অসম প্ৰদেশস্বাধীনোত্তৰ ভাৰতৰ প্ৰদেশখনৰ বাবে, অসম চাওক।
অসম প্ৰদেশ (ইংৰাজী: Assam Province) ব্ৰিটিছ ভাৰতৰ এখন প্ৰদেশ আছিল। ১৯১২ চনত “পূৰ্ব বংগ আৰু অসম” বিভাজনৰ ফলত প্ৰদেশখনৰ সৃষ্টি হৈছিল। ইয়াৰ ৰাজধানী আছিল শ্বিলঙত। অসম ভূখণ্ডক প্ৰথমবাৰ ১৮৭৪ চনত বংগৰ পৰা “উত্তৰ-পূব সীমান্ত” নন-ৰেগুলেচন প্ৰদেশ হিচাপে পৃথক কৰা হৈছিল। ১৯০৫ চনত ইয়াক “পূৰ্ব বংগ আৰু অসম” নামেৰে নতুন প্ৰদেশত অন্তৰ্ভুক্ত কৰা হয় আৰু ১৯১২ চনত পুনৰ অসম প্ৰদেশ হিচাপে প্ৰতিষ্ঠা কৰা হয়। ইতিহাসঅসম প্ৰদেশ ধৰ্মভিত্তিক জনসংখ্যা (১৯৪১)[উদ্ধৃতিৰ প্ৰয়োজন] Hinduism (44.50%) Islam (33.73%) Christianity (0.65%) Others (21.22%)
প্ৰধান প্ৰবন্ধ: ঔপনিবেশিক অসম
১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধিৰ ফলত অসম ইংৰাজৰ হাতলৈ যায়। [1] অসম অধিকাৰ কৰাৰ পাছত অসম উপত্যকা পোন প্ৰথমে বঙ্গৰ কমিচনাৰ ডেভিড স্কটৰ তলত ৰাখে। মানৰ হাতৰ পৰা অসম উদ্ধাৰ কৰি দেশত শান্তি স্থাপন কৰাৰ সময়ছোৱালৈকে সময়ছোৱালৈকে ডেভিড স্কটৰ হাততেই অসমৰ শাসনভাৰ আছিলে। ১৮২৭ আৰু ১৮২৮ চনত অসম উপত্যকাক দুটা ভাগত বিভক্ত কৰা হয়; উজনি আৰু নামনি। দুয়োটা ভাগতে দুজনকৈ এচিষ্টেণ্ট কমিচনাৰ ৰখাৰ ব্যৱস্থা কৰা হয়। ডেভিড স্কটৰ অসমত বন্দী-বেটা ৰখাৰ নিয়ম বন্ধ কৰা হয় আৰু মাটিৰ বন্দোৱস্ত কৰি তিনি ভাগত ভাগ কৰা হয়; ৰূপিত, বস্তি আৰু ফৰিঙ্গতি। [2]। প্ৰথম অৱস্থাত অসমীয়া মানুহে ইংৰাজসকলক আদৰি লৈছিল যদিও পিছলৈ স্বাধীনচিতিয়া অসমীয়া মানুহে ইংৰাজৰ শাসনৰ প্ৰতি মোহভংগ হয় আৰু ইংৰাজী-বিৰোধী মনোভাবে গা কৰি উঠিছিল। এনে পৰিস্থিতিতে ১৮২৮ চনত আহোম আমোলা ধনঞ্জয় বৰগোহাঁই আৰু গমধৰ কোঁৱৰৰ নেতৃত্বত আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে বিদ্ৰোহ হয়। কিন্তু এই বিদ্ৰোহ সফল নহ'ল। ইয়াৰ পিছত কেইবাজনো আহোম ব্যক্তিয়ে ইংৰাজৰ বিৰুদ্ধে যোদ্ধ ঘোষণা কৰে। ফলত ইংৰাজে ১৮৩৩ চনৰ মাৰ্চ মাহৰ ২ তাৰিখে এখন চুক্তিযোগে পুৰন্দৰ সিংহক শদিয়া আৰু মটক ৰাজ্যৰ বাহিৰে ধনশিৰী নদীৰ পূবে থকা সমস্ত উজনি খণ্ডৰ ৰজা পাতে। চুক্তিমতে পুৰন্দৰ সিংহ ইংৰাজৰ হাতৰ পুতলা হয়। কিন্তু ১৮৩৮ চনত ইংৰাজে পুৰন্দৰ সিংহক ৰাজ্যচ্যুত কৰি সমগ্ৰ অসমকেই তেওঁলোকৰ স্থায়ী দখললৈ আনিলে। ইয়াৰ পিছত ১৮৫৭ চনত সমগ্ৰ ভাৰততে জ্বলি উঠা প্ৰথম স্বাধীনতা যুদ্ধৰ দাবানলে অসমকো স্পৰ্শ কৰে। অসমত ইংৰাজৰ কাৰ্যকলাপত বিতুষ্ট হৈ একাংশ প্ৰজাৰ নেতৃত্বত অসমতি চিপাহী বিদ্ৰোহ আৰম্ভ হয়। সেই সশস্ত্ৰ বিপ্লৱত মণিৰাম দেৱান, পিয়লি বৰুৱা আদিৰ ফাঁচি হয়। চিপাহী বিদ্ৰোহৰ পাছতে অসমৰ শাসনভাৰ এজন কমিছনাৰ হাতলৈ যায়। চিপাহী বিদ্ৰোহে অসমীয়া মানুহৰ মনত পুনৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি অনুপ্ৰাণিত কৰিলে। শেষত ১৯১৯-২০ চনত মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনত অসমে যোগদান কৰিলে। ইয়াৰ পিছত ক্ৰমে ক্ৰমে ভাৰতৰ স্বাধীনতা আন্দোলনত অসমে যোগদান কৰি ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে আৰু ভাৰত স্বাধীন হোৱাৰ লগে লগে অসমৰ পৰাও ইংৰাজী শাসন অন্ত পৰে। চিফ কমিচনাৰ
গৱৰ্ণৰ
অসম প্ৰদেশৰ প্ৰধান মন্ত্ৰী
টোকা
তথ্যউৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia