নেলীৰ হত্যাকাণ্ড

নেলীৰ হত্যাকাণ্ড
স্থান অসম, ভাৰত
স্থানাংক 26°06′41″N 92°19′02″E / 26.111483°N 92.317253°E / 26.111483; 92.317253
তাৰিখ ১৮ ফেব্ৰুৱাৰী ১৯৮৩ (1983-02-18)
লক্ষ্য সন্দেহজনক অবৈধ অনুপ্ৰৱেশকাৰী
আক্ৰমণৰ প্ৰকাৰ নিৰ্বাসন, নৰসংহাৰ
নিহত ২,১৯১ জন +, ১০,০০০+ (বেচৰকাৰী)

নেলীৰ হত্যাকাণ্ড[1] বুলিলে ১৯৮৩ চনত অসমনগাঁও জিলাৰ নেলীত সংঘটিত হোৱা সন্দেহজনক অবৈধ অনুপ্ৰৱেশকাৰীৰ হত্যাকাণ্ডক বুজায়।

ইতিহাস

১৯৮৩ চনত অসম আন্দোলনৰ সময়ত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত অসম আন্দোলনৰ নেতাসকলে অবৈধ বাংলাদেশী অনুপ্ৰবেশকাৰী সকলৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই নিদিয়া পৰ্যন্ত নিৰ্বাচন স্থগিত ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছিল। কিন্তু, চৰকাৰে তেওঁলোকৰ দাবী অগ্ৰাহ্য কৰি নিৰ্বাচন পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ ফলস্বৰূপে ৰাজ্যজুৰি ব্যাপক গণ-আন্দোলনৰ সূত্ৰপাত ঘটে। পৰবৰ্তী কালত, ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত এই নিৰ্বাচনৰ ফলাফলক বাতিল কৰা হয় আৰু নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হয়।

ঘটনাক্ৰম

১৮ ফেব্ৰুৱাৰীৰ দিনা ছঘণ্টা জুৰি চলা এই হত্যালীলাত ২,১৯১ জন লোকৰ প্ৰাণ হানি হৈছিল[2][3](বেচৰকাৰী সূত্ৰৰ মতে এই সংখ্যা প্ৰায় ১০,০০০)। আক্ৰান্ত ১৪ খন গাঁও আছিল আলিসিংহ, খোলাপথাৰ, বসুন্ধাৰী, বুগডুবা বিল, বুগডুবা হাবি, বৰজলা, বুতুনী, ইন্দুৰমাৰী, মাটি পৰ্বত, মুলাধাৰী, মাটি পৰ্বত নং ৮, শিলভেটা, বৰবুৰী আৰু নেলী[4]। আক্ৰান্তসকলৰ বেছিভাগেই অসমলৈ বাংলাদেশৰ পৰা প্ৰবজন কৰা মুছলমান সম্প্ৰদায়ৰ লোক আছিল বুলি কোনো কোনো সূত্ৰই কয়।[5][6] সেই এলেকাদি পাৰ হৈ যোৱা সংবাদদাতাৰ এটা দল নেলীৰ হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী আছিল।[7]

তদন্ত

অসম চৰকাৰে নেলীৰ হত্যাকাণ্ডত নিহত লোকসকলৰ পৰিয়ালক ৫,০০০ টকাকৈ সাহাৰ্য প্ৰদান কৰে। এই ঘটনাৰ তদন্ত কৰিবলৈ ত্ৰিভুৱন প্ৰসাদ তিৱাৰীৰ অধীনত গঠন কৰা তিৱাৰী কমিচনে ১৯৮৫ চনত অসম চৰকাৰক ৬০০ পৃষ্ঠাজোৰা প্ৰতিবেদন দাখিল কৰে। কিন্তু, হিতেশ্বৰ শইকীয়াৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে এই প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ সিদ্ধান্ত লয়। হত্যাকাণ্ডৰ পিছত মুঠ ৬৮৮ টা অপৰাধী গোচৰ ৰুজু কৰা হৈছিল আৰু ৩১০ জনকহে চাৰ্জশ্বীট দিয়া হৈছিল। বাকী ৩৭৮ টা গোচৰ প্ৰমাণ নোহোৱাৰ দোহাই দি বন্ধ কৰা হৈছিল। চাৰ্জশ্বীট দিয়া ৩১০ টা গোচৰো অসম চুক্তিমতে ১৯৮৫ চনত গঠিত অসম গণ পৰিষদ চৰকাৰে বাতিল কৰে।[2]

টোকা

  1. (Kumura 2007)
  2. 2.0 2.1 [1] Archived 2011-09-03 at the Wayback MachineIt is 26 years since Nellie massacre:victims still await justice, আহৰণ ১১.১০.২০১১
  3. (Assam Tribune 2008)
  4. (Rehman 2006)
  5. (Lahkar 2008)
  6. Harsh Mander (December 14, 2008). "Nellie: India’s forgotten massacre". The Hindu. Archived from the original on November 15, 2012. https://web.archive.org/web/20121115111325/http://www.hindu.com/mag/2008/12/14/stories/2008121450100300.htm। আহৰণ কৰা হৈছে: June 19, 2012. 
  7. (Lahkar 2008)

উৎস

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia