰৱৰ্তী সময়ত মুস্তাৰী আৰু তেওঁৰ যমজ কন্যাদ্বয় জোহৰা আৰু বিব্বিক (পিছত বেগম আখতাৰ বুলি জনাজাত) অস্বীকাৰ কৰিছিল।[6][7] কৰ্মজীৱনমাত্ৰ সাত বছৰ বয়সত তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰ গোটৰ সৈতে সংলগ্ন এগৰাকী শিল্পী চন্দ্ৰা বাঈৰ সংগীতৰ দ্বাৰা মোহিত হৈছিল। অৱশ্যে তেওঁৰ খুড়াৰ প্ৰচেষ্টাত তেওঁক পাটনাৰ মহান সাৰংগী বাদক ওস্তাদ ইমদাদ খানৰ অধীনত প্ৰশিক্ষণ লবলৈ প্ৰেৰণ কৰা হৈছিল। পিছত পাটিয়ালাৰ আতা মহম্মদ খানৰ অধীনতো তেওঁ সংগীত শিক্ষা লাভ কৰিছিল। পিছলৈ তেওঁ মাকৰ সৈতে কলিকতা ভ্ৰমণ কৰিছিল আৰু মহম্মদ খান, লাহোৰৰ আব্দুল ৱাহিদ খানৰ দৰে ধ্ৰুপদী সংগীতৰ বিখ্যাত সংগীতজ্ঞসকলৰ পৰা সংগীত শিকিছিল। অৱশেষত তেওঁ ওস্তাদ ঝাণ্ডে খানৰ শিষ্য হয়।[1] পোন্ধৰ বছৰ বয়সত তেওঁ প্ৰথম ৰাজহুৱাকৈ নিজৰ কলা প্ৰদৰ্শন কৰিছিল। বিখ্যাত কবি সৰোজিনী নাইডুৱে ১৯৩৪ চনৰ নেপাল-বিহাৰ ভূমিকম্পৰ ভুক্তভোগীসকলৰ সহায়ত আয়োজিত এক কনচাৰ্টৰ সময়ত তেওঁৰ গীতৰ প্ৰশংসা কৰিছিল। এই প্ৰশংসায়ে তেওঁক অধিক উৎসাহেৰে গজল গোৱা অব্যাহত ৰাখিবলৈ উৎসাহিত কৰিছিল। তেওঁ সেই সময়ত মেগাফোন ৰেকৰ্ড কোম্পানীৰ বাবে প্ৰথম ডিস্ক মুকলি কৰিছিল। তেওঁৰ গজল, দাদৰা, থুমৰী আদিৰে কেইবাটাও গ্ৰামোফোন ৰেকৰ্ড মুকলি কৰা হৈছিল। তেওঁ ৰাজহুৱা সংগীতানুষ্ঠান প্ৰদান কৰা প্ৰাৰম্ভিক মহিলা গায়কসকলৰ ভিতৰত আছিল আৰু মেহফিল বা ব্যক্তিগত সমাবেশত গান গোৱাৰ পৰা বিৰত থাকিছিল। পিছলৈ তেওঁ মল্লিকা-এ-গজল (গজলৰ ৰাণী) বুলি জনা গৈছিল।[8][5] বেগুম আখতাৰৰ সুন্দৰ চেহেৰা আৰু সংবেদনশীল কণ্ঠই তেওঁক তেওঁৰ প্ৰাৰম্ভিক বছৰবোৰত চলচ্চিত্ৰ কেৰিয়াৰৰ বাবে আদৰ্শ প্ৰাৰ্থী কৰি পেলাইছিল। গৌহৰ জান আৰু মালাক জানৰ দৰে মহান সংগীতজ্ঞসকলৰ কথা শুনি তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতত কেৰিয়াৰৰ বাবে চলচ্চিত্ৰ বিশ্বৰ গ্লেমাৰ এৰিবলৈ সিদ্ধান্ত লৈছিল। ধ্ৰুপদী সংগীতৰ দাদৰা, থুমৰী আদিত তেওঁ সৰ্বোচ্চ শিল্পীতাৰ পৰিচয় দাঙি ধৰিছিল। মুখ্যতঃ শাস্ত্ৰীয় সংগীতত তেওঁৰ প্ৰদৰ্শনী বাছনি কৰিছিল আৰু বিভিন্ন ধৰণৰ ৰাগ সৰলৰ পৰা জটিললৈকে আয়ত্ত কৰিছিল। ভাৰতত টকি যুগৰ আগমনৰ পিছত ১৯৩০ ৰ দশকত বেগুম আখটাৰে কেইখনমান হিন্দী চিনেমাত অভিনয় কৰিছিল। কলিকতাৰ ইষ্ট ইণ্ডিয়া ফিল্ম কোম্পানীয়ে ১৯৩৩ চনত 'কিং ফৰ এ ডে' (ওৰফে এক দিন কা বাদশ্বাহ) আৰু 'নল দময়ন্তী' অভিনয় কৰিবলৈ তেওঁক প্ৰস্তাৱ আগবঢ়াইছিল।[1] সেই যুগৰ আনৰ দৰে তেওঁ নিজৰ সকলো ছবিত নিজেই গান গাইছিল। পৰৱৰ্তী বছৰসমূহত তেওঁ অভিনয় অব্যাহত ৰাখিছিল। তাৰ পিছত বেগম আখটাৰ লক্ষ্ণৌলৈ উভতি আহে আৰু বিখ্যাত প্ৰযোজক-পৰিচালক মেহবুব খানৰ ১৯৪২ চনত মুক্তি পোৱা 'ৰটি'ত অভিনয় কৰিছিল। ইয়াত সংগীত অনিল বিশ্বাসে ৰচনা কৰিছিল।[9] 'ৰটি'ত তেওঁৰ ছয়টা গজল আছিল কিন্তু দুৰ্ভাগ্যবশতঃ প্ৰযোজকৰ সৈতে কিছু সমস্যাৰ বাবে মেহবুব খানে পৰৱৰ্তী সময়ত ছবিখনৰ পৰা তিনি বা চাৰিটা গজল বিলোপ কৰে। সকলো গজল মেগফোন গ্ৰামোফোন ৰেকৰ্ডত উপলব্ধ কৰোৱা হৈছিল। ইতিমধ্যে বেগম আখটাৰে বোম্বাই এৰি লক্ষ্ণৌলৈ উভতি আহিছিল। আখটাৰীবাঈ ফৈজাবাদী, আখটাৰী বেগম আখটাৰ হিচাপে বহুতো চলচ্চিত্ৰৰ ক্ৰেডিটত তেওঁৰ নাম বেলেগভাৱে দেখা গৈছিল।[3] ১৯৪৫ চনত আখটাৰী বাঈয়ে লক্ষ্ণৌৰ এজন বেৰিষ্টাৰ ইষ্টিয়াক আহমেদ আব্বাচীক বিয়া কৰায় আৰু বেগম আখটাৰ বুলি জনাজাত হয়।[1] অৱশ্যে বিবাহৰ পিছত তেওঁৰ স্বামীৰ নিষেধাজ্ঞাৰ বাবে প্ৰায় পাঁচ বছৰ ধৰি গান গাব পৰা নাছিল। ইয়াৰ বাবে তেওঁ অসুস্থ আৰু আৱেগিকভাৱে হতাশাগ্ৰস্ত হৈ পৰিছিল। তেতিয়াযেতিয়া তাইৰ সংগীতলৈ ঘূৰি অহাটো এক উপযুক্ত প্ৰতিকাৰ হিচাপে নিৰ্ধাৰিত কৰা হয় আৰু ১৯৪৯ চনত তেওঁ ৰেকৰ্ডিং ষ্টুডিঅ'লৈ উভতি আহিছিল।[1] তেওঁ লক্ষ্ণৌ আকাশবাণী কেন্দ্ৰত তিনিটা গজল আৰু এটা দাদৰা গাইছিল। তাৰপিছত তেওঁ কান্দিবলৈ আৰম্ভ কৰিছিল আৰু সংগীতানুষ্ঠানত গান গাবলৈ আৰম্ভ কৰিছিল। এই ধাৰা তেওঁ মৃত্যুৰ আগলৈ অব্যাহত ৰাখিছিল। ১৯৬২ চনত চীনৰ সৈতে ভাৰতৰ যুদ্ধৰ সহায়তাৰ উদ্দেশ্যেৰে আয়োজিত মহিলাৰ একমাত্ৰ কনচাৰ্টতত তেওঁ লক্ষ্ণৌত ৰাজহুৱাভাৱে গান গাইছিল।[8] তেওঁৰ কণ্ঠস্বৰ সময়ৰ সৈতে পৰিপক্ব হৈছিল লগতে সমৃদ্ধি আৰু গভীৰতা অৰ্জন কৰিছিল। তাই গজল আৰু অন্যান্য কোমল ধ্ৰুপদী গীত গাইছিল। তেওঁৰ এক সুকীয়া অমিয় শৈলী আছিল। তেওঁৰ কৃতিত্বত প্ৰায় চাৰিশ গান আছে। তেওঁ আকাশবাণীৰ এগৰাকী নিয়মীয়া প্ৰদৰ্শক আছিল। তাই সাধাৰণতে নিজৰ গজল নিজেই ৰচনা কৰিছিল আৰু তাইৰ বেছিভাগ ৰচনা ৰাগ আধাৰিত আছিল। তেওঁ কালজয়ী বঙালী শাস্ত্ৰীয় গান 'জোচোনা কোৰেচে আৰি' গীতটো গাইছিল।[3] ২০১৭ চনৰ ৭ অক্টোবৰ তাৰিখে গুগলে তেওঁৰ ১০৩ তম জন্মদিনৰ উদযাপনত এটা ডুডাল প্ৰফাইল উৎসৰ্গা কৰে।[3] মৃত্যু১৯৭৪ চনত তিৰুবনন্তপুৰমৰ ওচৰৰ বলৰামাপুৰমত তেওঁৰ অন্তিম কনচাৰ্টৰ সময়ত তেওঁ তেওঁৰ কণ্ঠস্বৰ বহু উচ্চলৈ উত্থাপন কৰিছিল। কিয়নো তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ গীতটো সিমান ভাল হোৱা নাই যিমান তেওঁ বিচাৰিছিল আৰু অসুস্থ অনুভৱ কৰিছিল। তেওঁ নিজকে দিয়া চাপৰ ফলত অসুস্থ হৈ পৰিছিল আৰু ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।[1] ১৯৭৪ চনৰ ৩০ অক্টোবৰ তাৰিখে তেওঁৰ বন্ধু নীলম গামাডিয়াৰ বাহুত মৃত্যু হৈছিল। নীলম গামাডিয়াই তেওঁক আহমেদাবাদলৈ আমন্ত্ৰণ কৰিছিল। এয়া তেওঁৰ অন্তিম ৰাজহুৱা প্ৰদৰ্শন হৈ পৰিছিল।[3][1] তেওঁৰ সমাধি লক্ষ্ণৌৰ ঠাকুৰগঞ্জ অঞ্চলৰ 'পছন্দ বাগ'ত তেওঁৰ ঘৰৰ ভিতৰত এটা আমৰ বাগান আছিল। তেওঁক তেওঁৰ মাক মুস্তাৰী চাহিবাৰ সৈতে সমাধিস্থ কৰা হৈছিল। অৱশ্যে বহু বছৰ ধৰি বাগিচাখনৰ বেছিভাগ বৰ্ধিত চহৰৰ হেঁচাত হেৰাই গৈছে। ২০১২ চনত ৰঙা ইটাৰ বেষ্টনীত সংলগ্ন মাৰ্বেলৰ সৈতে তেওঁৰ সমাধিস্থল পুনৰুদ্ধাৰ কৰা হৈছিল।[10] লক্ষ্ণৌৰ চাইনা বজাৰত ১৯৩৬ চনত নিৰ্মিত তেওঁৰ ঘৰখন এখন সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰাৰ চেষ্টা কৰা হৈছে।[8] তেওঁৰ শিষ্য শান্তি হিৰন্দে যি পিছত পদ্মশ্ৰী লাভ কৰিছিল তেওঁৰ এখন জীৱনী 'বেগম আখটাৰ: ষ্টৰী অফ মাই আম্মী' (২০০৫) ৰচনা কৰিছিল।[8] কলা সমালোচক এছ কালিদাসে তেওঁৰ জীৱনৰ ওপৰত 'হাই আখটাৰী' নামৰ এখন তথ্যচিত্ৰ পৰিচালনা কৰিছিল। ১৯৯৪ চনত ভাৰত চৰকাৰে তেওঁৰ সন্মানৰ্থে এলানি ডাক টিকট প্ৰকাশ কৰিছিল। বঁটা আৰু সন্মান
তথ্য উৎস
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia