পূৰ্ববংগ আৰু অসম
পূৰ্ববংগ আৰু অসম (বঙালী: পূৰ্ববঙ্গ ও আসাম; ইংৰাজী: Eastern Bengal and Assam) ১৯০৫ৰ পৰা ১৯১২লৈ ব্ৰিটিছ ভাৰতৰ এটা প্ৰশাসনিক ভাগ (প্ৰদেশ) আছিল। প্ৰদেশখনৰ ৰাজধানী আছিল ঢাকা। বৰ্তমানৰ বাংলাদেশ, উত্তৰ-পূব ভাৰত আৰু পশ্চিমবংগৰ উত্তৰ অংশক সামৰি এই প্ৰদেশ গঠন কৰা হৈছিল। ইতিহাস১৮৬৮ চনতৰ আৰম্ভণিতে চৰকাৰে বেংগল প্ৰেচিডেঞ্চিৰ পূব অংশত স্বতন্ত্ৰ প্ৰশাসনৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। তেওঁলোকে ভাবিছিল যে ব্ৰিটিছ ভাৰতৰ ৰাজধানী কলকাতাৰ ফ’ৰ্ট উইলিয়ামত ইতিমধ্যে অতিমাত্ৰা বোজা পৰিছে। ১৯০৩ চনলৈ বংগ বিভাজন আৰু অসমৰ বাণিজ্যিক সম্প্ৰসাৰণৰ সম্ভাৱনা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ কথা চৰকাৰে ভাবিবলৈ লয়। পূৰ্ব বংগ আৰু অসম নামৰ নতুন প্ৰদেশখনত শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়া হয়। [1] ভাৰতৰ ভাইচৰয় লৰ্ড কাৰ্জনে বংগ বিভাজনৰ প্ৰস্তাৱ আগবঢ়ায় আৰু ১৯০৫ চনৰ ১৬ অক্টোবৰৰ পৰা ইয়াক কাৰ্যকৰী কৰে। বংগৰ পূৰ্বৰ মোগলৰ ৰাজধানী ঢাকাই চৰকাৰৰ আসন হিচাপে পুনৰ মৰ্যাদা লাভ কৰে। চাৰ বেম্পফিল্ড ফুলাৰ আছিল প্ৰদেশখনৰ প্ৰথম লেফটেনেণ্ট গৱৰ্ণৰ। তেওঁ এবছৰ কাৰ্যনিৰ্বাহ কৰিছিল, আৰু লৰ্ড মিণ্টোৰ সৈতে মতানৈক্য আৰু ব্ৰিটিছ সংসদৰ হেঁচাত ১৯০৬ চনত পদত্যাগ কৰে। তেওঁৰ পিছত ছাৰ লেঞ্চলেট হেৰে (১৯০৬–১৯১১) দায়িত্বভাৰ গ্ৰহণ কৰে আৰু তেওঁৰ পিছত ছাৰ চাৰ্লছ ষ্টুৱাৰ্ট বেইলীয়ে (১৯১১–১৯১২) দায়িত্বভাৰ গ্ৰহণ কৰে। এই বিভাজনে ভাৰতীয় জাতীয়তাবাদীসকলৰ মাজত বিতৰ্কৰ সৃষ্টি কৰে আৰু তেওঁলোকে ইয়াক বঙালী গৃহভূমিক "বিভাজনৰ দ্বাৰা শাসন" কৰাৰ প্ৰয়াস বুলি অভিহিত কৰে। [2] কলকাতাৰ বণিক শ্ৰেণীটোৱেও অঞ্চলটোত নিজৰ অৰ্থনৈতিক প্ৰভাৱ হেৰুৱাৰ আশংকা কৰিছিল। ১৯০৬ চনত হিন্দু জাতীয়তাবাদৰ উত্থানৰ প্ৰতিক্ৰিয়া স্বৰূপে সৰ্বভাৰতীয় মহম্মদী শৈক্ষিক সন্মিলনৰ চলি থকাৰ সময়ত ঢাকাত অল ইণ্ডিয়া মুছলিম লীগ গঠন কৰা হয়। ইয়াৰ ফলত পাছলৈ সৰ্বভাৰতীয় হিন্দু মহাসভাৰ সৃষ্টি হয়। ১৯১১ চনত দিল্লী দৰবাৰত ৰজা-সম্ৰাট পঞ্চম জৰ্জে ঘোষণা কৰে যে ব্ৰিটিছ চৰকাৰে বিভাজন বাতিল কৰাৰ সিদ্ধান্ত লৈছে। এই পদক্ষেপক গোড়া সাম্প্ৰদায়িক শক্তিৰ তুষ্টিকৰণৰ প্ৰয়াস হিচাপে গণ্য কৰা হৈছিল। পূৰ্ব বংগক পশ্চিমৰ বঙালী জিলাসমূহৰ সৈতে পুনৰ একত্ৰিত কৰা হয় আৰু অসমক মুখ্য আয়ুক্তৰ অধীনস্থ প্ৰদেশ হিচাপে পুনৰ্গঠন কৰা হয়। ভৌগোলিক বিৱৰণপূৰ্ববংগ আৰু অসম ১১১,৫৬৯ বৰ্গ মাইল অঞ্চলজুৰি বিস্তৃত আছিল। প্ৰদেশখনৰ চাৰিসীমা আছিল উত্তৰে ভূটান আৰু তিব্বত, পূবে ব্ৰিটিছ ব্ৰহ্মদেশ আৰু দক্ষিণে বংগ-উপসাগৰ। ৰাজশাসিত ত্ৰিপুৰা, কোচবিহাৰ আৰু মণিপুৰ প্ৰদেশখনৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত আছিল যদিও প্ৰশাসনিকভাৱে ইয়াৰ ভিতৰুৱা নাছিল। প্ৰশাসনিক ব্যৱস্থাপ্ৰদেশখনৰ মুখ্য প্ৰশাসনিক বিষয়া আছিল লেফটেনেণ্ট জেনেৰেল। ভাইচৰয় আছিল ব্ৰিটিছ ৰাজতন্ত্ৰৰ প্ৰতিনিধি। ঢাকা আছিল প্ৰাদেশিক ৰাজধানী। প্ৰদেশখনৰ নিজৰ উচ্চ ন্যায়ালয় আৰু বিধান-পৰিষদ (৪০ সদস্যবিশিষ্ট) আছিল। লেফটেনেণ্ট জেনেৰেলৰ অধীনত পাঁচজন কমিছনাৰে শাসন ব্যৱস্থা পৰিচালনা কৰিছিল। প্ৰদেশখনৰ গ্ৰীষ্ম ৰাজধানী আছিল ছিলং[3] প্ৰদেশখনৰ প্ৰশাসনিক ভাগ(ডিভিজন)সমূহ আছিল-
প্ৰদেশখনৰ মুঠ জিলাৰ সংখ্যা আছিল ৩০ খন। জনগাঁথনি১৯০১ চনৰ লোকপিয়ল মতেপূৰ্ববংগ আৰু অসমৰ মুঠ জনসংখ্যা আছিল ৩০,৯৬১,৪৫৯ জন। [4] ভাষিক বিভাজন-
পাৰ্বত্য জিলাকেইখন তিব্বত-বৰ্মী জনগোষ্ঠী বিশেষকৈ মিজো, নগা, গাৰো, বড়ো, চাকমা আদিৰ বাসস্থান আছিল। ধৰ্মীয় বিভাজন
পূৰ্ববংগ আৰু অসমৰ ভূমি অতি সাৰুৱা আৰু ই ধান আৰু মৰাপাট খেতিৰ বাবে বিখ্যাত আছিল। পুৰ্ববংগই পৃথিৱীৰ ৮০% মৰাপাট উৎপাদন কৰিছিল। অসম উপত্যকাই চাহ আৰু পেট্ৰলিয়ামৰ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। চিট্টাগং বন্দৰৰ জৰিয়তে প্ৰদেশখনে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্পাদন কৰিছিল। বন্দৰটো অসম-বেংগল ৰে'লৱেৰ দ্বাৰা ভিতৰুৱা অঞ্চলসমূহৰ সৈতে সংযুক্ত আছিল। পৰিবহণ
সামৰিক ব্যৱস্থা
লগতে চাওকতথ্যউৎস
অধিক জানিবলৈ পঢ়ক
|