জাম্বৱতী

জাম্বৱতী
অষ্টভাৰ্যা-ৰ সদস্য

কৃষ্ণৰ অষ্টভাৰ্যা সহিতে জাম্বৱতী, মহীশূৰৰ চিত্ৰপটত
অন্য নাম নৰেন্দ্ৰপুত্ৰী, ৰোহিণী
সম্পৰ্ক দেৱী, অষ্টভাৰ্যা, লক্ষ্মী, ৰোহিণী
নিবাস দ্বাৰকা
সঙ্গী কৃষ্ণ
সন্তান শম্ব, সুমিত্ৰ, পুৰুজিত, শতাজিত, সহস্ৰাজিত, বিজয়, চিত্ৰকেতু, বসুমান, দ্ৰাবিড়, আৰু ক্ৰাতু
হিন্দু পাঠ্য বিষ্ণু পুৰাণ, মহাভাৰত, হৰিবংশ, শ্ৰীমদ্ভাগৱত

জাম্বৱতী (সংস্কৃত: जाम्बवती) কালানুক্ৰমিকভাৱে হিন্দু দেৱতা কৃষ্ণৰ দ্বিতীয় অষ্টভাৰ্যাভালুক-ৰজা জাম্বৱন্তৰ একমাত্ৰ কন্যা।[1] চুৰি হোৱা স্যামন্তকৰ মণিটো উদ্ধাৰৰ বাবে কৃষ্ণই তেওঁৰ পিতৃ জাম্বৱন্তক পৰাস্ত কৰি জাম্বৱতীক বিয়া কৰায়।[2]

নামকৰণ

জাম্বৱতী এটা পিতৃপ্ৰদত্ত নাম৷ নামটোৰ অৰ্থ হৈছে জাম্বৱন্তৰ কন্যা। ভাগৱত পুৰাণৰ ধাৰাভাষ্যকাৰ শ্ৰীধৰে তেওঁক কৃষ্ণৰ পত্নী ৰোহিনীৰ সৈতে চিনাক্ত কৰিছে। কিন্তু আন এজন ধাৰাভাষ্যকাৰ ৰত্নগৰ্ভ এই কথাত একমত নহয়।[3] হৰিবংশত ৰোহিনী জাম্বৱতীৰ বিকল্প নাম হ'ব পাৰে বুলিও কোৱা হৈছে। জাম্বৱতীক নৰেন্দ্ৰপুত্ৰ আৰু কপিন্দ্ৰপুত্ৰ উপনামও দিয়া হয়।[4]

জাম্বৱতীৰ বিয়াৰ এক কলাত্মক চিত্ৰণ, য’ত তেওঁক মানুহ-ভালুক হিচাপে দেখুওৱা হৈছে।

কিংবদন্তী

মহাভাৰত মহাকাব্যত জাম্বৱন্তক জাম্বৱতীৰ পিতৃ হিচাপে পৰিচয় কৰাই দিয়া হৈছে।[4] ভাগৱত পুৰাণ আৰু হৰিবংশত তেওঁক ভালুকৰ ৰজা বুলি কোৱা হৈছে।[4][5]

জাম্বৱতী হৈছে লক্ষ্মী দেৱীৰ অৱতাৰ৷ ইয়াৰ লগতে তেওঁ কৃষ্ণৰ কনিষ্ঠ পত্নীসকলৰ এগৰাকী।[6]

কৃষ্ণৰ সৈতে বিবাহ

বিষ্ণু পুৰাণ আৰু ভাগৱত পুৰাণত উল্লেখ থকা বহুমূলীয়া মণি শ্যামন্তকৰ কাহিনীৰ সৈতে জাম্বৱতী আৰু সত্যভামা বিবাহৰ ওতপ্ৰোত সম্পৰ্ক আছে। এই বহুমূলীয়া মণিটো প্ৰথমে সূৰ্য দেৱতাৰ আছিল। সূৰ্যই সন্তুষ্ট হৈ নিজৰ ভক্ত সত্ৰজিতক এই ৰত্নটি দিছিল৷ সত্ৰজিত যেতিয়া মণিটো লৈ ৰাজধানী চহৰ দ্বাৰকালৈ উভতি আহিছিল, তেতিয়া তেওঁক মানুহে সূৰ্য বুলি ভুল কৰিছিল। কৃষ্ণই জিলিকি থকা মণিটো দেখি অভিভূত হৈ মথুৰাৰ ৰজা আৰু কৃষ্ণৰ দাদা উগ্ৰসেনক সেই মণিটো উপহাৰ দিবলৈ কৈছিল৷ কিন্তু সত্ৰজিতে সেই কথা মানি নল'লে।[2]

পৰৱৰ্তী সময়ত সত্ৰজিতে মণিটো তেওঁৰ উপদেষ্টা-ভ্ৰাতৃ প্ৰসেনাক উপহাৰ দিয়ে৷ প্ৰসেনাই সঘনাই মণিটো পিন্ধি আছিল৷ এদিন হাবিত চিকাৰ কৰি থকা অৱস্থাত এটা সিংহই তেওঁৰ ওপৰত আক্ৰমণ কৰে। তীব্ৰ যুদ্ধৰ অন্তত প্ৰসেনাক বধ কৰা হয় আৰু সিংহটোৱে মণিটো লৈ পলাই যায়। সিংহটো গৈ জাম্বৱন্ত থকা পাহাৰীয়া গুহাত প্ৰৱেশ কৰে৷ সিংহটোৰো মৃত্যু হয় আৰু জাম্বৱন্তই মণিটো তেওঁৰ সৰু পুত্ৰক চমজাই দি খেলিবলৈ দিয়ে।

ইপিনে দ্বাৰকাত উৰাবাতৰি ওলাল যে শ্যামন্তক মণিটোৰ ওপৰত চকু থকা কৃষ্ণই প্ৰসেনক হত্যা কৰি মণিটো চুৰি কৰি লৈ গৈছে। এই ভুৱা অভিযোগত অভিযুক্ত কৃষ্ণই আন যাদৱৰ সৈতে প্ৰসেনাৰ সন্ধানত ওলাই আহিছিল৷ উদ্দেশ্য নিজৰ নিৰ্দোষিতা প্ৰতিষ্ঠা কৰা। প্ৰসেনাৰ পথ অনুসৰণ কৰি তেওঁ প্ৰসেনাৰ মৃতদেহ আৱিষ্কাৰ কৰিলে। তাৰ পিছত তেওঁ সিংহৰ খোজ অনুসৰণ কৰি গুহাটোত উপস্থিত হ’ল, য’ত মৃত সিংহটো পৰি আছিল। কৃষ্ণই সতীৰ্থ যাদৱসকলক বাহিৰত ৰৈ থাকিবলৈ ক’লে, আনহাতে তেওঁ অকলে গুহাত প্ৰৱেশ কৰিলে। ভিতৰত তেওঁ দেখিলে এটা সৰু শিশুৱে সেই অমূল্য মণিটোৰ সৈতে খেলি আছে। কৃষ্ণই জাম্বৱন্তৰ পুত্ৰৰ কাষ চাপি অহাৰ লগে লগে শিশুটিৰ আইতাকে হুৰাওৰাৱে কান্দিলে আৰু জাম্বৱন্তকো সতৰ্ক কৰি দিলে। ইয়াৰ পিছত কৃষ্ণ আৰু জাম্বৱন্ত দুয়োজনে ২৭–২৮ দিন (ভাগৱত পুৰাণৰ মতে) বা ২১ দিন (বিষ্ণু পুৰাণৰ মতে) তীব্ৰতৰ যুদ্ধত লিপ্ত হয়। জাম্বৱন্ত ক্ৰমান্বয়ে ভাগৰুৱা হৈ আহে৷ তেওঁ উপলব্ধি কৰিলে যে কৃষ্ণ আন কোনো নহয়, ত্ৰেতাযুগৰ তেওঁৰ উপকাৰী ৰামহে। প্ৰাণ ৰক্ষা কৰা কৃষ্ণৰ প্ৰতি কৃতজ্ঞতা আৰু ভক্তিত জাম্বৱন্তই যুদ্ধ ত্যাগ কৰি সেই মণিটো কৃষ্ণক ঘূৰাই দিলে। জাম্বৱন্তই শ্যামন্তক মণিৰ লগতে কৃষ্ণৰ লগত কন্যা জাম্বৱতীক বিয়া দিবলৈ আগবঢ়ালে। কৃষ্ণই সেই প্ৰস্তাৱ গ্ৰহণ কৰি জাম্বৱতীক বিয়া কৰালে। তাৰ পিছত তেওঁলোক দ্বাৰকলৈ গুচি যায়।[2][7][8]

ইফালে কৃষ্ণৰ লগত গুহালৈ যোৱা যাদৱসকলে কৃষ্ণক মৃত বুলি ধৰি ৰাজ্যলৈ উভতি আহিছিল। ৰাজপৰিয়ালৰ প্ৰতিজন সদস্যই তেওঁৰ মৃত্যুত শোক কৰিবলৈ গোট খাইছিল। দ্বাৰকালৈ উভতি অহাৰ পিছত কৃষ্ণই মণি উদ্ধাৰ আৰু জাম্বৱতীৰ সৈতে তেওঁৰ বিবাহৰ কাহিনী বৰ্ণনা কৰে। তাৰ পিছত তেওঁ উগ্ৰসেনাৰ সান্নিধ্যত সত্ৰজিতক সেই মণিটো ঘূৰাই দিলে। সত্ৰজিতে তাক গ্ৰহণ কৰি লজ্জাবোধ কৰিলে৷ তেওঁ নিজৰ লোভ উপলব্ধি কৰিছিল। সত্ৰজিতে কন্যা সত্যভামাক কৃষ্ণৰ সৈতে বিবাহপাশত আবদ্ধ কৰোৱায় আৰু মণিটোও চমজাই দিয়ে৷ কৃষ্ণই সত্যভামাক বিয়া কৰাইছিল কিন্তু সেই ৰত্নটিক নাকচ কৰিছিল।[2][7]

তথ্যসূত্ৰ

  1. Books, Kausiki (2021-07-09) (en ভাষাত). Brahma Vaivartha Purana: 7 Sri Krishna Janana Khanda Part 4: English Translation only without Slokas: English Translation only without Slokas. Kausiki Books. https://books.google.com/books?id=zpg3EAAAQBAJ&dq=Lakshmi+jambavati&pg=PT262. 
  2. 2.0 2.1 2.2 2.3 "Chapter 56: The Syamantaka Jewel". Bhaktivedanta VedaBase: Śrīmad Bhāgavatam. Archived from the original on 28 September 2011. https://web.archive.org/web/20110928211736/http://srimadbhagavatam.com/sb/10/56/en। আহৰণ কৰা হৈছে: 27 February 2013. 
  3. Horace Hayman Wilson (1870). The Vishńu Puráńa: a system of Hindu mythology and tradition. Trübner. পৃষ্ঠা. 79–82, 107. https://archive.org/details/bub_gb_RO8oAAAAYAAJ. 
  4. 4.0 4.1 4.2 Edward Hopkins Washburn (1915). Epic mythology. Strassburg K.J. Trübner. পৃষ্ঠা. 13. ISBN 0-8426-0560-6. https://archive.org/stream/epicmythology00hopkuoft#page/n147/mode/2up/. 
  5. Srimad Bhagavatam Canto 10 Chapter 83 Verse 9 Archived 27 September 2013 at the Wayback Machine. Vedabase.net. Retrieved on 2013-05-02.
  6. Bhagavata Purana 10.83.10 Archived 28 September 2013 at the Wayback Machine. Vedabase.net. Retrieved on 2013-05-02.
  7. 7.0 7.1 "Draupadi Meets the Queens of Krishna". Krishnabook.com. http://krsnabook.com/ch83.html। আহৰণ কৰা হৈছে: 3 February 2013. 
  8. Vishnu Purana. Sacred-texts.com. Retrieved on 2013-05-02.

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia